নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশীক বৰপীৰা পাৰি দিলে কংগ্রেছে

বিহপুৰীয়াত অগপৰ জাতীয় সমাৰোহত অতুল বৰা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অসম গণ পৰিষদ দল ৰাইজৰ দল৷ অসমৰ আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে দলটোক আদৰি লৈছে আৰু ভৱিষ্যতেও ল’ব৷ অগপ এতিয়া অভিজ্ঞতাৰে পৰিপুষ্ট হৈ ডঠিছে৷ এতিয়া যুৱ পৰিষদক লৈ আমাৰ দল শক্তিশালী ৰূপত আগুৱাই যাবলৈ সক্ষম হৈছোঁ৷ এতিয়া ফিনিক্স পক্ষীৰ দৰে অগপ নীলিম আকাশলৈ ধাৱমান হৈছে৷ এইবাৰ অগপক ৰুধিবলৈ কাৰো শক্তি নাই৷ আজমলৰ ডিঙিত ধৰি আগন্তুক নির্বাচনত কংগ্রেছৰ বাবে শাসন পোৱাটো অলীক কল্পনা হৈ ৰ’ব৷’ আজি বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট ডচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহৰ মুকলি সভাত এই মন্তব্য আগবঢ়ায় অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই৷ বিহপুৰীয়া বিধান পৰিষদৰ সভাপতি মাখন তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ ৰাজ্যিক সভাপতি বৰাই আৰু কয়– ‘কংগ্রেছে কেৱল ভোটবেংকৰ আশাত অসমলৈ বিদেশীক আদৰি আনিলে৷ আনকি ’৮৫ৰ অসম আন্দোলনৰ সময়ত কংগ্রেছ নেতৃত্বাধীন চৰকাৰে অসমৰ বহু ছাত্র তথা আন্দোলনকাৰীক নির্মমভাৱে প্রহাৰ কৰি ঘুণীয়া কৰাৰ লগতে বহুতকে হত্যা কৰিলে৷ অৱশেষত অসমীয়া ৰাইজৰ সামূহিক শক্তিত সৈমান হৈ অসম চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়৷

পৰৱর্তী সময়ত ‘হু ইজ বদৰুদ্দিন’ বুলি প্রশ্ণ কৰা কংগ্রেছে এতিয়া বদৰুদ্দিন আজমলৰ লগতে মিতিৰালি কৰি দলীয় মিত্রতা কৰিছে৷ শেহতীয়াকৈ বিটিচিত কংগ্রেছ–আজমলে মিত্রতা কৰি ডাঙৰ শূন্য পোৱাৰ পিছত এতিয়া কংগ্রেছ শংকিত হৈ পৰিছে আজমলৰে মিত্রতাক লৈ৷’ অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাই এইদৰে কোৱাৰ পিছত পুনৰ কয় যে অগপক বহুতে ৰাজহুৱা দবা বুলি ভাবে আৰু যাৰে মন যায়, সিয়ে দবাত একোব মাৰি যায়৷ আমাৰ পিঠিত এচাপৰ মাৰিলেহে যেন তেওঁলোক সফল হ’ব আৰু সমালোচনা কৰি বুদ্ধিজীৱী হয়৷ কিন্তু সোণ বাৰে বাৰে পুৰিলে সেই সোণ ডজ্জ্বলহে হয়৷ আনকি তেওঁ প্রসংগক্রমে নতুন আঞ্চলিক দল খুলিবৰ বাবে আজমলে ধন দিয়ে বুলিও ডল্লেখ কৰি কয় যে নতুন আঞ্চলিক দলত আজমলৰ আতৰৰ গোন্ধ পোৱা যায়৷ কিন্তু অসমত অগপৰ শিপা আছে আৰু এই শিপা অসমৰ প্রতিজন মানুহলৈকে শিপাই গৈ আছে আৰু শিপাই থাকিব বুলি ডল্লেখ কৰে৷ অগপৰ কেন্দ্রীয় সমিতিৰ কার্যকৰী সভাপতি কেশৱ মহন্তই ভাষণ প্রসংগত দলৰ নেতৃত্বৰ বহুবাৰ ভুল হোৱা বুলি কোৱাৰ লগতে বহু বিসম্বাদো হোৱা বুলি ডল্লেখ কৰে আৰু সম্প্রতি দলত কোনো বিসম্বাদ নথকা বুলি মন্তব্য কৰে৷ ডক্ত সভাত জনপ্রিয় কণ্ঠশিল্পী তথা অগপৰ সাংসৃকতিক বিভাগৰ সভানেত্রী কল্পনা পাটোৱাৰীয়ে অংশগ্রহণ কৰি দেডৰী বিচুগীত, মিচিঙৰ গীত, ঠেঙাল কছাৰী, ঘোষা, জিকিৰকে ধৰি অসমীয়া বিহুগীত পৰিৱেশন কৰি সভাখন সাংসৃকতিক মঞ্চলৈ ৰূপান্তৰিত কৰি আনন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হয়৷

You might also like