নিয়মীয়া বাৰ্তা ২১ জুলাইঃধেমাজি জিলা জোনাই মহকুমাত মহামাৰীৰ কৰুণা ভাইৰাছ আৰু বানপানীৰ আতংকৰ মাজতে অব্যাহত বিদেশী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা৷ আজি ধেমাজি জিলা আৱকাৰী বিভাগ আৰু ধেমাজি আৰক্ষীৰ সহযোগত জোনাই মহকুমাত বিভিন্ন স্থানত এক যুটীয়া অভিযান চলায়। এই অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। আৱকাৰী দলটোৱে জোনাইৰ তেলাম, জামজিং, লাইমেকুৰী, বৈকুণ্ঠপুৰ, গালী , নেপালী বস্তি আদি বিভিন্ন ঠাইত অভিযান চলাই প্ৰায় ৭৫ কাৰ্টুন অবৈধ অৰুনাচলী বিলাতী সুৰা জব্দ কৰে৷ ধেমাজি জিলাৰ জোনাই মহকুমাত একাংশ কাণ্ডহীণতা লোকে অব্যাহত ৰাখিছে অৰুনাচলী বিদেশী সুৰাৰ ৰমৰমীয়া বেহা । ধেমাজি জিলা আৱকৰী অধিক্ষক সুখচন্দ্ৰ গোস্বামী , পৰিদৰ্শক দ্বিপজ্যোতি দিহিঙ্গীয়া, উপ পৰিদৰ্শন জনন্দ্ৰৰ গোস্বামী নেতৃত্বত জোনাইৰ কেবাটাইতো অবৈধ অৰুনাচলী বিদেশী সুৰাৰ বিক্ৰী কৰি থকাৰ খবৰ পায় ধেমাজি জিলা আৱকৰী আৰু ধেমাজিৰ পৰা অহা আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ অবৈধ অৰুনাচলী বিদেশী সুৰাৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও দলটোৱে এজনো অবৈধ সুৰা বিক্ৰেতাক আটক কৰিবলৈ সক্ষম নহল৷ জিলা আৱকাৰী অধীক্ষকজনে জোনাই মহকুমা অৰুনাচল সীমান্তৰ হোবা বাবে অতি সহজতে এনেদৰে চোৰাং বাবে অৰুনাচলী সুৰা বিক্ৰী দীৰ্ঘদিনৰ পৰা অব্যাহত আছে যাৰ ফলত চৰকাৰে বহু ৰাজহ হেৰুৱাব লগা হোবা বুলি জানিবলৈ দিয়াৰ লগতে অনাগত দিনবোৰত আৰু এনেদৰে অভিযান চলিব বুলি জানিবলৈ দিয়ে৷