নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ পথ-উপপথত জাইকাৰ মৰণফান্দ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগান, ঘৰে ঘৰে পাইপেৰে গেছ যোগানৰ নামত ঠিকাদাৰী প্রতিষ্ঠানে পথ–উপপথ খান্দি তহিলং কৰিছে৷ মহানগৰীৰ পথ–উপপথত নীতি–নির্দেশনা উলংঘাৰে ঠিকাদাৰী প্রতিষ্ঠানে খন্দা উন্মুক্ত গাঁতত পৰি বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ গণেশগুৰিত জাইকাই খন্দা উন্মুক্ত গাঁতত পৰি এগৰাকী ছাত্রীয়ে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে মুখ্যমন্ত্রীয়ে পথ–উপপথত থকা উন্মুক্ত গাঁতসমূহত বেৰি ৰাখিবলৈ নির্দেশনা জাৰি কৰিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে জিলা আয়ুক্তই এক নির্দেশযোগে ঠিকাদাৰী প্রতিষ্ঠান আৰু বিভাগীয় কর্তৃপক্ষক এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু চৰকাৰী নির্দেশনা উলংঘা কৰি এতিয়াও ঠিকাদাৰী প্রতিষ্ঠানসমূহে বিশুদ্ধ খোৱাপানী আৰু পানীৰ পাইপ বহুওৱাৰ নামত গাঁত খান্দি বেৰ নিদিয়াকৈ উন্মুক্ত কৰি ৰাখিছে৷ যাৰ ফলত শিলপুখুৰীৰ চন্দনগিৰি পথত খন্দা উন্মুক্ত গাঁতত পৰি হৃদজ্যোতি কলিতা নামৰ এগৰাকী ছাত্র গুৰুতৰভাৱে আহত হয়৷ গাঁতত পৰি ছাত্রজন আহত হোৱাৰ লগতে ছাত্রজনৰ স্মার্টফোন, কিতাপ পত্রকে ধৰি অন্যান্য সা–সামগ্রী নষ্ট হয়৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জাইকাই ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত চন্দনগিৰি পথত পাইপ পোতাৰ নামত পকীপথটো খান্দি পেলায়৷ বিগত ২০ দিন ধৰি উন্মুক্ত হৈয়ে আছে জাইকাই খন্দা গাঁত৷ ঠিকাদাৰ জগদীশ পাটিলে উন্মুক্ত গাঁতটোৰ চৌদিশে বেৰ নিদিয়াকৈ থোৱাৰ ফলত গাঁতটোত সোমাই ছাত্রজন আহত হয়৷ অৱশ্যে প্রত্যক্ষদর্শীৰ তৎপৰতাত ছাত্রজনৰ প্রাণৰক্ষা পৰে৷ পানীৰ পাইপ বহুওৱাৰ নামত ঠিকাদাৰ আৰু ঠিকাদাৰী প্রতিষ্ঠানে মহানগৰীৰ পথ–উপপথসমূহ খান্দি পেলোৱাত যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ ইয়াৰে এক অন্যতম উদাহৰণ হ’ল শিলপুখুৰীৰ চন্দনগিৰি পথ৷ ঠিকাদাৰী প্রতিষ্ঠানৰ চূড়ান্ত হেমাহি, গাফিলতি আৰু বিভাগীয় চৰকাৰী বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাত চন্দনগিৰি পথৰ দৰেই উন্মুক্ত হৈ আছে বহু পথ–উপপথত খন্দা গাঁত৷ পানীৰ পাইপ, গেছ পাইপ, বিদ্যুতৰ তাঁৰ পোতাৰ নামত মহানগৰীৰ বিভিন্ন পথ–উপপথত খন্দা গাঁত এতিয়া মৰণফান্দত পৰিণত হৈছে৷ মহানগৰীৰ পথ–উপপথত খন্দা গাঁতৰ বাবেই এতিয়া মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈ আহিছে৷ চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে খোৱাপানী যোগানৰ নামত পথ খান্দি তহিলং কৰাৰ পিছতো পথ মেৰামতিৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই ঠিকাদাৰী প্রতিষ্ঠানে৷ পথটো খন্দাৰ পাছত গাঁতৰ কাষত সাংকেতিক চিহ্ণ অৰাৰ লগতে গাঁতটোৰ চৌদিশে বেৰ দিয়াটো বাধ্যতামূলক৷ কিন্তু ঠিকাদাৰী প্রতিষ্ঠানে গাঁত খান্দি মাহৰ পিছত মাহ ধৰি উন্মুক্ত কৰি ৰখা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজে উন্মুক্ত গাঁতসমূহ পুতিবৰ বাবে চৰকাৰী বিষয়াক অৱগত কৰাৰ পিছতো এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ সেয়েহে উন্মুক্ত গাঁতে এতিয়া বিপদ মাতি আনিছে৷

You might also like