নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝুমইৰ বিনন্দিনী : সমৃদ্ধিশালী সমাজ নির্মাণৰ ঐতিহাসিক পদক্ষেপ

পল্লৱলোচন দাস

সৰুসজাই ষ্টেডিয়ামত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৌৰৱময় উপস্থিতিত, ভিন্ন ৰাষ্ট্রৰ প্রতিনিধিবর্গ আৰু হাজাৰ হাজাৰ দর্শকৰ সন্মুুখত আঠ সহস্রাধিক প্রতিভাশালী যুৱক–যুৱতীয়ে এক নতুন উদ্যম আৰু প্রবল আত্মবিশ্বাসেৰে বিশ্বৰ সর্ববৃহৎ ঝুমইৰ নৃত্য প্রদর্শন কৰা প্রত্যক্ষ কৰিলোঁ৷ এই নৃত্যানুষ্ঠানে যেন বহু আৱেগিক বার্তা প্রেৰণ কৰিলে৷ এয়া বিশ্ব জয়ৰ নৃত্য আছিল নে হীনমন্যতাৰ পৰা আত্মবিশ্বাসলৈ ৰূপান্তৰৰ নৃত্য আছিল।

ব্রিটিছৰ ঔপনিৱেশিক শাসনৰ মাজত জীৱন সংগ্রাম কৰা চাহ জনগোষ্ঠী/আদিবাসী সমাজখনৰ বাবে ঝুমইৰে এক বিশেষ মর্যাদা লাভ কৰি আহিছে৷ শ্রমজীৱী চাহ জনগোষ্ঠী/আদিবাসী সমাজখনে ঝুমইৰৰ মাধ্যমেৰে নিজৰ সংস্কৃতিক সংৰক্ষণ তথা জীৱনৰ সুখ–দুখ, হাঁহি–কান্দোনক প্রতিফলিত কৰি আহিছে৷ ঝুমইৰ এক কৃষিভিত্তিক লোকনৃত্য যদিও বিভিন্ন সামাজিক–সাংস্কৃতিক অনুষ্ঠান, আনন্দৰ মুহূর্তত আৰু কৰম পৰৱত মূলতঃ ঝুমইৰ পৰিৱেশন কৰা হয়৷ এটা সময়লৈকে চাহ বাগিচাৰ লাহন তথা গাঁওসমূহত এহ ঝুমইৰ সীমাবদ্ধ আছিল যদিও সমাজখনৰ একাংশ দূৰদর্শী লোকৰ প্রচেষ্টাত ঝুমইৰক চোতালৰ পৰা বৃহৎ পৰিসৰলৈ লৈ যোৱাৰ এক যাত্রা আৰম্ভ হয়৷ ক্রমাৎ মাদলৰ ধ্বনি আৰু ঝুমইৰ লোকনৃত্য বাগিচাৰ চানেকি ৰূপে সর্বত্র সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত ঝুমইৰৰ মাদকতাই এক সমন্বয়ৰ সেতুবন্ধন কৰিবলৈ সক্ষম হ’ল আৰু ঝুমইৰে অসমীয়া জাতীয় জীৱনৰ এক সাংস্কৃতিক উপাদান হিচাপে স্বীকৃতি লাভ কৰিলে৷

দীর্ঘদিনীয়া শোষণ–নিষ্পেষণ আৰু অৱহেলাৰ পৰিণতিত সমাজখনত এক হীনমন্যতাই বিৰাজ কৰাটো সর্বজনবিদিত৷ সমাজখনৰ প্রতিভাসমূহ উপযুক্ত মঞ্চ তথা সহযোগিতাৰ অভাৱত কলিতে মৰহি যোৱাটো যেন এক স্বাভাৱিক প্রক্রিয়া৷ সকলো প্রত্যাহ্বানক নেওচি তাৰে মাজত একাংশ ব্যক্তিয়ে একক প্রচেষ্টাৰে সমাজখনৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্রখনক আগবঢ়াই নিবলৈ আপ্রাণ চেষ্টা কৰি আহিছে৷

