নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ৰূপালী জয়ন্তী

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : নগাঁৱৰ অগ্ৰণী চিত্ৰ শিক্ষাৰ অনুষ্ঠান জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ কালি বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বিভিন্ন শিক্ষানুষ্ঠানৰ অংশগ্ৰহণকাৰী প্ৰথম পৰ্যায়ৰ পাঁচ সহস্ৰাধিক প্ৰতিযোগীৰ মাজৰ পৰা শ্ৰেষ্ঠসকলক বাছনি কৰি বঁটা প্ৰদান কৰা হয় । এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী চৰকাৰী চাৰু-কাৰুকলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অতুল চন্দ্ৰ বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত মজিন্দাৰ, বিশিষ্ট ভাস্কৰ্য শিল্পী তথা গুৱাহাটী চৰকাৰী চাৰু-কাৰুকলা মহাবিদ্যালয়ৰ ভাস্কৰ্য বিভাগৰ অধ্যাপক ৰাতুল চন্দ্ৰ গগৈ, বিশিষ্ট লেখক-সাংবাদিক শৈলেন শইকীয়া, বিশিষ্ট লেখক উজ্জ্বল জ্যোতি দাস আৰু বিশিষ্ট সমাজকৰ্মী হানিফা চুলতানা। বিশিষ্ট ব্যক্তিসকলক গামোচা, গছপুলি, ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতীক আৰু কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় ড° কৰবী দেৱী, সুস্মিতা দত্ত, নয়নমণি মিশ্ৰ, নীলাভ হাজৰিকা, সয়নদ্বীপ পন্ডিত আৰু স্মৃতি হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে লেখক-সাংবাদিক শৈলেন শইকীয়াই নিজৰ ভাষণত কয়- শৈশৱত প্ৰত্যেক শিশুৱে প্ৰথম ছবি অংকন কৰে নিজৰ মগজুত । জ্যেষ্ঠজনৰ মুখত সাধুকথা শুনি তাৰ চৰিত্ৰসমূহৰ ছবি নিজৰ মন-মগজুত অংকিত হয় । এই চিত্ৰাংকন বিদ্যালয়সমূহ ভৱিষ্যতৰ চিত্ৰশিল্পীসকলৰ বাবে ফাউণ্ডেচনস্বৰূপ । এই ফাউণ্ডেচনৰ আধাৰতে ভৱিষ্যত শিল্পী জীৱনৰ সৌধ নিৰ্মাণ হয় । তেওঁ প্ৰসংগক্ৰমে কৃত্ৰিম বুদ্ধিমত্তাই আন ক্ষেত্ৰৰ দৰে চিত্ৰশিল্পৰ ক্ষেত্ৰতো আনিবলগীয়া প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে। বঁটাপ্ৰাপক ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনাই চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱাই কয়- “শিল্পীয়ে হৃদয়েৰে ছবি আঁকিব পাৰে, কিন্তু যন্ত্ৰই নোৱাৰে।” বিশিষ্ট চিত্ৰশিল্পী তথা জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ অধ্যক্ষ সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত এই সভাৰ আৰম্ভণিতে গীতা শ্লোক পাঠ কৰে শিশুশিল্পী সনভ দাসে। ‘ক’ শাখাত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ফাৰজানা ইছলাম, লিখিলেশ শইকীয়া আৰু যোগমিত মহন্তই । ‘খ’ শাখাত ক্ৰমে ৰুমাশ্ৰী বৰা, খুচবু ই জাহান আৰু জাগ্ৰিতি মজুমদাৰ আৰু ‘গ’ শাখাত ক্ৰমে সুনন্দা পোদ্দাৰ, জান্নাত তমলিলা হাছান আৰু প্ৰাৰ্থনা বৰুৱা ৰয়ে পুৰস্কাৰ লাভ কৰে। পুৰস্কাৰপ্ৰাপকসকলক মানপত্ৰ, ট্ৰফী, নগদ ধন, কিতাপৰ টোপোলা আদিৰে পুৰস্কৃত কৰা হয়। প্ৰতিটো শাখাত দহগৰাকী ছাত্ৰ-ছাত্ৰীক উদগনিমূলক পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত পাঁচ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে ছবি আঁকি অংশগ্ৰহণ কৰে, তাৰ পৰা ডেৰশ ছাত্ৰ-ছাত্ৰীক ঠাইতে বহি আঁকিবলৈ দিয়া হয়। তাৰ পৰা বিজয়ীসকলক বাছি উলিওৱা হৈছে। বিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক পাপু মজুমদাৰে জানিবলৈ দিয়ে যে এই চিত্ৰাংকন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো অংশগ্ৰহণ মাচুল লোৱা হোৱা নাই।

প্ৰেৰক মানৱ বৰা

You might also like