🔴শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত ১৯৭৯ চনৰ ৭ এপ্রিলত সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ জন্ম৷
🔴সংগঠনৰ নাম, প্রতীক চিহ্ণ, পতাকা আৰু সংবিধান চূড়ান্ত কৰাৰ উদ্দেশ্যে ১৯৭৯ চনৰ জুন মাহত মৰাণত আলফা নেতৃত্বৰ বৈঠক৷
🔴১৯৮০ চনত আলফাই কংগ্রেছ নেতা, বহিঃৰাজ্যৰ ব্যৱসায়ী, তৈল-গেছ খণ্ড আৰু চাহ বাগিচাৰ বিষয়াক লক্ষ্য কৰি অভিযান আৰম্ভ কৰে৷
🔴১৯৮৫ৰ পৰা ১৯৯০ চনৰ ভিতৰত আলফাৰ অপহৰণ, ধন দাবী, হত্যা আদিৰ বাবে ৰাজ্যখনত ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হয়৷ বিশেষকৈ প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদৰ প্রথমটো কার্যকালৰ চৰকাৰখনত ইয়াৰ বাবে সৃষ্টি হয় অস্থিৰতা৷ ইয়াৰ ভিতৰত আছিল ৰাছিয়ান কয়লা অভিযন্তা গ্রীটচাংকো ছার্গেই, চাহ খেতিয়ক সুৰেন্দ্র পাল আৰু তেওঁৰ ভাতৃ লণ্ডনস্থিত ব্যৱসায়ী লর্ড স্বৰাজ পাল৷ সমগ্র দেশ এনে ঘটনাই জোকাৰি যোৱাৰ সময়তে ১৯৯০ চনত ‘ইউনিলিভাৰ’-এ তেওঁলোকৰ চাহ বাগিচাত কর্মৰত ৭জন কার্যবাহী কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সহযোগত ডুমডুমাৰ পৰা এয়াৰলিফট কৰে৷ লক্ষণীয়ভাৱে এই বিষয়ে কোনো কথাই জনা নাছিল তদানীন্তন ৰাজ্য চৰকাৰখনে৷
🔴১৯৯০ চনৰ ২৮ নৱেম্বৰত অসমত ৰাষ্ট্রপতি শাসন প্রৱর্তন৷ ইয়াৰ লগে লগে ভংগ হয় প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰ৷ সেইদিনাই সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে অপাৰেচন বজৰং আৰম্ভ কৰে৷ এই অপাৰেচন বজৰঙৰ নেতৃত্বত আছিল সেনাবাহিনীৰ ফ’ৰ ক্র’পছৰ জি’চি লেফটেনেণ্ট জেনেৰেল অজয় সিং৷ যিয়ে পিছলৈ অসমৰ ৰাজ্যপাল হৈছিলগৈ৷
🔴কেন্দ্রীয় চৰকাৰে ১৯৯০ চনৰ নৱেম্বৰ মাহতে সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইনৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা কৰে৷ সমান্তৰালভাৱে আলফাক বিচ্ছিন্নতাবাদী আৰু বেআইনী সংগঠন হিচাপে ঘোষণা কৰা হয়৷
🔴১৯৯১ চনৰ ৩১ জানুৱাৰীত অপাৰেচন বজৰঙৰ সামৰণি পৰে৷
🔴তদানীন্তন প্রধানমন্ত্রী চন্দ্রশেখৰে ১৯৯১ চনৰ জানুৱাৰী মাহত ৰাজ্যসভাত ঘোষণা কৰে যে যদিহে আলফাই ৰাজনৈতিক আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰে, তেন্তে কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় পদক্ষেপ ল’ব৷ ইয়াৰ বিপৰীতে সেনা অভিযান আৰু ৰাষ্ট্রপতি শাসন বলৱৎ থাকিলে কোনো কাৰণতে আলোচনা সম্ভৱ নহয় বুলি আলফাই স্পষ্ট কৰি দিয়ে৷ তদুপৰি সশস্ত্র সংগঠনটোৱে সার্বভৌমত্বৰ চর্তত অটল থকাৰ কথাও ঘোষণা কৰে৷
🔴২১৪ দিনৰ অন্তত ১৯৯১ চনৰ ৩০ জুনত অসমৰ পৰা ৰাষ্ট্রপতি শাসন প্রত্যাহাৰ৷
🔴ৰাষ্ট্রপতি শাসন প্রত্যাহাৰ হোৱাৰ পিছত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হয় আৰু প্রয়াত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত গঠন হয় কংগ্রেছ চৰকাৰ৷
🔴১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত আলফাৰ বিৰুদ্ধে অপাৰেচন ৰাইনো আৰম্ভ৷
🔴১৯৯২ চনৰ মার্চ মাহত প্রথমবাৰলৈ আলফাত বিভাজন৷ একাংশ নেতা-সদস্যই আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে৷ তেওঁলোক পৰিচিত হয় আত্মসমর্পণকাৰী আলফা (ছালফা) হিচাপে৷
🔴প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ ১৯৯৬ চনত অসমত চৰকাৰ গঠন৷