চাহ জনগোষ্ঠী/আদিবাসী লোকসকলে বিভিন্ন সময়ত ৰাজনৈতিক দলসমূহক গণতান্ত্রিক মাধ্যমেৰে সমর্থন জনাই চৰকাৰ গঠন তথা পৰিচালনা কৰাত সদায়েই সহযোগিতা আগবঢ়াই আহিছে যদিও সমাজখনে আশা কৰা ধৰণে ৰাজনৈতিক সদিচ্ছা আৰু চৰকাৰী পৃষ্ঠপোষকতা লভিবলৈ সক্ষম নহ’ল৷ যাৰ পৰিণতিত সমাজখন অর্থনৈতিক, শৈক্ষিক, সামাজিক তথা সাংস্কৃতিকভাৱে অনগ্রসৰ হৈ থাকিবলৈ বাধ্য হৈ ৰ’ল৷ ২০১৪ চনত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানক সঁহাৰি জনাই, তেখেতক বিশ্বাসত লৈ চাহ জনগোষ্ঠীয় সমাজখনে পুৰণি ৰাজনৈতিক সমর্থন পৰিৱর্তন কৰি সাংগঠনিক ভেটি শক্তিশালী নথকা সত্ত্বেও ভাৰতীয় জনতা পার্টীক সমর্থন আগবঢ়াই নৰেন্দ্র মোদীৰ প্রতি থকা আস্থা আৰু বিশ্বাসৰ বহিঃপ্রকাশ কৰিছিল৷ সেই সময়ত সমাজখনলৈ কেনে পৰিৱর্তন আহিব তাৰ কোনো ধাৰণা নাছিল৷ সকলো পুৰণি ধাৰণা পৰিৱর্তন ঘটাই নৰেন্দ্র মোদীয়ে গ্রহণ কৰিছিল কিছু বাস্তৱসন্মত পদক্ষেপ, যিসমূহে চাহ শ্রমিক তথা আদিবাসী সমাজখনৰ জীৱনক স্পর্শ কৰিবলৈ সক্ষম হ’ল৷ চৰকাৰী পৃষ্ঠপোষকতা অনুভৱ নকৰা সমাজখনত চৰকাৰৰ আঁচনিৰ সফল ৰূপায়ণে এক নতুন আশাৰ সঞ্চাৰ কৰিলে৷ মোদীৰ দূৰদর্শী নেতৃত্বৰ পদাংক অনুসৰণ কৰি মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমাজখনৰ সামগ্রিক বিকাশৰ ধাৰাক আগবঢ়াই লৈ যাবলৈ আপ্রাণ চেষ্টা কৰাটো সমাজখনে পোনপ্রথমবাৰৰ বাবে প্রত্যক্ষ কৰিলে৷

ড০ হিমন্ত বিশ্ব শর্মাৰ আন্তৰিকতাৰ উৎকৃষ্ট নিদর্শন আছিল তাৰাজুলি চাহ বাগিচা, নাহৰণি চাহ বাগিচা, ফুলবাৰী চাহ বাগিচাত কর্মৰত মহিলা শ্রমিকসকলৰ কর্মস্থলীত উপস্থিত হৈ মাটিত বহি তেখেতসকলৰ লগত আন্তৰিক বার্তালাপ৷ সমাজখনৰ দুখ–দুর্দশা আৰু বেদনাসমূহ হৃদয়ংগম কৰাৰ তেখেতৰ যি প্রয়াস, সমাজখনে আগতে কোনো এগৰাকী শক্তিশালী ৰাজনৈতিক নেতাৰ পৰা অনুভৱ কৰা নাছিল৷ পৰৱর্তী সময়ত তেখেতৰ নেতৃত্বত গ্রহণ কৰা আঁচনিসমূহে সমাজখনৰ প্রতি থকা তেখেতৰ অকুণ্ঠ মৰম আৰু দায়বদ্ধতাক প্রতিফলিত কৰিলে৷ চৰকাৰী পদক্ষেপ তথা আঁচনিসমূহৰ সফল ৰূপায়ণে চাহ জনগোষ্ঠী, আদিবাসী সমাজখনৰ বিভিন্ন আন্তঃগাঁথনিমূলক, শৈক্ষিক তথা আর্থিক উত্তৰণ সম্ভৱ কৰি তুলিছিল যদিও সমাজখনৰ মাজত থকা হীনমন্যতা, আত্মবিশ্বাসৰ অভাৱ আঁতৰি যোৱা নাছিল৷

