নিয়মীয়া বাৰ্তা, ২০ জুন : যোৰহাট সাহিত্য সভাৰ উদ্যোগত আশীর্বাদ শৈক্ষিক ন্যাস আৰু ১৩৩ নং বঙালপুখুৰী আদর্শ প্রাথমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয় প্রাংগণত বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা বিষ্ণু ৰাভাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে যোৰহাট সাহিত্য সভাৰ উপ সভাপতি যুগল কিশোৰ আগৰৱালাই। পুষ্পাঞ্জলি অর্পণ কৰে বিশিষ্ট সমাজকর্মী চফল কুমাৰ খাউণ্ডে। ইয়াৰ পিছতে যোৰহাট সাহিত্য সভাৰ উপ সভাপতি যুগল কিশোৰ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ প্রদান কৰে দেৱাক্ষী শইকীয়াই। বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত সমাজকর্মী চফল কুমাৰ খাউণ্ড, আশীর্বাদ শৈক্ষিক ন্যাসৰ সম্পাদক তথা প্রাক্তন সাংবাদিক দিগন্ত বৰুৱা, যুৱ সমাজকর্মী সমৰ বাৰিক উপস্থিত থাকে। সভাত বিদ্যালয়খনৰ ছাত্রী দীক্ষা বৰুৱা, নিশিগন্ধা বৰা, শিৱাংগী বৰা, নমামী হাজৰিকাই নৃত্য পৰিৱেশন কৰাৰ লগতে জ্যোতিস্মান ৰাজখোৱাই বিষ্ণু ৰাভাৰ বিষয়ে ভাষণ আগবঢ়ায়। সভাত যোৰহাট সাহিত্য সভাৰ সম্পাদক অজন্ত কুমাৰ বৰাই আঁত ধৰা সভাত যোৰহাট সাহিত্য সভাৰ উপ সভাপতি যুগল কিশোৰ আগৰৱালাই এটি সাৰগর্ভ ভাষণ আগবঢ়ায়। সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী উজ্জ্বলময় শইকীয়া,মৌচুমী চাংমাই, কাশ্মিৰী বৰগোহাঁইৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।
প্ৰেৰক নৱজ্যোতি তামুলী