🔴১৯৯৭ চনৰ জানুৱাৰী মাহত সেনা, অসম আৰক্ষী আৰু অর্ধসামৰিক বাহিনীক লৈ আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে ইউনিফাইড কমাণ্ড ষ্ট্রাকচাৰ গঠন৷ ইয়াৰ নেতৃত্বত আছিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব৷
🔴১৯৯৭ চনৰ পৰা ২০০০ চনলৈ অসমত বিৰাজ কৰিছিল এক বিভীষিকাময় পৰিৱেশ৷ এই সময়ছোৱাতে ৰাজ্যখনত সংঘটিত হয় ইতিহাসৰ এক ক’লা অধ্যায় ৰূপে চিহ্ণিত হোৱা গুপ্তহত্যা কাণ্ড৷ গুপ্তঘাতকে মূলতঃ টার্গেট কৰি লৈছিল আলফাৰ পৰিয়ালৰ সদস্য-সমর্থকক৷
🔴২০০১ চনত অনুষ্ঠিত হোৱা বিধানসভা নির্বাচনত অগপৰ পৰাজয়৷ ৰাজ্যত গঠন হয় তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছ চৰকাৰ৷
🔴ভূটানত থকা আলফা তথা উত্তৰ-পূর্বাঞ্চলৰ সশস্ত্র সংগঠনসমূহৰ শিবিৰত ৰয়েল ভূটান আর্মীৰ দ্বাৰা ২০০৩ চনৰ ডিচেম্বৰ মাহত অপাৰেচন অল-ক্লীয়েৰ৷
🔴চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ ২০০৪ চনত আলফাৰ সন্মতি প্রকাশ৷
🔴২০০৫ চনৰ ছেপ্টেম্বৰ মাহত আলফাই ১১জনীয়া সদস্যৰে আলোচনা প্রক্রিয়া আগবঢ়াই নিবলৈ গঠন কৰি দিয়ে পিপল্ছ কনছাল্টেটিভ গ্রুপ, চমুকৈ পিচিজি৷ যাৰ নেতৃত্বত আছিল জ্ঞানপীঠ বঁটা বিজয়ী ড০ মামণি ৰয়ছম গোস্বামী৷ কিন্তু এই আলোচনা প্রক্রিয়াই সফলতা লাভ নকৰিলে৷
🔴২০০৮ চনৰ জুন মাহত আলফাৰ ২৮নং বেটেলিয়নে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে৷
🔴আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱাকে ধৰি কেইবাজনো শীর্ষ নেতাক ২০০৯ চনৰ ডিচেম্বৰ মাহত বাংলাদেশত গ্রেপ্তাৰ৷ পৰৱর্তী সময়ত তেওঁলোকক ভাৰতলৈ প্রত্যর্পণ কৰা হয় আৰু আটায়ে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকে৷
🔴২০১০ চনৰ ডিচেম্বৰত কাৰাৰুদ্ধ আলফা নেতাৰ দ্বাৰা চৰকাৰৰে আলোচনা প্রক্রিয়া আগবঢ়াই নিবলৈ একাংশ বুদ্ধিজীৱী, লেখক, সাংবাদিক আদিক লৈ গঠন কৰা হয় চিটিজেন ফ’ৰাম৷
🔴২০১১ চনত সভাপতি অৰবিন্দ ৰাজখোৱাসহ অন্য কাৰাৰুদ্ধ আলফা নেতাসকলক মুক্তি৷ লক্ষণীয়ভাৱে আলোচনাৰ কুচকাৱাজ চলি থকাৰ সময়তে আলফা দুটা গোটত বিভক্ত হৈ পৰে৷ সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলোচনাপন্থী আলফা আৰু মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত গঠন হয় আলফা (স্বাধীন)৷
🔴আলোচনাপন্থী আলফাই ২০১২ চনত চৰকাৰক ১২ দফীয়া দাবী চনদ দাখিল কৰে৷
🔴১৯৯৭ চনৰে পৰা বাংলাদেশৰ কাৰাগাৰত বন্দী হৈ থকা আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াক সুদীর্ঘ ১৮ বছৰৰ অন্তত ২০১৫ চনত মুক্তি আৰু ভাৰতলৈ প্রত্যর্পণ৷
🔴২০২১ চনৰ মে’ মাহত অসমত ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হয় মিত্রজোঁটৰ চৰকাৰ৷
🔴কেন্দ্রীয় চৰকাৰে আলোচনাৰ প্রস্তাৱ দি আলোচনাপন্থী আলফালৈ ২০২৩ চনৰ এপ্রিল মাহত শান্তি চুক্তিৰ খচৰা প্রেৰণ কৰে৷ ২০২৩ চনৰ অক্টোবৰ মাহত শান্তি চুক্তিৰ খচৰা সন্দর্ভত আলোচনাপন্থী আলফাৰ পৰামর্শ কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰা বুলি সদৰী কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷
🔴সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত আলোচনাপন্থী আলফা আৰু কেন্দ্র-ৰাজ্য চৰকাৰৰ মাজত ২০২৩ চনৰ ২৯ ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