নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত বিশ্বাভিলেখৰ বাবে ঝুমুইৰ নৃত্যৰ প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া চাহ বাগিচাসমূহত চলিছে ঝুমুইৰ নৃত্যৰ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰু সজাইত বিশ্বদৰৱাৰত অভিলেখ সৃষ্টি কৰিবলৈ আয়োজন কৰা ঝুমুইৰ নৃত্যৰ প্ৰশিক্ষণত ৰাজ্যৰ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ পৰা ২২৫গৰাকী যুৱক-যুৱতীয়ে ঝুমুইৰ নৃত্যত ভাগ ল’ব। সেয়েহে ভেৰগাঁও বিধানসভা সমষ্টিতো ২৮ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ প্ৰায় ২ শতাধিক যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছিল যদিও ৫৭ গৰাকীক বাছনি কৰে। ঢোল, মাদল, বাঁহীৰ সুৰেৰে মুখৰিত হৈ পৰে ডিমাকুছি চাহ বাগিচাৰ প্ৰশিক্ষন স্থলী। ভেৰগাঁৱৰ ডিমাকুছি চাহ বাগিচাত ৰাজ্যৰ চাহ জনগোষ্ঠীৰ ঝুমইৰ নৃত্যই বিশ্ব অভিলেখ গঢ়াৰ বাবে আয়োজন কৰা প্ৰশিক্ষণৰ অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, খৈৰাবাৰী সমষ্টিৰ এমচিএলএ ভৱেন বড়ো, ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দূৰ্গা কিংকৰ শৰ্মা, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌশ্ৰাং বড়োকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। প্ৰশিক্ষণস্থলীত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক সাদৰ-সম্ভ্ৰাষণ জনোৱাৰ উপৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মুঠতে এতিয়া অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত চাহ জনগোষ্ঠীৰ সোনসেৰীয়া ঝুমইৰ নৃত্যক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ৮০০০ নাচনী-ঢুলীয়াৰ নাচ প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্যৰ প্ৰান্তে- প্ৰান্তে দিনে-নিশাই প্ৰস্তুতি চলি আছে।

প্ৰেৰক পিংকু কলিতা

You might also like