নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ চিমেন চাপৰিত নিৰ্লজ্জ কাণ্ডঃ বিবাহিত পুৰুষে কিশোৰীক ধৰ্ষণ কৰি পলায়ন

পাঁচ মহীয়া গৰ্ভৱতী কিশোৰীক লৈ পৰিয়ালে তৰিছে গোচৰ

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ এজন বিবাহিতা পুৰুষে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পাঁচ মহীয়া গৰ্ভৱতী অৱস্থাৰ পাছত পলায়ন কৰা ঘটনাই চিমেন চাপৰিত সবৰ্ত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছেজোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱত। চিমেন চাপৰি সন্দিকৈ মিলন গাঁৱৰ নিবাসী ফুলেশ্বৰ দুৱৰাই একে গাঁৱৰে খেলন বৰগোঁহাইৰ চৈধ্য বছৰীয়া কন্যা সন্তান তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰি ঘটনাটোক গাপ দি ৰাখিছিল। দিন বাগৰাৰ লগে লগে কিশোৰী গৰাকীৰ গাত বিভিন্ন লক্ষ্যনে দেখা দিয়াৰ লগতে বমি ভাৱ হবলৈ ধৰে।এনে পৰিস্থিতিৰ সময়তে পৰহি ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিওঁতে চিকিৎসকে কিশোৰী গৰাকীৰ অৱস্থাৰ বিষয়ে মাকক জনায় আৰু আন চিকিৎসালয়ত চিকিৎসা কৰিবলৈ কয়।

কালি চিলাপথাৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নি কিশোৰী গৰাকীৰ পাঁচ মহীয়া সন্তানটি প্ৰসৱ কৰোৱাব বিচাৰিছিলযদিও চিকিৎকে অমান্তি হয়। এই কাৰ্য্যত ধৰ্ষণকাৰী ফুলেশ্বৰ দুৱৰাই টকাৰ যোগান ধৰি আহিছিল ।কোনো চিকিৎকে গৰ্ভত থকা সন্তানৰ প্ৰসৱ কৰোৱাবলৈ অমান্তি হোৱাৰ পিছতহে পৰিয়ালৰ লোকে বিষয়টো গাঁৱৰ ৰাইজক অৱগত কৰে।ৰাইজে সমগ্ৰ ঘটনা উদ্ঘাটন কৰাৰ পিছত চিমেন চাপৰি আৰক্ষী থানাত ধৰ্ষণকাৰী বিৰুদ্ধে গোচৰ তৰে পৰিয়ালৰ লোকে । পহিলা আগষ্টৰ বিয়লি কিশোৰী ধৰ্ষণকাৰী ফুলেশ্বৰ দুৱৰাৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে ।
ইতিমধ্যে শিশু যৌন প্ৰতিৰোধী আইনৰ ৪৩/২০২০-৩৭৬(৩)আইপিচি আৰ/ডব্লিউ নামত এটা গোচৰ ৰুজু কৰা হৈছে ফুলেশ্বৰ দুৱৰাৰ বিৰুদ্ধে। পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আজি চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱৰ কিশোৰী ধৰ্ষণকাৰী ফুলেশ্বৰ দুৱৰাক বিচাৰি ঘৰত আৰক্ষী উপস্থিত হয় যদিও ফুলেশ্বৰ দুৱৰা পলায়ন কৰিবলৈ সক্ষম হৈছে ।আনহাতে কিশোৰী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ জোনাইলৈ নিয়াৰ ব্যৱস্থা কৰে চিমেন চাপৰি আৰক্ষীয়ে ।

You might also like