নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-মাজুলী সংযোগী পথক ৰাষ্ট্রীয় ঘাইপথ ঘোষণা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে যোৱা ১৭ নৱেম্বৰত ৰাজপত্রিত এক জাননীৰ জৰিয়তে যোৰহাটৰ ৭১৫নং ৰাষ্ট্রীয়  ঘাইপথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ’বলগীয়া পথছোৱাক ৭১৫–কে নং নতুন ৰাষ্ট্রীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰে এই পথছোৱাক নতুন ৰাষ্ট্রীয় ঘাইপথ হিচাপে ঘোষণা কৰা পদক্ষেপক আদৰণি জনাই কয় যে এই পদক্ষেপে মাজুলী জিলাৰ আর্থ–সামাজিক, সাংস্কৃতিক, পৰিবহণ ইত্যাদিৰ দিশত যুগান্তকাৰী পৰিৱর্তনৰ সূচনা কৰাৰ লগতে উন্নয়নক নতুন মাত্রা প্রদান কৰিব৷

মুখ্যমন্ত্রী সোণোৱালে এই পদক্ষেপৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে লোৱা যুগান্তকাৰী পদক্ষেপৰ ফলস্বৰূপে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ লগতে ৰাজ্যখনৰ পথ, ৰে’ল, জলপথ, আকাশীপথ ইত্যাদিৰ উন্নয়নে বিশেষ মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷

You might also like