নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো ধানৰ খেতি উৎপাদনেৰে উজনিত কৃষি বিপ্লৱৰ সূচনা জীৱন গগৈৰ 

ডিব্ৰুগড়ৰ খোৱাং বেতনি গাঁৱৰ জীৱন গগৈয়ে সোণগুটি চপোৱাত ব্যস্ত। মুঠ ৬০বিঘা মাটিত খোৱাং কলৌলোৱা দেউৰী গাঁৱত বড়ো ধান খেতিৰ উৎপাদন

বিশেষ বাৰ্তা, ১৭ জুনঃ বড়ো ধানৰ খেতি উৎপাদনেৰে উজনিত কৃষি বিপ্লৱৰ সূচনা জীৱন গগৈৰ।ডিব্ৰুগড়ৰ খোৱাং বেতনি গাঁৱৰ জীৱন গগৈয়ে এতিয়া সোণগুটি চপোৱাত ব্যস্ত।চনপৰা খেতি পথাৰত  নতুন আশাৰ সঞ্চাৰে বড়োধানৰ খেতিৰে সেউজ বিপ্লৱৰ ধাৰা বহন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ খোৱাং বেতনি গাঁৱৰ আদৰ্শ কৃষক জীৱন গগৈ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ খোৱাং কলৌলোৱা দেউৰী গাঁৱত খোৱাং বেতনি গাৱঁৰ নিৰ্বাসী জীৱন গগৈ নামৰ কৃষক গৰাকীয়ে ডিব্ৰুগড় কৃষি বিভাগ আৰু যোৰহাট কৃষি বিজ্ঞান বিভাগৰপৰা বড়ো ধানৰ বীজ সংগ্রহ কৰি প্ৰথমবাৰৰ বাবে এই বড়ো খেতি কৰি উজনীৰ কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু কৃষকৰ বাবে অনুপ্ৰেৰণাৰ উৎস ৰূপে পৰিগণিত হৈছে।

এতিয়াৰ পৰা পথাৰবোৰত বছৰত মাত্ৰ এবাৰ খেতি কৰি এনেই উদং কৰি ছমাহ পেলাই থ’ব নালাগে, তাৰেই উৎকৃষ্ট দৃষ্টান্ত ডাঙি আদৰ্শ কৃষক হিচাপে আত্ম পৰিচয়ৰে প্ৰতিফলিত কৰিছে খোৱাং বেতনি গাঁৱৰ জীৱন গগৈয়ে।

বছৰত দুবাৰ অৰ্থাৎ জেঠ মাহত বড়ো ধান আৰু আঘোনত শালি-লাহি, বৰা, জহা আদি ধানেৰে দুবাৰকৈ ধান খেতি চপাই আমাৰ কৃষকসকল উপকৃত হ’ব পৰাৰ এক সুন্দৰ চানেকিৰে, কৌশল তথা পদ্ধতি দেখুৱালে কলৌলোৱা দেউৰী গাঁৱত বড়ো ধানৰ খেতি কৰি  কৃষক জীৱন গগৈয়ে।

এনেধৰণৰ ৰ্কমই কৃষিক্ষেত্ৰলৈ আশাৰ প্ৰতিফলন ঘটাইছে।খোৱাং কলৌলোৱা দেউৰী গাঁৱত ষাঠি বিঘা মাটিত কৰা বড়ো ধানৰ খেতিয়ে চমকপ্ৰদ  ভাৱে উৎপাদন পাবলৈ সক্ষম হৈছে । উক্ত খেতি পথাৰত  জেঠমহীয়া প্ৰচণ্ড ৰ’দ পিঠিত লৈয়ো প্ৰতিদিনে ২০গৰাকী দাৱনীয়ে ৬০ বিঘা মাটিত ধান দোৱাত ব্যস্ত হৈ পৰিছে।

