অৱশেষত মৃত্যুৰে যুঁজি যুঁজি হাৰ মানিলে যোছেফ মাৰাকে
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ সান্ধ্য আইন উলংঘা কৰি দুপৰ নিশা সুৰামত্ত সুন্দৰী ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুই ভৰি হেৰুওৱা দুর্ভগীয়া শ্রমিক যোছেফ মাৰাকৰ বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ যোৱা ২ অক্টোবৰৰ পৰা জি এম চি এইচত চিকিৎসাধীন হৈ থকা যোছেফ মাৰাক নামৰ শ্রমিকজনৰ আজি পুৱা ১০ বজাত হূদৰোগত আক্রান্ত হৈ মৃত্যু হয় বুলি জি এম চি এইচৰ অধীক্ষক অভিজিৎ শর্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ দুই সন্তানৰ পিতৃ যোছেফ মাৰাকৰ অকাল মৃত্যুৱে পৰিয়ালটোলৈ গভীৰ অন্ধকাৰ নমাই আনিছে৷ আজি পৰিয়ালৰ লোকে যোছেফৰ মৃতদেহ পশ্চিম গাৰো হিলছৰ নিজা বাসগৃহলৈ লৈ যায়৷ গুৱাহাটীত শ্রমিক হিচাপে নিয়োজিত হৈ পৰিয়াল পোহপাল দি থকা যোছেফৰ দুই পুত্র মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰি আছে৷ যোছেফৰ ডাঙৰ পুত্র দশম শ্রেণীৰ ছাত্র আৰু সৰু পুত্রৰ বয়স মাত্র ১০ বছৰ৷
উল্লেখ্য যে ১ অক্টোবৰৰ মাজনিশা প্রায় ১.৩০ বজাত ৰুক্মিণী গাঁৱত সুৰামত্ত ৰাজকন্যা বৰুৱাই এ এছ–০১ এ জি–২১৯৪ নম্বৰৰ বিলাসী বাহনখনেৰে ৮জন শ্রমিকক মহটিয়াই নিছিল৷ সুৰামত্ত ৰাজকন্যাৰ বাহনৰ খুন্দাত চিৰজীৱনলৈ ঘুণীয়া হোৱা যোছেফ মাৰাকৰ দুয়োখন ভৰি চিকিৎসকে কাটি পেলাবলগীয়া হৈছিল৷ তেতিয়াৰে পৰা জি এম চি এইচত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হূদৰোগত আক্রান্ত হৈ যোছেফৰ মৃত্যু হয়৷ লক্ষণীয় যে আঠজন শ্রমিকক মহটিয়াই নিয়া ৰাজকন্যাৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩৩৮/২৯৪/৩৫৩ ধাৰাৰ অধীনত ৩৬১৩/২১ নম্বৰত এটা গোচৰ ৰুজু হয়৷ সান্ধ্য আইন উলংঘা কৰি মাজনিশা ৮জন শ্রমিকক গাড়ীৰে মহটিয়াই নিয়াৰ পাছতো ৰাজকন্যাই লাভ কৰিছিল জামিন৷ কিন্তু মুখ্যমন্ত্রীৰ হস্তক্ষেপত আৰক্ষীয়ে পুনৰ ৰাজকন্যাক গ্রেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল৷
দিছপুৰ আৰক্ষীয়ে ৰাজকন্যাই সংঘটিত কৰা দুর্ঘটনা সন্দর্ভত মাত্র ২১ শাৰীৰ চার্জশ্বীট আদালতত দাখিল কৰিছে৷ আৰক্ষীৰ চার্জশ্বীটত হোটেল তাজ ভিভাণ্টা আৰু উক্ত নিশা বার্থ ডে’ পার্টীৰ আয়োজন কৰা পংকজ সাধনিদাৰ নামৰ ঠিকাদাৰজনৰ কোনো কথাই উল্লেখ নাই৷ ৰাজনৈতিক আশিসপুষ্ট প্রভাৱশালী ঠিকাদাৰ সাধনিদাৰ আৰু হোটেল তাজ ভিভাণ্টাৰ বিৰুদ্ধে চার্জশ্বীটত কোনো কথা উল্লেখ নকৰাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগতে আৰক্ষীৰ তদন্তক লৈও ৰহস্য সৃষ্টি হৈছে৷ ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত হৈ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত দুর্ভগীয়া শ্রমিক যোছেফ মাৰাকৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে৷ দুর্ভগীয়া শ্রমিক যোছেফ মাৰাকৰ পৰিয়ালটোৱে ন্যায় পাবনে? সেয়া সময়তহে লক্ষণীয় হ’ব৷ যোছেফৰ পৰিয়ালটোক আর্থিক সাহায্য প্রদান কৰিবলৈ বিভিন্ন শ্রমিক সংগঠনে চৰকাৰক আহ্বান জনাইছে৷ শ্রমিক সংগঠনৰ এই আহ্বানক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ’ব৷