২৪ ফেব্রুৱাৰী, ২০২৫, সৰুসজাই ষ্টেডিয়াম ড০ হিমন্ত বিশ্ব শর্মাৰ যুগান্তকাৰী আৰু ঐতিহাসিক আয়োজন ঝুমইৰ বিনন্দিনী৷ ষ্টেডিয়ামত প্রদর্শিত নৃত্যানুষ্ঠান প্রত্যক্ষ কৰি তাক হয়তো শব্দৰে বর্ণনা কৰিব নোৱাৰিম৷ সমাজ এখনৰ হীনমন্যতা, অনগ্রসৰতা আৰু দুর্বলতাক নিশ্চিহ্ণ কৰি নিখুঁত নৃত্যশৈলী, হৃদয়স্পন্দিত কৰা ঢোল–মাদলৰ গুঞ্জন আৰু দৃষ্টিনন্দন ঝুমইৰ নৃত্যই সমাজখনৰ সংস্কৃতি আৰু প্রতিভাক বিশ্ববাসীৰ সন্মুুখত সগৌৰৱেৰে যেন জিলিকাই তুলি ধৰিলে৷ এই বিহংগম ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ নৃত্যৰ প্রতি তালে তালে যেন সমাজখনৰ পৰিৱর্তনৰ এক প্রতিধ্বনি গুঞ্জৰিত হৈছিল৷ ষ্টেডিয়ামত উপস্থিত থকা প্রতিগৰাকী দর্শকৰ হাত চাপৰি আৰু উৎসাহবর্ধক সমর্থনে প্রতিগৰাকী শিল্পীৰ প্রতিভাক যেন স্বীকৃতি প্রদান কৰিছিল৷ নান্দনিক হৃদয়স্পর্শী নৃত্যই ভৱিষ্যৎ প্রজন্মক এখন সমৃদ্ধিশালী সমাজ নির্মাণৰ বাবে সংকল্প ল’বলৈ যেন প্রেৰণা যোগাইছিল৷

ঝুমইৰ বিনন্দিনী, ই কেৱল এক চৰকাৰী অনুষ্ঠান নহয়, সমাজ এখনৰ উত্তৰণৰ এক ঐতিহাসিক পদক্ষেপ৷ সমাজখনৰ আৱেগ–নুভূতিক হৃদয়ংগম কৰি হীনমন্যতাক আত্মবিশ্বাসলৈ ৰূপান্তৰ কৰাৰ মূল নায়কগৰাকী হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ চাহ শ্রমিকসকলৰ জীৱনক পৰিৱর্তনৰ লক্ষ্যৰে তেখেতে কৰা আন্তৰিক প্রয়াস সমাজখনৰ বাবে এক বৃহৎ আশীর্বাদ৷ চৰকাৰৰ পদক্ষেপসমূহৰ মাজত সকলোতকৈ মনোগ্রাহী আৰু আৱেগিক পদক্ষেপ হৈছে ঝুমইৰ বিনন্দিনী৷ ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী নেতৃত্বই সমাজখনৰ মানসিকতা পৰিৱর্তন কৰিবলৈ সক্ষম হৈছে৷

ঝুমইৰ বিনন্দিনী অনুষ্ঠানক সফল কৰিবলৈ ড০ হিমন্ত বিশ্ব শর্মাৰ যি প্রত্যক্ষ নিৰীক্ষণ তথা পৰিকল্পনা, সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ চৰকাৰৰ সকলো বিষয়া–কর্মচাৰীক সকলোকে জডিত কৰি সমাজখনত এক ইতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হ’ল৷ বিশেষকৈ জিলা আয়ুক্তসকলক চাহ বাগিচাসমূহলৈ প্রেৰণ কৰি চাহ বাগিচাৰ মাজৰ পৰা শিল্পীসকলক নির্বাচন কৰা তথা ঝুমইৰৰ মাধ্যমেৰে সমাজখনৰ লগত সংপৃক্ত কৰোৱাৰ পদক্ষেপ সমাজখনৰ প্রতি থকা আন্তৰিকতাৰ আন এক প্রতিফলন৷ সাধাৰণ চাহ শ্রমিক এগৰাকীয়ে চৰকাৰী বিষয়াৰ সন্মুুখত থিয় হ’ব নোৱাৰা পৰিস্থিতিৰ পৰিৱর্তন ঘটাই জিলা আয়ুক্তক ব্যক্তিগতভাৱে চাহ বাগিচাত ভ্রমণ কৰি সমাজখনৰ লগত ভাব বিনিময় কৰাটো নিশ্চয়কৈ এক সুদূৰপ্রসাৰী প্রভাৱ পেলাব পৰা পদক্ষেপ৷ জিলাসমূহত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ লগত প্রতিগৰাকী মন্ত্রী, সাংসদ, বিধায়ক তথা জনপ্রতিনিধিসকলক্ জডিত কৰোৱা আৰু চৰকাৰৰ প্রত্যক্ষ তত্ত্বাৱধানত অনুষ্ঠানটোৰ আয়োজনৰ প্রস্তুতি কৰাটো চৰকাৰ আন এক সদিচ্ছাৰ বহিঃপ্রকাশ৷

