বিশেষ বাৰ্তা, ১৭ জুনঃ অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা, গীতিকাৰ, সুৰকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্মজয়ন্তী আজি জংঘলব্লক হাইস্কুলত ছাত্ৰ সংসদৰ দ্বাৰা উদযাপন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ সংসদৰ প্ৰতিটো দলৰ দলপতিৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ইয়াৰ পাছতে শনিবৰীয়া চ’ৰাৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ পৌৰোহিত্য কৰে প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই । শিক্ষক নগেন গগৈয়ে আঁত ধৰা এই সভাখনৰ আদৰণী ভাষণ আগবঢ়ায় শিক্ষয়িত্ৰী চিমি বৰগোহাঁয়ে । বিদ্যালয়খনৰ ছাত্ৰী ৰিয়া গগৈয়ে জ্যোতি সংগীতৰ আধাৰত পৰিৱেশন কৰা নৃত্যৰে আৰম্ভ কৰা এই অনুষ্ঠানত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জ্যোতিপ্ৰসাদৰ গীত-নৃত্য-কবিতাৰে মুখৰিত কৰি তোলে । ছাত্ৰ শোভন গগৈ আৰু উজ্জ্বল গগৈয়ে জ্যোতিপ্ৰসাদৰ জীৱনৰ সকলো দিশ সামৰি বক্তব্য ৰাখে । সভাখনত শিক্ষয়িত্ৰী মৌচুমী শ্যামে জ্যোতি সংগীতৰ আধাৰত নৃত্য, শিক্ষয়িত্ৰী কৃষ্ণাজিনা বৰপাত্ৰগোহাঁই, শিক্ষয়িত্ৰী নৱনীতা বৰা, শিক্ষক ৰঞ্জিত বৰঠাকুৰ আৰু থানেশ্বৰ বৰাই কবিতা আবৃত্তি কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । শিক্ষক ভুবন গগৈয়ে সাৰুৱা বক্তব্য প্ৰদান কৰা সভাখনত শিক্ষয়িত্ৰী ননী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই সভাখনৰ সামৰণি পৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া