নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়া আমি ভাৰতৰ বোজা হৈ আছোঁ ৫ বছৰত অসমে প্রতিনিধিত্ব কৰিব দেশক

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ  স্বাধীনতাৰ ৭৫ বছৰত অসম আৰু ভাৰতৰ বোজা হৈ থাকিব নালাগে৷ মানসিকতা পৰিৱর্তনৰ এটা অনিৰুদ্ধ যাত্রা অহা ৫ বছৰৰ ভিতৰত আৰম্ভ হ’ব৷ এতিয়া আমি ভাৰতৰ বোজা হৈ আছেছা৷ অনাগত দিনত অসমে ভাৰতক প্রতিনিধিত্ব কৰিব৷ –বৃহস্পতিবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্র দাস সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত কৃষি পৰিৱেশ পর্যটন প্রকল্পৰ আধাৰশিলা অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি প্রথমবাৰৰ বাবে যোৰহাটলৈ অহা ড০ হিমন্ত বিশ্ব শর্মাই যোৰহাটত উন্নয়ন অধিক গতিশীল কৰাৰ লক্ষ্যৰে প্রায় ৯টাকৈ কার্যসূচীৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খন মোৰ বাবে নতুন নহয় বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে৷ যোৱা ২০ বছৰীয়া সুদীর্ঘ পৰিক্রমাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উন্নয়ন, অগ্রগতিৰ ক্ষেত্রত ক’ৰবাত নহয় ক’ৰবাত মই জডিত৷ বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহ লাহে লাহে সমাধান হ’ব৷

ৰাজ্যৰ অর্থনীতিৰ মূল মেৰুদণ্ড কৃষি বুলি মন্ত্যব কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান সময়ত অসমত থলুৱা কৃষিজাত সামগ্রীৰ নতুন বাট মুকলি হৈছে৷ ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি জহা চাউল, নেমু পর্যন্ত ৰপ্তানি কৰিব পৰা হৈছে ৷ এই প্রচেষ্টাক আগুৱাই নিবলৈ হ’লে অসম কৃষি বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা ল’ব লাগিব বুলি কয়৷ নতুনত্বৰ বিকল্প একোৱেই নাই বুলি ভাষণত উল্লেখ কৰি তেওঁ আৰু কয়– পুৰণি কথা আমাৰ বাবে সোঁৱৰণি৷ সমাজখন আগুৱাই গৈছে৷ সময়ৰ লগত খোজ মিলাই আমি আগুৱাই যাব লাগিব৷ ধাৰাবাহিকভাৱে কাম কৰি গ’লেহে আমি বিশ্বৰ লগত আগবাঢ়িব পাৰিম৷ অসম কৃষি বিশ্ববিদ্যালক আগুৱাই নিয়াৰ প্রচেষ্টা কৰিব লাগিব বুলিও কয় তেওঁ৷