সদায়েহ অৱহেলিত অনুভৱ কৰা চাহ জনগোষ্ঠী/আদিবাসী সমাজখনৰ লোকসকলৰ বাবে চৰকাৰৰ এনে দৃষ্টিভংগীয়ে এক নতুন প্রাণৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷ সমাজখনৰ মাজত এক আত্মবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ এনে প্রয়াস আগৰ কোনো এখন চৰকাৰে কৰিবলৈ সক্ষম হোৱা নাছিল৷ ই কেৱল ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী নেতৃত্ব আৰু সমাজখনক কৰা অকুণ্ঠ মৰমৰ বাবে সম্ভৱ হৈছে৷ সৰুসজাই ষ্টেডিয়ামত পদার্পণ কৰা প্রতিগৰাকী শিল্পীৰ সৈতে আন্তৰিক বার্তালাপ আৰু নৃত্যশৈলীৰ পৰা অনুষ্ঠানটো সফল কৰি তুলিবলৈ তেখেতৰ যি মার্গদর্শন সেই অনুষ্ঠানটো অবিস্মৰণীয় আৰু শ্রেষ্ঠতা প্রদর্শনৰ এক ঐতিহাসিক মুহূর্তলৈ ৰূপান্তৰিত কৰিলে৷ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত প্রতিগৰাকী শিল্পী, কলা–কুশলীসকলৰ লগত তেখেতৰ যি সামঞ্জস্যতা, কাৰিকৰী বিশ্লেষণ আৰু মনোগ্রাহী কৰি তুলিব পৰা পৰামর্শই অসমৰ ইতিহাসত আন এক স্মৰণীয় মুহূর্তৰ সৃষ্টি কৰিলে৷

ৰাজনৈতিক সদিচ্ছাই কেনেকৈ সমাজ এখনৰ পৰিৱর্তন ঘটাই আত্মবিশ্বাসৰ মাধ্যমেৰে নতুন এখন সমাজ গঢ়াৰ প্রয়াস কৰিব পাৰি, তাক প্রমাণিত কৰিলে৷ ঝুমইৰ বিনন্দিনী অনুষ্ঠানে চাহ জনগোষ্ঠী/আদিবাসী সমাজখনৰ ৰূপান্তৰৰ এক নতুন দুৱাৰ মুকলি কৰিলে৷

দুশ বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত হাডভঙা পৰিশ্রমেৰে চাহক বিশ্ব পর্যায়ত স্বীকৃতি দিয়া তথা অসমৰ অর্থনীতিত বিশেষ বৰঙণি আগবঢ়োৱা চাহ জনগোষ্ঠী/আদিবাসী সমাজখনৰ উত্তৰণ অসমৰ সমাজ জীৱনৰ বাবে অতি প্রয়োজন৷ চৰকাৰী পৃষ্ঠপোষকতা, ৰাজনৈতিক সদিচ্ছা আৰু সকলো বিদ্বৎ সমাজ, বুদ্ধিজীৱী তথা বিভিন্ন জাতি–জনগোষ্ঠীৰ মৰম, আন্তৰিকতাই এই পৰিশ্রমী জাতিটোক এক সমৃদ্ধিশালী জাতিলৈ ৰূপান্তৰ কৰক৷ নৰেন্দ্র মোদীৰ দৰে এগৰাকী যুগদ্রষ্টা প্রধানমন্ত্রী তথা ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে সমাজখনক আত্মিকভাৱে ভালপোৱা এগৰাকী মুখ্যমন্ত্রীৰ নেতৃত্বৰে সমাজখনে উত্তৰণৰ শিখৰত আৰোহণ কৰি অসমীয়া জাতিসত্তাক শক্তিশালী কৰক, তাৰেই কামনা কৰিলোঁ৷

ফোন : ৯৯৫৪০–০৩১৪১

You might also like