ক’ভিড পৰীক্ষাৰ নামত পুৱাৰে পৰা শ শ লোকৰ অভাৱনীয় ভিৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ১৫ আগষ্টৰ পাছৰ পৰা ৰাজ্যত ক’ৰোনা সৃষ্ট পৰিস্থিতি কিছু স্বাভাৱিক হ’ব বুলি চৰকাৰে আশা কৰিছে৷ ইয়াৰ বিপৰীতে যোৰহাটত নিতৌ এশজনৰ ওচৰা–উচৰি লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰি আছে৷ উদ্বেগজনক কথাটো হৈছে শেহতীয়াকৈ যোৰহাটত ধৰা পৰা বেছিভাগ পজিটিভ লোকেই গ্রামাঞ্চলৰ৷ নগৰৰ পৰা গ্রামাঞ্চললৈ যে ক’ভিডৰ সংক্রমণ আৰম্ভ হৈছে, সেয়া যোৰহাটৰ বিগত এটা সপ্তাহৰ পৰিসংখ্যা চালেই স্পষ্ট হয়৷ এনে সময়তে যোৰহাটৰ উপায়ুক্তৰ এক নির্দেশনাক লৈ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ দুদিন পূর্বে জিলা উপায়ুক্তই জাৰি কৰা এক নির্দেশনাত কোৱা হৈছে যে অহা ১২ আগষ্টৰ ভিতৰত সকলো ব্যৱসায়ি প্রতিষ্ঠানৰ মালিক, কর্মচাৰী সকলোৱে ক’ভিড পৰীক্ষা কৰিব লাগিব আৰু তাকে নকৰিলে ব্যৱসায় প্রতিষ্ঠান খুলিব নোৱাৰিব লগতে অনুজ্ঞা–পত্র বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ এই নির্দেশনা পোৱাৰ পাছতে হাহাকাৰ লাগে ব্যৱসায়ীসকলৰ মাজত৷ নগৰৰ কেইবাটাও স্থানত ক’ভিড পৰীক্ষাৰ বাবে ৰেপিড এণ্টিজেন চেণ্টাৰৰ ব্যৱস্থা কৰিছে যদিও ব্যৱসায়ী, কর্মচাৰী আৰু অন্যান্য লোকেও ইয়াত পৰীক্ষা কৰিবলৈ অহাৰ বাবে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি৷ পুৱা সাত বজাৰ পৰা ভোটকেন্দ্রত শাৰী পতাৰ দৰে শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সামাজিক দূৰত্ব, মাস্ক পিন্ধা আদি ধোঁৱাচাঙত৷ হেঁচা–ঠেলা নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীও ব্যর্থ হোৱা দেখা গ’ল৷ নগৰৰ মাৰোৱাৰী ঠাকুৰবাৰীত সাত শতাধিক লোকে শাৰী পাতিলে পুৱাৰে পৰা৷ ব্যৱসায়ীসকলে ক্ষোভেৰে কয় যে অহা দুদিনৰ ভিতৰত সকলোৰে পৰীক্ষা কৰাটো কেনেদৰে সম্ভৱ৷ প্রশাসনে কুপনৰ ব্যৱস্থা কৰি শৃংখলিতভাৱে নিতৌ এটা এটা চেণ্টাৰত দুশমান লোকৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে এনে অৱস্থা সৃষ্টি নহ’লহেঁতেন৷ এনে অৱস্থাত এতিয়া ক’ভিড নোহোৱাজনৰো হ’ব আৰু সমাজিক সংক্রমণ বৃদ্ধিহে পাব বুলি ৰাইজে আশংকা কৰিছে৷