নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বদৰবাৰলৈ ঝুমুৰ : ৮৮৮৮ শিল্পীৰ নৃত্যানুষ্ঠানেৰে ঝুমইৰ বিনন্দিনী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ বর্ণিল সংস্কৃতিৰে উদ্ভাসিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পস্থলী৷ অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ চাহ জনগোষ্ঠীৰ লোকসকলৰ স্বাভিমান ঝুমুৰ প্রতিষ্ঠিত হ’ল বিশ্ব দৰবাৰত৷ ৮ সহস্রাধিক চাহ বাগিচাৰ শিল্পীয়ে সৰুসজাই ক্রীড়া প্রকল্পৰ এথলেটিক ষ্টেডিয়ামত প্রদর্শন কৰা ঝুমুৰ উপভোগ কৰি আন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী৷ ঢ়োল, মাদল, ধামচা, বাঁহীৰ শব্দৰে গুৱাহাটী মহানগৰীৰ আকাশ–বতাহ মুখৰ হৈ পৰিল৷ ৰঙা পাৰীযুক্ত বগা ৰঙৰ শাড়ী আৰু পৰম্পৰাগত অলংকাৰ পৰিহিত নাচনীৰ নৃত্যত এথলেটিক ষ্টেডিয়ামৰ সেউজ ঘাঁহনিত বিনন্দীয়া পৰিৱেশৰ সূচনা হয়৷ মন্ত্রমুগ্ধ হৈ ৰয় ষ্টেডিয়ামৰ গেলেৰীৰ পৰা ঝুমুৰ উপভোগ কৰা সহস্রাধিক দর্শক৷ ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান বৃহৎ সফলতাৰে অনুষ্ঠিত হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত শিল্পীসকলে চাহ জনগোষ্ঠীৰ বিনন্দীয়া সংস্কৃতি ঝুমুৰ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে৷ বিগত প্রায় এমাহজোৰা প্রস্তুতিৰ অন্তত সফলতাৰে অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে জাতীয় জীৱনৰ স্পন্দন বিহুৰ পাছত লোকনৃত্য ঝুমুৰক বিশ্ব দৰবাৰত ৰাজ্য চৰকাৰে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে আজিৰ এই বিশেষ অনুষ্ঠানৰ বাবে যোৱা ২১ ফেব্রুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত চূড়ান্ত অনুশীলন আৰম্ভ হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা গুৱাহাটীলৈ অহা শিল্পীসকলে বিশেষজ্ঞ আৰু মাষ্টাৰ ট্রেইনাৰসকলৰ অধীনত ২১ ফেব্রুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত অনুশীলন আৰম্ভ কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই উপস্থিত হৈ এই চূড়ান্ত অনুশীলন নিৰীক্ষণ কৰে, যাতে এই অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়৷ নির্ধাৰিত কার্যসূচী অনুসৰি দুপৰীয়াৰ ভাগতে সৰুসজাই ক্রীড়া প্রকল্পত শিল্পীসকল সমৱেত হ’বলৈ আৰম্ভ কৰে৷ পৰম্পৰাগত ৰঙা পাৰীযুক্ত বগা ৰঙৰ শাড়ী আৰু সীতাপাটী, হাচলি, ঝুমকা, চন্দ্রহাৰ, পঁয়ৰী আদি অলংকাৰ পৰিধান কৰি মহিলা শিল্পীসকল ঝুমুৰ নৃত্যৰ বাবে সাজু হয়৷ সেইদৰে পুৰুষসকলে ধুতী আৰু পাঞ্জাবী কুর্তা তথা কামিজ পৰিধান কৰি ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ বাবে এথলেটিক ষ্টেডিয়ামত সমৱেত হয়৷ বিয়লিৰ ভাগৰ পৰাই তেওঁলোকে সৰুসজাই ক্রীড়া প্রকল্পৰ এথলেটিক ষ্টেডিয়ামত নৃত্য প্রদর্শনৰ বাবে নিজ নিজ স্থান গ্রহণ কৰে৷ সেই সময়তে প্রধানমন্ত্রীগৰাকী উপস্থিত হোৱাৰ পাছত কিদৰে নৃত্য আৰম্ভণি হ’ব সেই সন্দর্ভত মাষ্টাৰ ট্রেইনাৰসকলে কেইবাবাৰো নির্দেশনা প্রদান কৰে৷ ইয়াৰ মাজতে অনুষ্ঠান উপভোগৰ বাবে গুৱাহাটীৰ লগতে ভিন্ন প্রান্তৰ পৰা অহা দর্শকসকলে ষ্টেডিয়ামত প্রৱেশ কৰি গেলেৰীসমূহত আসন গ্রহণ কৰে৷ সকলোৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিলৈ অপেক্ষা কৰি ৰয়৷ সেইমর্মে বৰঝাৰ বিমানবন্দৰত বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পাছত প্রধানমন্ত্রীগৰাকীয়্ ৰোড শ্ব’ কৰি সন্ধিয়া প্রায় ৭ বজাত সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হয়৷ সৰুসজাই ক্রীড়া প্রকল্পৰ মূল প্রৱেশদ্বাৰৰ পৰা ষ্টেডিয়ামৰ মূল গেটলৈকে সমগ্র পথছোৱাত বিভিন্ন জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি প্রদর্শনেৰে প্রধানমন্ত্রীগৰাকীক্ আদৰি অনা হয়৷ ইয়াৰ পাছতে তেওঁ ষ্টেডিয়ামত প্রৱেশ কৰে আৰু এখন বিশেষ বাহনত উঠি ষ্টেডিয়ামৰ চৌপাশে পৰিভ্রমণ কৰে৷ বিশেষ বাহনখনেৰে পৰা এই ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁক সংগ দিয়ে৷ প্রধানমন্ত্রীগৰাকীয়্ হাত জোকাৰি গেলেৰীত উপস্থিত থকা দর্শকৰ লগতে ঝুমুৰ নৃত্যৰ শিল্পীসকলৰ অভিবাদন গ্রহণ কৰে৷ এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে ষ্টেডিয়ামৰ ফিল্ড বিশেষ বাহনেৰে পৰিভ্রমণ কৰি তেওঁ মূল মঞ্চত আসন গ্রহণ কৰে আৰু উপস্থিত সকলোকে সম্বোধন কৰে৷ তেওঁৰ ভাষণৰ পাছতে মূল অনুষ্ঠান অনুষ্ঠিত হয়৷ অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ পূর্তি উদ্যাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এই বিশেষ অনুষ্ঠানৰ অন্যতম আকর্ষণ ঝুমুৰ প্রদর্শনৰ লগে লগে দর্শকসকলৰ মাজত হর্ষোল্লাসৰ সৃষ্টি হয়৷ চকু জুৰ পেলোৱা, মন শাত পেলোৱা নৃত্যৰে শিল্পীসকলে প্রধানমন্ত্রী মোদী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে দর্শকসকলক মন্ত্রমুগ্ধ কৰি তোলে৷ শিল্পীসকলৰ এই আকর্ষণীয় ঝুমুৰ নৃত্যৰ অনুষ্ঠান দর্শকসকলে নিজৰ ম’বাইলৰ কেমেৰাৰে আবদ্ধ কৰি এই স্মৃতি যুগমীয়া কৰি ৰখাৰ চেষ্টা কৰাও পৰিলক্ষিত হয়৷ ঝুমুৰ নৃত্যৰ পাছতে এক আকর্ষণীয় লেজাৰ শ্ব’ আৰু আতচবাজীও প্রদর্শন কৰা হয়৷ উল্লেখ্য যে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ পৰম্পৰাগত তথা অন্যান্য সাংস্কৃতিক অভিব্যক্তিৰে সমুজ্জ্বল ঝুমুৰ নাচ অসমৰ স্পন্দনশীল তথা প্রাণচঞ্চল লোকনৃত্যসমূহৰ অন্যতম৷ ১৮২৩ চনত ৰবার্ট ব্রুচে অসমত চাহ গছৰ সন্ধান পোৱাৰ পাছতে