কৃষি বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে চাকৰিমুখী হোৱাৰ বিপৰীতে নিজৰ যোগ্যতাৰে আনসকলোকো কৃষিৰ লগত জডিত কৰাৰ আহ্বান জনায়৷ শিক্ষিত ল’ৰা–ছোৱালীক কৃষি ক্ষেত্রলৈ নিয়াৰ প্রয়াস চলোৱাৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম কৃষি বিশ্ববিদ্যালয়কো গুৱাহাটী আই আই টিৰ লগত সমানে আগুৱাই যোৱাৰ প্রয়াস চলাবলৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক–কর্মচাৰীসক্ প্রতি আহ্বান জনায়৷ তেওঁ আৰু কয়– অহা পাঁচ বছৰত অসম যাতে আৰু আগবাঢ়ি যাব পাৰে তাৰ প্রতি গুৰুত্ব দিব লাগিব৷ শিক্ষার্থীক প্রযুক্তিৰ ক্ষেত্রত অধিক আগ্রহী কৰি তুলিব লাগিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কৃষকৰ কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ প্রতিও প্রতিষ্ঠানটোৱে গুৰুত্ব দিব লাগিব বুলি কয়৷ মানৱ সম্পদ গঢ়াৰ প্রচুৰ সম্ভাৱনা থকা শিক্ষানুষ্ঠানখনৰ বাবে চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত শর্মাই বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রস্তাৱ আগবঢ়োৱা দুশ কোটি টকাৰ প্রস্তাৱ বিবেচনা কৰিব বুলি কয়৷ উল্লেখ্য যে অসমৰ কৃষি পর্যটন উদ্যোগৰ বাবে আশাৰ খবৰ কঢ়িয়াই অনা অসম প্রথমবাৰৰ বাবে নির্মাণ হ’ব লগা আদর্শ কৃষি পৰিৱেশ পর্যটন প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৩ কোটি টকাৰ অর্থ সাহায্যৰে নিজাববীয়া সেউজ পৰিকল্পনাৰ জৰিয়তে পর্যটন উদ্যোগক আগবঢ়াই নিয়াৰ চিন্তা–চর্চা চলাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে এই অভিলাষী কৃষি পৰিৱেশ পর্যটন প্রকল্প ৰূপায়ণৰ আঁচনি গ্রহণ কৰিছে৷ দেশৰ ভিতৰতে কৃষি শিক্ষা গৱেষণা আৰু কৃষিখণ্ডৰ আনুষংগিক সম্প্রসাৰণৰ দিশত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱা অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ যোৰহাটস্থিত মূল চৌহদত ৰূপায়ণ কৰিবলৈ লোৱা এই আদর্শ কৃষি পৰিৱেশ পর্যটন প্রকল্পটোৱে কৃষিখণ্ডৰ আনুষংগিক প্রায়বোৰ দিশ সামৰি ল’ব৷ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ ভিতৰৰ প্রায় ডেৰ কিলোমিটাৰ দৈর্ঘ্যৰ পতিত জলাশয় আৰু জান তথা চাহ বাগিচাৰে পৰিবেষ্টিত কাষৰীয়া এলেকাত আটকধুনীয়া আধুনিক কাৰিকৰী কৌশল প্রয়োগ কৰি এই মনোমোহা অভিলাষী প্রকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে য’ত অন্তর্ভুক্ত হ’ব আটকধুনীয়া পুখুৰী, বাগিচা, থলুৱা ফলৰ বাগিচা, ঔষধি উদ্ভিদৰ বাগিচা, নৌকাবিহাৰ, জল অৱসৰ বিনোদন, দেশী–বিদেশী ফুলৰ বাগিচা, সমন্বিত পাম পদ্ধতি , জলক্রীড়া তথা জল অৱসৰ–বিনোদন স্থান আদি বহুবোৰ চালে চকু ৰোৱা সেউজ পৰিৱেশ৷

এই বিষয়ে  সাংবাদিকক সবিশেষ জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুত চন্দন ডেকাই কয়– কৃষি পর্যটনৰ সমান্তৰালভাৱে এই প্রকল্পই কৃষি তথা এই দিশৰ লগত জডিতসকলক অনুপ্রাণিত কৰি অধিক আগ্রহান্বিত কৰিব বুলি আমি আশা কৰিছেছা৷ সেয়ে আমি পৰম্পৰাগত আৰু আধুনিকতাৰ সংমিশ্রনত হ’বলগীয়া এই পর্যটন প্রকল্পত কৃষিখণ্ডৰ গৱেষকসকলৰ গৱেষণাৰ বাবে পর্যাপ্ত সমল তথা আধাৰ তৈয়াৰ কৰাৰো প্রয়াস কৰিছোঁ৷ ইয়ে ৰাজ্যৰ কৃষি পর্যটন উদ্যোগক নতুন গতি দিব আৰু নতুন নতুন উদ্যোগী আগুৱাই আহি অসমৰ কৃষি পর্যটনক সমৃদ্ধ কৰি ৰাজ্যখনক এই দিশত নতুন গতি দিব বুলি আমি আশাবাদী ৷

অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰাই কৃষিপ্রধান ৰাজ্যখনত কৃষকৰ উত্তৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে গ্রহণ কৰা অভিলাষী আঁচনি আৰু প্রকল্পসমূহৰ বিষয়ে উল্লেখ কৰে৷ বিশ্ববিদ্যালয়খনৰ সহযোগিতাৰ জৰিয়তে কৃষি ক্ষেত্রত অসমক অগ্রণী ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব বুলি কয়৷ মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রীয়ে স্বনিয়োজন আৰু অর্থনৈতিক দিশত গ্রহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুষ্ঠানটোত শিক্ষামন্ত্রী ৰণোজ পেগু, ৰাজহ মন্ত্রী যোগেন মহন, সাংসদ কামাখ্যা প্রসাদ তাছা, তপন কুমাৰ গগৈ, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভবেন ভৰালী, ৰেণুপমা ৰাজখোৱা, ভাস্কৰজ্যোতি বৰুৱা উপস্থিত থাকে৷

You might also like