ইফালে বৰ্তমান জেঠ মাহত আপোন পথাৰখন সেউজীয়া কৰিবলৈ কঠীয়া সিঁচা , মাটি চহোৱা আদি কামত  অসমৰ প্ৰতিজন কৃষকে ইতিমধ্যে খেতি পথাৰত নামি পৰিছে।কোনোৱেই যদি পুৱা গৰু হালখন লৈ পথাৰলৈ গৈছে, আন একাংশ কৃষকে ট্ৰেক্টৰ নতুবা পাৱাৰ টিলাৰ লৈ পথাৰত মাটি চহোৱাত ব্যস্তহৈ থকা পৰিলক্ষিত হৈছে।

গতিকে  তেনে সময়ত ডিব্ৰুগড়ৰ খোৱাং  কলৌলোৱা পথাৰত প্ৰথমবাৰলৈ জেঠৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত খোৱাং বেতনি গাঁৱৰ আদৰ্শ খেতিয়ক জীৱন গগৈয়ে বড়ো ধানৰ খেতি দাবলৈ লগোৱা দাৱনীয়ে খেতি পথাৰ সৌন্দৰ্য বৰ্ধনেৰে নতুন আশাৰ সঞ্চাৰ কৰিছে। সোণালী হৈ জিলিকিছে জেঠমহীয়া বড়ো ধানৰ পথাৰ।

খোৱাং বেতনি গাঁৱৰ জীৱন গগৈৰ খেতিয়কৰ দৰে সকলোৱে বড়ো ধানৰ খেতি কৰা পথ গ্ৰহণ কৰি সেই আদৰ্শৰে নিজকে অনুপ্ৰাণিত কৰি কৃষি ক্ষেত্ৰত মনোনিবেশ কৰে তেন্তে নিশ্চয় বিনামূলীয়া চাউলৰ বাবে আশাপালি কোনো আৰু থাকিব নালাগিব। এইক্ষেত্ৰত সচেতন তথা বিজ্ঞসকলে জনাইছে যে, যোৱা আশীৰ দশকলৈকে আহু গুণী ধানৰ খেতি অৰ্থাৎ জেঠমাহত চপোৱা কাৰ্য অসমৰ প্ৰায়বোৰ ঠাইতে কৰা হৈছিল।কালক্ৰমত  আধুনিকতাই গ্ৰাসকৰা সমাজত এই খেতি বাদ পৰিল।

পুনৰাই এই খেতি শুভ লক্ষণ। উৎপাদন বৃদ্ধি পালে মানুহৰ আৰ্থিক স্বচ্ছলতা আহিব বুলি মন্তব্য কৰিছে। উল্লেখ্য যে, ডিব্ৰুগড়ৰ কলৌলোৱা দেউৰী গাওঁখন এখন আদৰ্শ গাওঁ। সহজ-সৰল আৰু শিক্ষিত লোকসকল আগৰেপৰাই খুব কৰ্মী বুলি পৰিচিত। খোৱাং বেতনি গাঁৱৰ জীৱন গগৈয়ে বড়ো ধানৰ খেতি উৎপাদনেৰে অসমৰ কৃষি খণ্ডলৈ এক অনন্য ৰূপত অৰিহণা যোগাইছে বুলি ভবাৰ থল আছে।

খোৱাং বেতনি  কলৌলোৱা গাঁৱৰ আদৰ্শ খেতিয়ক গৰাকীয়ে কৰা মুঠ ষাঠি বিঘা মাটিৰ বড়ো ধানৰ খেতিৰ তদাৰক আৰু তত্বাবধানৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলাৰ কৃষি বিষয়া অনুপ কুমাৰ পেগু,  খোৱাং কৃষি চক্ৰ ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ বৰা, তথা কৃষি পৰিদৰ্শক দিলিপ দাসে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত খোৱাং বেতনি কলৌলোৱা  গাঁৱৰ আদৰ্শ কৃষক জীৱন গগৈয়ে মুঠ ৬০বিঘা মাটিত খোৱাং কলৌলোৱা দেউৰী গাঁৱত কৰা বড়ো ধানৰ খেতিৰ উৎপাদন আৰু কৃষি কাৰ্যত হোৱা আত্মপ্ৰকাশে প্ৰতি গৰাকী কৃষকৰ বাবে এতিয়া অনুপ্ৰেৰণা আৰু আদৰ্শ হিচাপে পৰিগণিত হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like