নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম লোকসেৱা আয়োগঃ সদস্য হিচাপে শপত গ্রহণ জুলী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ  অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে কালি জুলী সোণোৱালে শপত গ্রহণ কৰে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই সোণোৱালক শপত গ্রহণ কৰোৱায়৷ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচার্য, সদস্য সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱা, ৰাজ্য চৰকাৰৰ গৃহ আৰু কর্মচাৰী বিভাগৰ প্রধান সচিব নীৰজ বার্মা, উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব মীনাক্ষি সুন্দৰম, ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব তন্ময় বৰগোহাঁই, কর্মচাৰী বিভাগৰ সচিব বিনীতা পেগু, লোকসেৱা আয়োগৰ সচিব ইন্দিৰা আৰ কলিতা আদি উপস্থিত থাকে৷

You might also like