নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ কটহগুৰিত আনন্দৰ বন্যা! অসম আৰক্ষীৰ কনিষ্টবল আৰু আছাম ৰাইফলছত ১৩জনকৈ যুৱক-যুৱতীৰ নিযুক্তি লাভ

নিয়মীয়া বাৰ্তা, ১২ মেঃ “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আচলতে ভগৱান সদৃশ বুলি ক’ব লাগিব। কাৰণ তেওঁ মোৰ দৰে এজন কৃষকে ভাবিব নোৱাৰা কামক সম্ভৱ কৰি তুলিছে। তেওঁ যদি সৎ, নিকা আৰু স্বচ্ছ ভাৱে পুলিচৰ পৰীক্ষা নাপাতিলেহেতেন তেন্তে মোৰ দৰে কৃষকৰ পুত্ৰই আৰক্ষী বিভাগত চাকৰি লাভ নকৰিলেহেতেন।”—এনেদৰে মন্তব্য কৰিছে কালি ঘোষিত অসম আৰক্ষী বিভাগৰ কনিষ্টবল পদৰ নিযুক্তি তালিকাত স্থান লাভকৰা দুজন যুৱকৰ পিতৃ সম্ভুৰাম ডেকাই। উল্লেখ্য যে, কালি ঘোষিত অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফলত ৰহা আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰি গাঁৱৰ কৃষক সম্ভুৰাম ডেকাৰ দুই পুত্ৰ ক্ৰমে তাপসজ্যোতি ডেকা আৰু অমৰজ্যোতি ডেকাই কনিষ্টবলৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ কৃষি কৰ্মৰে পত্নী সহ তিনি পুত্ৰ সন্তানক পঢ়াই লালন পালন কৰাৰ অন্তত জেষ্ঠ পুত্ৰই (স্নাতক উত্তীৰ্ণ) আৰু দ্বিতীয় পুত্ৰই স্নাতক চতুৰ্থ ষান্মানাষিকত  অধ্যয়ন কৰি আছিল। বিগত ২০১৮ চনৰ পৰাই অতি কঠোৰ অনুশীলনৰ ফলত একেলগে দুই পুত্ৰই এনেদৰে অসম আৰক্ষীত নিযুক্তি লাভ কৰাত অতিকৈ আনন্দ অনুভৱ হোৱা বুলি বক্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাই। তদুপৰি একেখন গাঁৱৰে কৃষক জিম্বু গাঁওখোৱাৰ দুইপুত্ৰ ক্ৰমে জিতুমনি গাঁওখোৱা আৰু বিকাশ গাঁওখোৱাই  লাভ কৰিছে নিযুক্তিপত্ৰ। দুই পুত্ৰৰ এনে নিযুক্তিত সন্তোষ প্ৰকাশ কৰি কৃষক জিম্বু গাঁওখোৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই। ইয়াৰ লগতে গাঁওখনৰ বিকাশ কোঁৱৰ, সুৰুয হোকাই, চিন্ময় গাঁওখোৱা, দীপজ্যোতি বৰদলৈ বিনয় গাঁওখোৱা, অবিনাশ গাঁওখোৱা আৰু  সনিন্দা দেউৰীয়ে কনিষ্টবল পদত নিযুক্তি লাভ কৰা লগতে দিব্যজ্যোতি গাঁওখোৱা আৰু চয়নিকা ডেকাই আচাম ৰাইফলচত নিযুক্তি লাভ কৰিছে। গাঁওখনৰ তেৰজনকৈ যুৱক-যুৱতীৰ এনে সাফল্যৰ বাবে সমগ্ৰ গাঁওখনতে এক ঊছবমুখৰ পৰিবেশ সৃষ্টি হৈছে।যুৱক-যুৱতী সকলৰ এনে সফলতাৰ বাবে কটহগুৰি উদয়গিৰি যুৱক সংঘই আজি সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপলক্ষে কটহগুৰি পঞ্চাৰাম ডেকা ৰাজহুৱা খেলপথাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিত উদয়গিৰি যুৱক সংঘৰ হৈ সভাপতি ৰিকুচন কোঁৱৰ, সম্পাদক অনন্ত কোঁৱৰ আৰু সদস্য বৃন্দই একোখনকৈ ফুলাম বিহুৱানেৰে সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিক ভৱজ্যোতি ডেকাই আঁতধৰা অনুষ্ঠানটিত সৰা ৰজা গমন ৰজা, অৱসৰী শিক্ষক চিতেশ্বৰ ডেকা আৰু নিতেন ডেকাই ভাষণ প্ৰদান কৰি সকলোকে উৎসাহিত কৰে। অন্যহাতে সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিযুক্ত যুৱক-যুৱতী সকলে নিজৰ মতামত ব্যক্ত কৰি স্বচ্ছ আৰু নিকা ভাৱে সম্পূৰ্ণ হোৱা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like