🔹 মনপ্পুৰম গল্ড লোনৰ কাৰ্য্যালয়ত ১০ ঘন্টাজোৰা অভিযান যোৰহাট আৰক্ষীৰ
🔹 অংকুৰৰ সৈতে মুখ ঢকা কোন এই দুই মহিলা !
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : উজনি অসমৰ আটাইকেইখন জিলাতেই সুদীৰ্ঘ আঠটা বছৰ ধৰি একাধিক পৰিয়ালৰ পৰা নগদ ধন, সোণ চুৰিৰে মুকলি সন্ত্ৰাস চলাই অহা কোটিপটি চোৰ মষ্ট ৱান্টেড অংকুৰ দাসক লগত লৈ যোৱানিশা যোৰহাট আৰক্ষীয়ে শিৱসাগৰত চলালে দহঘন্টীয়া এক অভিযান ৷ যোৰহাট আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ নেতৃত্বত অহা বৃহত আৰক্ষীৰ দলটোৱে কালি বিয়লিৰ পৰা নিশা ১১ বজা পৰ্য্যন্ত নগৰৰ মাজমজিয়াৰ হস্পিতেল ৰোডৰ মনপ্পুৰম গল্ড লোন নামৰ প্ৰতিস্থানটোত অভিযান চলোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷বিগত ফেব্ৰুৱাৰী মাহত চৰাইদেউ জিলাত সংঘটিত এক দুঃসাহসিক সোণ চুৰি ঘটনাৰ পিছত আৰক্ষীৰ জালত পৰা কুখ্যাত অংকুৰক লৈ চৰাইদেউ জিলা আৰক্ষীয়ে শিৱসাগৰৰ হস্পিতেল ৰোড, বাবুপট্টী অঞ্চলত অভিযান চলাই ৩৫ তোলাতকৈও অধিক সোণৰ গহনাসহিতে সাতজন সোণাৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তেই পুনৰ কোটিপটি চোৰ অংকুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত গভাইত চোৰটোৰ লগতে দুই মহিলা সংগীক লগত লৈ নিশা শিৱসাগৰত ১০ ঘন্টীয়া অভিযান চলোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে, এখন স্কুৰ্টীৰে সাইলাখ বিদ্যুত বিভাগৰ মিটাৰ ৰীডাৰৰ দৰে ভেশ ধৰি অকলশৰীয়া পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰা এই গভাইত চোৰটোৱে লুটি লৈ যায় মূল্যৱান সোণৰ গহনা আৰু নগদ ধন ৷ শেহতীয়াকৈ টীয়ক অঞ্চলত সংঘটিত একাধিক লুটপাতৰ ঘটনাৰ পম খেদি চাৰিটা দিনৰ পূৰ্বে যোৰহাট, টীয়ক আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই মৰাণ অঞ্চলত তিনিচুকীয়াৰ পৰা আহি থকা অৱস্থাত কোঁৱৰপুৰ শেনচোৱা গাঁৱৰ নিবাসী গভাইত চোৰ অংকুৰক জালত পেলাবলৈ সক্ষম হৈছিল ৷ চুৰিৰ ধনেৰে নৈশ বাছ, বিভিন্ন বিলাসী গাড়ীৰ গৰাকী হোৱা এই গভাইত চোৰটোৱে এগৰাকী ঘনিষ্ঠ মহিলাক ব্যৱহাৰৰ বাবে দিয়া এখন চুইফট ডিজায়াৰ গাড়ী নগৰৰ জলসম্পদ কলনীৰ পৰা অভিযানকাৰী আৰক্ষীয়ে সেই নিশাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ইফালে, আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱা ধৃত অংকুৰে চুৰি সোণ দি ঋণ লোৱাৰ তথ্য লাভ কৰাৰ পিছতেই কালি বিয়লি যোৰহাট আৰক্ষীৰ এটা বৃহত দলে নগৰৰ মনপ্পুৰম গল্ড লোন নামৰ প্ৰতিস্থানটোত অভিযান চলায় ৷ মুখ ঢকা দুগৰাকী মহিলাসহিতে চোৰ অংকুৰক লগত লৈ চলোৱা অভিযানৰ সময়ত প্ৰতিস্থানটোৱে এটা বছৰৰ পূৰ্বে এক লাখ দহ হেজাৰ টকা সোণৰ বিনিময়ত ঋণ দিয়াৰ কথা স্বীকাৰ কৰিছে ৷ ইয়াৰ বিপৰীতে ধৃত চোৰ অংকুৰে মনপ্পুৰম গল্ড লোন নামৰ প্ৰতিস্থানটোত বৃহত পৰিমাণৰ সোণ জমা দিয়াৰ লগতে কেইবালক্ষ টকা ঋণ লোৱা বুলি স্বীকাৰ কৰাৰ তথ্যও এক শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমক জনাইছে ৷ কিন্তু অংকুৰৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ বিপৰীতে মনপ্পুৰম নামৰ প্ৰতিস্থানটোৱে উপযুক্ত নথি-পত্ৰ তদন্তকাৰী বিষয়াৰ সন্মুখত দাঙি ধৰিব পৰা নাই বুলি জানিব পৰা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া এক বজালৈকে উপযুক্ত নথি প্ৰদৰ্শনৰ বাবে যোৰহাট আৰক্ষীয়ে শিৱসাগৰৰ বহু বিতৰ্কিত মনপ্পুৰম নামৰ গল্ড লোন প্ৰতিস্থানটোক চূড়ান্ত সময়সীমা বান্ধি দিয়াৰ লগতে ইয়াৰ অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিব পৰা গৈছে ৷ আনহাতে, অত্যন্ত চতুৰ তথা বিগত আঠ-নটা বছৰে উজনিৰ আটাইকেইখন জিলাৰ আৰক্ষীক ঢোকে ঢোকে পানী খুৱাই অহা অংকুৰৰ মুখ খুলি সঠিক স্বীকাৰোক্তি বাহিৰ কৰিবলৈ সক্ষম হ’লে নিশ্চিতভাৱে শিৱসাগৰৰ বহুকেইখন প্ৰতিস্থিত জুৱেলাৰীৰ কৰ্মচাৰী-স্বত্বাধিকাৰী আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিছে ৷ স্মৰ্তব্য যে যোৰহাট আৰক্ষীয়ে অংকুৰক লগত লৈ মনপ্পুৰম গল্ড লোন নামৰ প্ৰতিস্থানটোত অভিযান চলাই থকাৰ সময়ত নগৰৰ বাবুপট্টী অঞ্চলৰ কেইবাখনো প্ৰতিস্থানত হৰ্ঠাত সৃষ্টি হোৱা আকস্মিক তৎপৰতা তথা একাংশ প্ৰতিস্থান সময়তকৈ আগতে বন্ধ কৰা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ অন্যহাতেদি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তকাৰী আৰক্ষীৰ পৰা মতামত জানিব বিচৰাত আৰক্ষীৰ দলটোৱে সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ পৰা বিৰত থকাৰ লগতে অভিযানৰ মাজতেই এখন পৃথক গাড়ীত মুখ ঢকা মহিলা দুগৰাকীক লগত লৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান