পাঠশালাত দেবেন ৰয়ৰ কথাৰে আধুনিক গীত উন্মোচন শিল্পী জেপি দাসৰ
নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সংগীত হৈছে শিল্পীসকলৰ অনুভূতিৰ এক মুৰ্ত্ত প্ৰকাশ, যি অনভুতিত শিল্পীসকলে সংগীতৰ ক্ষেত্ৰখনত বিচাৰি পায় জীৱনৰ অনাবিল সুখ আৰু আনন্দ৷ এই মন্তব্য বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা অসমৰ এগৰাকী স্বনামধন্য শিল্পী জে পি দাসৰ৷ আজি পাঠশালা সাহিত্য সভাৰ উদ্যোগত আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বজালীৰ এগৰাকী বিশিষ্ট নাট্যকাৰ, গীতিকাৰ তথা অৱসৰী বিষয় শিক্ষক দেবেন ৰয়ৰ কথাৰে “জীৱন মিছা বুলি নবজাবা দুখৰ বাঁহী, দুখৰ বাঁহীতে আছে সুখৰ লহৰ, হাঁহি হঁহি লোৱা আদৰি“ শীৰ্ষক এটি গীতৰ অডিও আৰু ভিডিও মুকলি কৰি শিল্পীগৰাকীয়ে কয় যে শিল্পীসকলৰ সুখবোৰ কাৰো লগত তুলনা কৰিব নোৱাৰি৷ যেতিয়া তেওঁলোকৰ কথা আৰু সুৰে প্ৰাণ পাই উঠে তেতিয়াই সৃষ্টি হয় সুন্দৰ সুন্দৰ গীতবোৰ৷ পাঠশালাৰ সমীপৱৰ্তী ৰায়পুৰ নিবাসী সুৰকাৰ, গীতিকাৰ তথা বিশিষ্ট লেখক দেবেন ৰয়ে শিল্পী দিৱসৰ দিনা নিজস্ব অনুভূতিৰে সমৃদ্ধ এটি সুন্দৰ তথা হৃদয়স্পৰ্শ গীত উপহাৰ দিয়া বুলি গীতিকাৰ ৰয়ক প্ৰশংসা কৰি কৰি দাসে নিজেও মোৰ মিনতি তৰা হয় যদি গীতটো পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে৷ উল্লেখ্য যে প্ৰতুল শৰ্মাৰ সুৰেৰে সজোৱা অসমৰ জনপ্ৰিয় দৰদী কণ্ঠ শিল্পী ৰূপম ভূঞাই কণ্ঠদান কৰা এই আধুনিক গীতটোত বাদ্যযন্ত্ৰত সহায় কৰে দিগন্ত দাসে৷ বজালী প্ৰগতি সংঘৰ সম্পাদক তথা সমাজকৰ্মী অনিল ডেকাই আঁত ধৰা অনুষ্ঠানটোত পাঠশালা সহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, সাহিত্য কৰ্মী চক্ৰপাণি কলিতা, অসম সৌৰভ কৃষ্ণ ৰয়, শিল্পী বসন্ত পাটগিৰী, লক্ষ্মী দাস, বিশিষ্ট সাহিত্যিক ড° বসন্ত শৰ্মা, নাট্যকাৰ নিতুল মেধী আদি উপস্থিত থকা অনুষ্ঠানটোত শিক্ষাগুৰু অৱনী দাস আৰু গীতা দাসে জ্যোতিসংগীত পৰিৱেশন কৰে৷ ইয়াৰ আগেয়ে পুৱাৰ ভাগত পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানত পাঠশালা সাহিত্য সভাৰ পতকা উত্তোলন কৰে প্ৰফুল্ল কুমাৰ গোস্বামীয়ে আৰু স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ চৌধুৰী আৰু শিল্পী জেপি দাসে৷ আনহাতে শিল্পী দিৱসৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰে লক্ষ্মী দাস, চক্ৰপাণি কলিতা, জেপি দাসকে আদিকৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷ ইপিনে আজি শিল্পী দিৱস উপলক্ষে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত অসম যুৱ পৰিষদ বজালী বিধান সভা সমষ্টি সমিতিয়ে স্থানীয় কেবাজনো শিল্পীক সম্বৰ্ধনা জনায়৷ ইয়াৰ ভিতৰত নাগাৰ নামৰ শিল্পী জয়চৰণ কলিতা, সংগীত শিল্পী ৰাজেন গোস্বামী, লোকগীতৰ শিল্পী কৰ্মেশ্বৰ খাটনিয়াৰ, মৃণ্ময় শিল্পী মণ্টু পাল, জুনা নামৰ শিল্পী দেৱেন ৰয়ক সন্বৰ্ধনা জনাই অসম গণ পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷
প্ৰেৰক কল্যাণ কলিতা