নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাইত আজি ‘ঝুমইৰ বিনন্দিনী’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব দৰবাৰত জনপ্রিয়কৰণৰ বাবে আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত সন্ধিয়া ৫.৩০ বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰি কয় যে যিসকল দর্শকে ইতিমধ্যে উক্ত অনুষ্ঠান চোৱাৰ বাবে প্রৱেশ–পত্র লৈছে তেওঁলোকে আজি বিয়লি ৩.৩০ বজাৰ ভিতৰত ষ্টেডিয়ামত প্রৱেশ কৰিব লাগিব৷ কাৰণ প্রধানমন্ত্রী অহাৰ পৰিপ্রেক্ষিতত নিৰাপত্তাৰক্ষীৰ তালাচী আদিৰ বাবে কিছু সময় লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদী ষ্টেডিয়ামত উপস্থিত হৈয়েই এখন বিশেষ বাহনেৰে ষ্টেডিয়ামখনৰ চাৰিওফালে ঘূৰি উক্ত অনুষ্ঠানত অংশগ্রহণ কৰা শিল্পীসকলক মাত দিয়াৰ লগতে দর্শককো অভিবাদন জনাব৷ তাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই ৫ মিনিটৰ এক চমু ভাষণ দিব৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ভাষণ দিব আৰু প্রধানমন্ত্রীৰ ভাষণ শেষ হোৱাৰ লগে লগে নৃত্য পৰিৱেশন কৰা হ’ব৷ ঝুমুৰ নৃত্য শেষ হোৱাৰ পাছত এক লেজাৰ শ্ব’ প্রদর্শন কৰা হ’ব৷ য’ত বিশেষ সাংস্কৃতিক থীম থাকিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আজিৰ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ ৰাষ্ট্রদূতেও অংশগ্রহণ কৰিব৷ ইয়াৰে ২২গৰাকী ৰাষ্ট্রদূত পৰিয়ালৰ সৈতে আহিব৷ ইতিমধ্যে তেওঁলোক  যোৰহাটত উপস্থিত হৈ ৰয়েল ডি কাছা আৰু বৰগছ ৰিজ’টত নিশাটো কটায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ৩৫০জন অতিথিয়ে উপভোগ কৰিব৷ সেইদৰে কাইলৈ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ৮০০খন চাহ বাগিচাত প্রদর্শনৰো ব্যৱস্থা কৰা হৈছে৷ টিভি, এলইডি, প্রজেক্টৰৰ জৰিয়তে এই অনুষ্ঠান সম্প্রচাৰ কৰা হ’ব৷ আনহাতে সামাজিক মাধ্যমত একাংশ লোকে ঝুমুৰ ঝাৰখণ্ডৰ বুলি কৈ অহাৰ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঝুমুৰ এশ শতাংশ অসমীয়া সংস্কৃতি৷ ঝুমুৰৰ লগত ভাৰতবর্ষৰ কোনো ৰাজ্যৰ নৃত্যৰ মিল নাই৷ ঝুমুৰ গীতত তেওঁলোকে ঝাৰখণ্ডত মাক–বাপেকক এৰি অহাৰ বেদনা প্রকাশিত হৈ আছে৷ সেয়ে ঝুমুৰ এশ শতাংশ অসমীয়া সংস্কৃতি৷ আজিৰ ‘ঝুমইৰ বিনন্দিনী’ কার্যসূচীলৈ সকলো বিধায়ককে আমন্ত্রণ কৰা হৈছে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

You might also like