নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই বানাক্ৰান্তৰ কাষত নৰ্থ ইষ্টান ক্লাবঃদুইশতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃচিয়াং তথা লালী নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত ইতিমধ্যে যোৱা ডেৰ মাহ ধৰি জোনাইৰ বিভিন্ন ঠাইত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ ব্যতিক্ৰম নহয় বাহিৰজোনাই গাওঁ পঞ্চায়ত ৷ পঞ্চায়তখনৰ বিভিন্ন গাওঁ আজিও জলমগ্ন ৷ চাৰিওফালে হাহাকাৰ পৰিস্থিতি ৷অঞ্চলটোৰ জনসাধাৰণৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ খাদ্যৰ নাটনিয়ে দেখা দিছে ৷ প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , দল সংগঠন , ব্যক্তি বিশেষে বানপীড়িত ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী সমুহ বিতৰণ কৰিছে যদিও পৰ্য্যাপ্ত নহয় ৷ তেনে সময়তে শুক্ৰবাৰে বাহিৰ জোনাই গাওঁ পঞ্চায়ত অন্তৰ্গত অকলেণ্ড গাওঁৰ হৰি মন্দিৰৰ প্ৰাংগনত অঞ্চলটোৰ বিভিন্ন গাওঁৰ প্ৰায় দুইশতাধিক বৰ্নাত্য পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী সমুহ বিতৰণ কৰে দিল্লীৰ গুঞ্জ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত আৰু নৰ্থ ইষ্টান ক্লাবৰ উদ্যোগত অঞ্চলটোৰ ১ নং অকলেণ্ড, ২ নং অকলেণ্ড, শান্তিপুৰ, গেজেৰা আৰু বলাই পাম গাওঁৰ জজনসাধাৰণৰ মাজত চাউল, দালি, তেল, নিমখ, আটা, চানা, হালধি, মচলা, কলগেট, কাপোৰ কানি আদি বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।বিতৰণ কাৰ্যসূচীত নৰ্থ ইষ্টান ক্লাবৰ উপদেষ্টা ৰাম বড়ি, সম্পাদক নৱ দেউৰী, সহকাৰী সম্পাদক প্ৰমোদ পাৱ, সদস্য অঞ্জন কুম্বাং, থমাছ দলে, বন্তি বৰা আৰু ডীম্পল টায়ুঙে উপস্থিত থাকে৷

You might also like