নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : অপৰাধীৰ ৰম্য ভূমিত পৰিণত হৈছে যোৰহাট, চুৰি ডকাইতি, ড্ৰাগছ , নাৰীৰ যৌন বেপাৰ, জুৱা, অবৈধ মদৰ বেহাই ছানি ধৰিছে যোৰহাট নগৰ আৰু দাতি কাষৰীয়া গাওঁ অঞ্চল সমূহত। কিছু দিন নগৰ খনত চুৰি কাৰ্য্যৰ কিছু সাম কাটি আছিল যদিও পুনৰ বৃদ্ধি পাইছে অত্যধিক চুৰি ঘটনা। ৯ মাৰ্চত সন্ধিয়া ভাগত যোৰহাট জিলা আয়ুক্ত বাসভবনৰ সন্মুখৰ পৰা অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ এখন হিৰোহোণ্ডা মটৰচাইকেল চুৰি হোৱা লগতে ৰজামৈদাম গজপুৰিয়াৰ এজন লোকৰ ঘৰৰ চৌহদৰ পৰাই এখন স্কুটি লৈ চুৰ উদ্ধাৰ হয়। ঠিক একেজন ঘৰৰ পৰাই এটা সপ্তাহ পূৰ্বে বাৰাণ্ডত থৈ দিয়া এটা ৰন্ধন গেছৰ চিলিণ্ডাৰো চোৰে লৈ উদ্ধাৰ হৈছিল।পাছত লগে লগে ভুক্তভুগি লোক কেইজনে আৰক্ষীক অভিযোগ দিয়ে যদিও যোৰহাট আৰক্ষীয়ে তিনিদিনৰ পাছতহে ঘটনাৰ তদন্ত আৰম্ভ কৰে। জিলা খনৰ মিলন নগৰ, মাছৰ হাট, সবাইবন্ধা, চোলাধৰা, তৰাজানৰ বিভিন্ন লোকৰ ঘৰৰ পৰাও চাইকেল, ৰন্ধন গেছৰ চিলিণ্ডাৰ, চোৰে চুৰি কৰি নিয়া লগতে বাৰিৰ ভিতৰত থকা সাঁচি গছ তাৰোপৰি লাগি থকা কল, জাতিলাও বিভিন্ন ধৰণৰ গছ কাটি নিবলৈ কুন্থা বুধ নকৰে চোৰে। উল্লেখ্য যে নগৰ খনৰ চাৰিও ফালে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবেই চুৰি কাৰ্য্য সঘনে বৃদ্ধি পাইছে বুলি একাংশ লোকে মতপোষন কৰিছে। চোলাধৰা অঞ্চলৰ পৰা কিছু দিনৰ পূৰ্বে হাতে লোতে ধৰি ড্ৰাগছ আসক্ত কেইবাজন যুবকক আৰক্ষীয়ে ধৰি নিয়ে যদিও পুনৰ মুকলি কৰি দিয়ে । তাৰোপৰি নগৰৰ সোণাৰি গাওঁ, চোলাধৰা, সোণালী জয়ন্তী নগৰ, তৰাজান কাকতি গাওঁ, আতিলা গাওঁ, দহাবৰা চুক, ধেকাই পতি, ৰজা মৈদাম অঞ্চলত একাংশ লোকৰ ঘৰত দৈনিক চলা যৌন বেপাৰত ডুব গৈছে একাংশ নৱ প্ৰজন্ম যাৰ ফলত নগৰ খনত চুৰি কাৰ্য সঘন বৃদ্ধি হৈছে । নগৰৰ কেইটামান হোম ষ্টে, ভিতৰুৱা কেইখন মান হোটেলত মুকলৈ ভাবে চলা যৌন বেহাই অতিষ্ঠ কৰিছে একাংশ সচেতন মহলক।নগৰৰ খনত নিশা হলে একাংশ ব্যক্তিৰ ঘৰৰ লগতে হোটেল ৰেষ্টোৰত চলে জুৱাৰ আড্ডা। আৰক্ষীৰ চকুত ধূলি দি একাংশই চলাই আছে এই বেপাৰ। দিনত হলে হোটেল ৰাতি হলে জুৱা খেল। ৰাতি পথৰ দাঁতিত থকা একাংশ ফাষ্ট ফুড আৰু পথত ৰখাই বাহনৰ ভিতৰত চলে মদৰ আড্ডা। যোৰহাট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ অপৰাধিয়ে নিতৌ চলাই গৈছে এই সমূহ অনৈতিক কাৰ্য্য কলাপ। পূৰ্বতে ৬/৮ জন ৰাইডাৰ আৰক্ষীয়ে নগৰ খনত সঘন টহল দি থকাত অপৰাধীযে কিছু ভয় খাইছিল যদিও বৰ্তমানে সেই তহল দাৰী আৰক্ষী নথকা সুৱাদতে চুৰি লগতে বিভিন্ন দুষ্কৰ্য্য সমূহ সঘন বৃদ্ধি হৈছে।সচেতন ৰাইজে নগৰ খনত ৰাতি দিন এটা টহলদাৰি আৰক্ষী দলে এই অঞ্চলসমূহত সময়ে সময়ে টহল দি থাকিলে এই দুস্কাৰ্য্য সমূহ সাম কাতিব বুলি উল্লেখ কৰিছে।
প্ৰেৰক সঞ্জীৱ হাজৰিকা