নিয়মীয়া বাৰ্তা, ৬ জুলাই : কামৰূপৰ বকো বিধানসভা সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতি নিৰ্বাৰক শাখাই ছহেজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিলে ছমৰীয়া ৰাজহ চক্ৰৰ ২ নং লাটৰ লাট মণ্ডল জীৱেশ কুমাৰ শৰ্মাক। প্ৰাপ্ত খবৰ অনুসৰি ২৬ জুনত ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলী পথালীপাৰা গাঁৱৰ মোজ্জাম্মিল হক নামৰ যুৱক এজনৰ মাটি নামজাৰি কৰাৰ বাবে দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল লাট মণ্ডল জীৱেশ কুমাৰ শৰ্মাই। ইয়াৰ পিছতে যুৱক মোজ্জাম্মিল হকে লাট মণ্ডল জীৱেশ শৰ্মাই উৎকোচ বিচৰা সম্পূৰ্ণ ৰেকৰ্ডিং কৰি দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে লাট মণ্ডলজনক উৎকোচ দিয়াৰ জাল পেলাই মোজ্জাম্মিল হকে বিশেষ অসুবিধা দেখুৱাই বৃহস্পতিবাৰে প্ৰথমে পাঁচ হাজাৰ টকা দিম বুলি কৈছিল। পৰৱৰ্তী সময়ত তেওঁ অমান্তি হোৱাত ছহাজাৰ টকা দিওঁতে দিনৰ ভাগত চক্ৰ বিষয়া কাৰ্যালয়ৰ এটা কোঠাৰ ভিতৰত হাতে-লোটে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। উল্লেখ্য যে লাট মণ্ডল জীৱেশ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে ছমৰীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলী দাসৰ সহযোগত ছমৰীয়াস্থিত তেওঁৰ ভাৰাঘৰত অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাট মণ্ডলজনক ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।
প্ৰেৰক প্ৰীতম বায়ন