নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা ল’ৰাৰ পিতৃ মোহনৰ ফাঁচিৰ দাবীত যোৰহাটত উত্তাল প্রতিবাদ হাজাৰ হাজাৰ মহিলাৰ

বর্বৰোচিত হত্যাকাণ্ডৰ চাৰি দিন অতিক্রম কৰাৰ পাছতো ক্ষোভিত জনতা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ যোৰহাট কাণ্ডই আজি চতুর্থ দিন অতিক্রম কৰিলে যদিও ক্ষোভ কমা নাই সর্বস্তৰৰ ৰাইজৰ৷ আজিও ৰাজপথত দেখা গ’ল অনিমেষ হত্যাৰ প্রতিবাদত হাজাৰ হাজাৰ মহিলা৷ ব্রহ্মপুত্র অঞ্চলৰ স্থানীয় মহিলাসকলে হাতে হাতে বেনাৰ, প্লেকার্ড লৈ ক’লা গুণ্ডাৰ পিতৃ মোহন দাসক ফাঁচি দিয়ক, অনিমেষ হত্যাৰ ন্যায় লাগে, আমাক নিৰাপত্তা দিয়ক, অসম পুলিচ কঠোৰ হওক আদি বিভিন্ন ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰীসকলে অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে শোকাকুল পৰিৱেশৰ মাজেৰে অনিমেষৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে৷ যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ খোজেজাতে এক আকস্মিক দুর্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে৷ এই ঘটনাৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে প্রত্যেক ক্রিয়াৰে একে সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া আছে বুলি টুইট কৰে৷ এই বিশেষ টুইট আৰু ক’লা গুণ্ডাৰ দুর্ঘটনাক লৈ সমগ্র ৰাজ্যতে বিভিন্ন প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