ব্রিটিছসকলে অসমৰ জলবায়ু চাহ খেতিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি বর্তমানৰ ঝাৰখণ্ড, বিহাৰ, ওড়িশা, পশ্চিমবংগ, চত্তিশগড়, মধ্যপ্রদেশ, তেলেংগানা আদি ৰাজ্যৰ লোকসকলক অসমলৈ আনি চাহ বাগিচাসমূহত নিয়োগ কৰে৷ কালক্রমত তেওঁলোকে অসমত চাহ জনগোষ্ঠী বা আদিবাসী হিচাপে পৰিচিত হয়৷ ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ বাগিচাসমূহত এক স্বকীয় সামাজিক ব্যৱস্থা আৰু সংস্কৃতি গঢ়ি তোলা চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্রদায়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ লগতে ৰাজ্যৰ অর্থনীতি, সমাজ জীৱন, সংস্কৃতি আৰু ৰাজনীতিলৈ গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে৷ যুগৰ পৰিৱর্তন হোৱা সত্ত্বেও উপযুক্তভাৱে সংৰক্ষণ হৈ অহা ঝুমুৰ লোকনৃত্যই এক স্পন্দনশীল কলাৰ ৰূপ লৈছে৷ সাধাৰণতে ঝুমুৰ নৃত্য মুকলি স্থানত দলীয়ভাৱে অর্ধ–গোলাকাৰ অথবা ৰেখা আকৃতিত শাৰী পাতি পৰিৱেশন কৰা হয়৷ পুৰুষ আৰু মহিলা উভয়ৰে পৰম্পৰাগত সাজ–পোছাকে ঝুমুৰ নৃত্যক এক অনন্য মাত্রাও প্রদান কৰি আহিছে৷ আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰ, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী বিমল বড়া, ৰূপেশ গোৱালাৰ উপৰি ৬১খন ৰাষ্ট্রৰ ৰাষ্ট্রদূতসকলে অংশগ্রহণ কৰে৷ লক্ষণীয় যে বিশ্ব অভিলেখৰ বাবে বিশাল পৰিসৰত বিহু নৃত্য অনুষ্ঠিত কৰাৰ সময়তে ৰাজ্য চৰকাৰে ঝুমুৰ নৃত্যৰ ক্ষেত্রতো অনুৰূপ কার্যসূচী অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল৷ সেই মতে আৰম্ভ হৈছিল ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ প্রস্তুতি৷ ইয়াৰ অংশ হিচাপে বাগিচাই বাগিচাই শিল্পী বাছনিৰ লগতে মাষ্টাৰ ট্রেইনাৰসকলক বিশেষ প্রশিক্ষণ প্রদান কৰাও হৈছিল৷ মাষ্টাৰ ট্রেইনাৰসকলক গুৱাহাটীৰ শিল্পগ্রামত বিশেষ প্রশিক্ষণ প্রদান কৰাৰ পাছত তেওঁলোকক জিলাই জিলাই প্রেৰণ কৰা হয়৷ জিলাসমূহৰ শিল্পীসকলক মাষ্টাৰ ট্রেইনাৰসকলে পুনৰ মূল অনুষ্ঠানৰ প্রশিক্ষণ প্রদান কৰে৷ এই প্রশিক্ষণৰ অন্তত শিল্পীসকলক যোৱা ২০ ফেব্রুৱাৰীত গুৱাহাটীলৈ লৈ অহা হয়৷ ২১ ফেব্রুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত তেওঁলোকে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ চূড়ান্ত অনুশীলনত অংশ লয় আৰু আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত মূল অনুষ্ঠান পৰিৱেশন কৰি চাহ জনগোষ্ঠীৰ স্বাভিমান ঝুমুৰক আন এক অনন্য মাত্রা প্রদান কৰিলে৷ অনুষ্ঠানত ভাষণৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাহ জনগোষ্ঠীৰ অতি আদৰৰ ধামচা বজাই সকলোকে আপ্লুত কৰে৷

You might also like