অসমত আপৰ শক্তি বৃদ্ধিৰ তৎপৰতা, ধমধমাত অৰ্ধ শতাধিকৰ আপত যোগ
বিশেষ বাৰ্তা, নলবাৰী,২৪ মাৰ্চ ঃ দেশৰ ৰাজধানী দিল্লীৰ পিছত পাঞ্জাবত কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী (আপ) য়ে চৰকাৰ গঠন কৰাৰ পিছত এতিয়া এই দলটোৰ সাংগঠনিক শিপাডাল দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰিবলৈ লৈছে। সম্প্ৰতি অসমত আম আদমী পাৰ্টীৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈছে আম আদমী পাৰ্টিৰ নেতা- কৰ্মীসকল। অসমত সংগোপনে চলাইছে দলীয় তৎপৰতা। বিজেপিৰ বিকল্প হিচাপে আম আদমী পাৰ্টীক প্ৰতিস্থিত কৰাৰ লক্ষ্যৰে অসমত চলিছে দলীয় পৰিকল্পনা। ইয়াৰেই অংশ হিচাপে নলবাৰীত আপত চলিছে যোগদান পৰ্ব। নলবাৰীত আম আদমী পাৰ্টীৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে নলবাৰীৰ ধমধমাত আম আদমী পাৰ্টীৰ সমূহীয়া যোগদান কাৰ্য্য চলিছে। উল্লেখযোগ্য যে এই যোগদান কাৰ্য্যসূচীত বৃহত্তৰ ধমধমা অঞ্চলৰ অৰ্ধ শতাধিক লোকে যোগদান কৰে। একেদৰে জাতীয় সংগঠনৰ এজন নেতায়ো শীঘ্ৰেই আপত যোগদান কৰিব বুলি নলবাৰীত চলিছে চৰ্চা। এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টীৰ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৰিনাৰায়ণ দত্ত বৰুৱা, আম আদমী পাৰ্টিৰ নলবাৰী জিলাৰ সমন্বয়ক আনচুল হককে ধৰি কেবা গৰাকী নেতা-কৰ্মী।