কেজৰিৱালৰ প্ৰতি মোহভংগ : ৰঙিয়াত আপৰ ৮ নেতা-কৰ্মীৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা ৫ এপ্ৰিল : ৰঙিয়াৰ মিলনপুৰস্থিত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ মুখ্য কাৰ্যালয়ত আজি আপৰ কেবাগৰাকী নেতা-কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে। দলটোৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতা, জিলা সভাপতি সুবল পাল আৰু পাণ্ডুৰী জিলা পৰিষদৰ লিটন কলিতাৰ লগতে বহু কেইগৰাকী নেতাৰ উপস্থিতিত উক্ত যোগদান কার্যসূচী অনুষ্ঠিত হয়। আম আদমী পাৰ্টিৰ যুৱ নেতা অখিল ডেকাৰ লগতে মুঠ ১০গৰাকী নেতা-কৰ্মীয়ে আপ ত্যাগ কৰি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে। সভাপতি কলিতাই সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে অৰবিন্দ কেজৰিৱালৰ মিথ্যাচাৰিতাৰ বাবে আপৰ প্ৰতি মোহভংগ হৈ উন্নয়নৰ স্বাৰ্থত এইসকল নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিছে। বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰামহীন উন্নয়ন আৰু প্ৰগতিৰ প্ৰতি সমৰ্থন জনাই বিজেপিৰ আনুষ্ঠানিকভাৱে যোগদান কৰিছে বুলি কলিতাই দোহাৰে । উক্ত কৰ্মী সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই আগন্তুক দিনত তেওঁলোকে দল আৰু ৰাইজৰ হৈ সেৱাৰ মনোভাৱৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ।
প্ৰেৰক ফাৰুক হুছেইন