কংগ্রেছ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে ক’লা গুণ্ডাৰ দুর্ঘটনা আৰক্ষীৰ এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰাত জাঙুৰ খাই উঠিছে বিভিন্ন মহল৷ প্রতিবাদকাৰী একাংশ মহিলাই কংগ্রেছ দলৰ নেতাৰ মস্তিষ্কৰ বিকৃতি ঘটিছে বুলি উল্লেখ কৰাৰ লগতে কলা গুণ্ডাই যেতিয়া নিৰপৰাধী অনিমেষহঁতক আক্রমণ কৰিছিল, সেই সময়ত কংগ্রেছ নেতাসকল ক’ত আছিল বুলি প্রশ্ণ উত্থাপন কৰে৷ ইপিনে, যোৰহাট উকীল সন্থাৰ সভাপতি হেমেন বৰা, সম্পাদিকা শেৱালি গগৈ দত্তসহ এটা সঁজাতী দল অনিমেষৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে পোনপ্রথমবাৰৰ বাবে যোৰহাট উকীল সন্থাই যোৰহাট কাণ্ডৰ সৈতে জডিত অপৰাধীকেইটাৰ হৈ ওকালতি নকৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰাৰ কথা জানিবলৈ দিয়ে৷ কংগ্রেছ নেতা ৱাজেদ আলী চৌধুৰীৰ বক্তব্যক লৈ সাংবাদিকে কৰা প্রশ্ণৰ এক উত্তৰত ক্ষোভ প্রকাশ কৰি কয় যে যোৰহাট কাণ্ডৰ বিপক্ষে যি গণ প্রতিবাদ হৈছিল এই প্রতিবাদত কিয় কংগ্রেছ নেতাসকলে অংশগ্রহণ কৰা নাছিল৷ এটা ঘটনাৰ তদন্ত চলি থকা সময়ত তৃতীয় পক্ষই মাত মতাৰ কোনো অধিকাৰ নাই আৰু এনে সময়ত এই ঘটনাক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে যোৰহাট উকীল সন্থাৰ সভাপতিগৰাকীয়ে ৷
অনিমেষৰ বাসগৃহত স্বাস্থ্যমন্ত্রীঃ দুই আহতৰ চিকিৎসাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ
জনপ্রিয় যুৱক অনিমেষ ভূঞাৰ বাসগৃহত আজিও মন্ত্রী–বিধায়কৰ লগতে বিভিন্ন দল–সংগঠনৰ বিষয়ববীয়াৰ ভিৰ দেখা যায়৷স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে এনে ঘটনাৰ সমাজত যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সমাজখনেও চকু দিব লাগিব, কেৱল প্রশাসনৰ ওপৰত নির্ভৰ কৰি থাকিলে নহ’ব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা মৃদুষ্মন্ত বৰুৱা আৰু প্রণয়জ্যোতি দত্ত আজি নিজ ঘৰলৈ অহাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই দুয়োজনৰ স্বাস্থ্যৰ বুজ লয়৷ আহত যুৱকদ্বয়ৰ ঘৰত উপস্থিত থকা আছুৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱর্তন গোস্বামী আৰু মন্ত্রীৰে হোৱা আলোচনাত যুৱকদ্বয়ক উন্নত চিকিৎসাৰ বাবে নিৰাপত্তাসহ গুৱাহাটী মেডিকেল কলেজলৈ প্রেৰণ কৰাৰ ব্যৱস্থা কৰে৷ স্বাস্থ্যমন্ত্রীৰ এই কার্যসূচীত সংগ দিয়ে অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক নুৰুল চুলতানকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই৷আনহাতে, এই দিনটোত অনিমেষৰ বাসগৃহত প্রাক্তন মন্ত্রী বিস্মিতা গগৈ উপস্থিত হৈ আৱেগিক হৈ পৰে৷ ইপিনে, অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় সমিতিৰ উপ–সভাপতি ৰাজেন পূজাৰী, ৰাইজৰ দলৰ মুখপাত্র জ্ঞানশ্রী বৰা, কেন্দ্রীয় সম্পাদক প্রবীণ দাসকে ধৰি বহুকেইজন বিভিন্ন দল–সংগঠনৰ প্রতিনিধি অনিমেষৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে৷
অনিমেষৰ বাসগৃহত জুবিন গার্গৰ প্রতিনিধি
যুৱপ্রজন্মৰ হার্ট থ্রব জুবিন গার্গৰ হৈ প্রতিনিধি হিচাপে ব্যৱস্থাপক মৌচম বৈশ্য আজি অনিমেষৰ বাসগৃহত উপস্থিত হৈ অনিমেষৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে৷ বহু ব্যস্ততাৰ বাবে জুবিন গার্গ অনিমেষৰ বাসগৃহত উপস্থিত হ’ব নোৱাৰাৰ কথা উল্লেখ কৰি কয় যে আইনী প্রক্রিয়াৰ বাবে অনিমেষৰ পৰিয়ালক যি সহায়ৰ প্রয়োজন সেই সহায় জুবিন গার্গে কৰি যাব৷ লগতে সংস্থাপনৰ বিষয়টো অসম চৰকাৰৰ লগত আলোচনা কৰিব৷ উল্লেখ্য যে জুবিনৰ অনুৰাগী আছিল প্রয়াত অনিমেষ ভূঞা৷
ন্যায়ালয়ত হত্যাকাণ্ডৰ ঘটনাৰ সাক্ষ্য দিবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্রী ড০ শর্মাৰ
যোৰহাটৰ শেহতীয়া গণপ্রহাৰৰ ঘটনা সন্দর্ভত মুখ্যমন্ত্রীয়ে আজি সাংবাদিকৰ আগত প্রতিক্রয়া ব্যক্ত কৰি কয় যে আৰক্ষীয়ে তদন্ত কৰি আছে৷ অভিযোগনামা দাখিলৰ বাবে এমাহ সময় বান্ধি দিয়া হৈছে৷ তাৰ পাছত চৰকাৰৰ পৰা বিচাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে বিশেষ আদালত কিম্বা ফাষ্ট ড্রেক ক’টৰ বাবে আবেদন জনোৱা হ’ব৷ সমগ্র ঘটনাৰ সাক্ষী দিয়াৰ বাবে ৰাইজক আজি আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে ইতিমধ্যে ৰাইজক সাক্ষী দিয়াৰ বাবে আবেদন জনাইছে৷ এই প্রসংগত মুখ্যমন্ত্রীৰ বক্তব্য– আৰক্ষীয়ে আহ্বান জনাওক কিম্বা নজনাওক, এয়া আমাৰ দায়িত্ব যে আমি সকলোয়েই সাক্ষী দিম৷ তেওঁ কয় যে যোৰহাটৰ দৰে ঘটনাত আমি দেখিছেছা বহুতে গণপ্রহাৰৰ দৃশ্য কেমেৰাত বন্দী কৰাত বেছিকৈ মনোনিৱেশ কৰিছে৷ এই প্রসংগত অসমৰ ৰাইজৰ প্রতি মুখ্যমন্ত্রীৰ আন এক আহ্বান– ভিডি’ ক্লিপং কৰাতকৈ চলি থকা কাজিয়া ভাঙি দিয়াৰ ক্ষেত্রতেই তৎপৰ হ’ব লাগে৷ দূৰৰ পৰা ভিডি’ কৰাতকৈ কাজিয়া ভঙাৰ চেষ্টাহে কৰিব লাগে৷ মুখ্যমন্ত্রীৰ আহ্বান– আহক আমি অকণমান সামাজিক জীৱন উপভোগ কৰোঁ, একেলগে থকাটো উপভোগ কৰোঁ৷ ইজনে সিজনৰ দুখত দুখী হোৱা, ইজনে সিজনৰ আনন্দত হাহিব পৰা পৰিৱেশটো আমাৰ ৰাজ্যখনত ওভতাই আনিবই লাগিব বুলি মুখ্যমন্ত্রীয়ে মত পোষণ কৰে৷

You might also like