নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ জংঘলব্লক হাইস্কুলত ‘মৰমৰ যোৰহাট কৰ্ণাৰ’ মুকলি

বিশেষ বাৰ্তা,  ১৫ মেঃ মৰিয়নিৰ নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত যোৰহাট জিলাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে সাজি উলিওৱা ‘যোৰহাট কৰ্ণাৰ’ আজি মুকলি কৰা হয়। ‘মৰমৰ যোৰহাট’ৰ এক অংশ হিচাপে বিদ্যালয়খনত আটকধুনীয়াকৈ সাজি ওলিওৱা এই ‘যোৰহাট কৰ্ণাৰ’ মুকলি কৰে মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁ‌হায়ে। এই ‘যোৰহাট কৰ্ণাৰ’ত মহৎ ব্যক্তিসকলৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে গুৰুত্বপূৰ্ণ ভৱনসমূহ আলোকচিত্ৰৰ মাধ্যমেৰে ডাঙি ধৰা হৈছে। ‘যোৰহাট কৰ্ণাৰ’ মুকলি কৰি ৰাজহ চক্ৰ বিষয়াজনে বিদ্যালয় কৰ্তৃপক্ষৰ এনে সৃষ্টিশীল কৰ্মৰ শলাগ লোৱাৰ লগতে এনে কাৰ্য্যই ছাত্ৰ ছাত্ৰীৰ মাজত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি লগতে মন্তব্য কৰে । তেওঁ লগতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিতাপ আদি নপঢ়াকৈয়ে বহু কথা জানিব পাৰিব বুলিও মন্তব্য কৰে। আনহাতে, ৰাজহ চক্ৰ বিষয়াজনে শিক্ষয়িত্ৰী কৃষ্ণাজিনা বৰপাত্ৰগোঁ‌হাইৰ তত্বাৱধানত বিদ্যালয়ৰ ছাত্ৰ সংসদৰ সাহিত্য শাখাই প্ৰস্তূত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা ‘মৰমৰ যোৰহাট’ উন্মোচন কৰে। অন্যান্য লিখনিৰ লগতে প্ৰাচীৰ পত্ৰিকাখনত যোৰহাট জিলাৰ বিভিন্ন ব্যক্তি ঐতিহাসিক স্থান, ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ লিখনি আদিয়ে ঠাই পোৱাত ৰাজহ চক্ৰ বিষয়াজনে সন্তোষ প্ৰকাশ কৰে। ইয়াৰোপৰি ৰাজহ চক্ৰ বিষয়াজনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফ’ৰ্ম, পাঠ্যপুথি আদিৰ বুজ লোৱাৰ লগতে তুলসী বাগিচা, জৈৱ বেৰা, প্লাষ্টিকৰ বটলৰ জেওৰা, কেঁচুসাৰ প্ৰকল্প, পাচলি বাগিচা আদি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। শিক্ষক নগেন গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাইক বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা আৰু ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক দীপাংকৰ দত্তক শিক্ষক থানেশ্বৰ বড়াই আদৰণি জনায়। অনুষ্ঠানটোত ছাত্ৰ সংসদৰ বিষয়ববীয়াসকলৰ লগতে শিক্ষয়িত্ৰী চিমি বৰগোঁ‌হাই, ননী গগৈ, নৱনীতা বৰা, মৌচুমী শ্যাম, শিক্ষক বিশ্বজিত চুতীয়া আদিয়েও অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like