🔹 নামতিৰ পিয়লি ফুকন–কাকজান কলেজত আলোচনা চক্র–বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
বিশেষ বাৰ্তা, ১০ অক্টোবৰ : শিৱসাগৰ জিলাৰ নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ উদ্যোগত আজি ‘জ্যোতিপ্রসাদ আগৰৱালা : সৃষ্টি আৰু দৃষ্টি’ শীর্ষক এখন আলোচনা–চক্র অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্রুৱজ্যোতি নাথে৷ আদৰণী ভাষণত সাহিত্য অকাডেমিৰ আঞ্চলিক সচিব, কলকাতাৰ দেৱেন্দ্র কুমাৰ দেৱেশে ভাৰতীয় বিভিন্ন আঞ্চলিক ভাষাত সাহিত্য অকাডেমিয়ে লোৱা বিভিন্ন কার্যপন্থাৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ পৰিচয়সূচক বক্তৃতা প্রদানত সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক তথা সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই জ্যোতিপ্রসাদক ভাৰতীয় সাংস্কৃতিক জগতৰ ধ্রুৱতৰা বুলি কৈ ৰূপান্তৰকামী জ্যোতিপ্রসাদ ৰূপান্তৰৰ যোগী শ্রীঅৰবিন্দৰ উত্তৰসুৰী বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায় ৷ ভাষণ প্রসংগত তেওঁ কয়- শিক্ষা ব্যৱস্থাটো বিষয়ভিত্তিক হোৱাটোত আমাৰ আপত্তি কৰিব লগা একো নাই, কেৱল বিষয়ৰ উৎপত্তিটোৱেই শিক্ষাৰ সমগ্র নহয়৷ আমি শিক্ষা ব্যৱস্থাত যদি চাৰিটা বস্তুত গুৰুত্ব দিব নোৱাৰোঁ৷ তেওঁ আৰু কয়- আমি যেতিয়া জন্ম লওঁ আমাক ভগৱানে অনাথ কৰি নপঠায়৷ আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু সম্ভাৱনাখিনিক অভিব্যক্ত কৰাৰ বাবে ভগৱানে কিছু গুণৰ সৈতে পঠায়৷ ভিতৰত থকা গুণৰাশি দ্বিতীয় আৰু তৃতীয়তে জীৱন ব্রতৰ সৈতে শিক্ষকে ছাত্র–ছাত্রীক পৰিচিত কৰি দিব লাগিব৷ চতুর্থতে মোৰ ভিতৰত মই পৰিপূর্ণতাৰ সৈতে জন্মগ্রহণ কৰিলোঁ আৰু সেই পৰিপূর্ণতাটোৰ অভিব্যক্তিয়েই হ’ল শিক্ষা৷ তেতিয়াই আমি আত্মনির্ভৰশীল হ’ম আৰু তেতিয়াই ছাত্র–ছাত্রীৰ মাজত মন্দাকিনী ধাৰা প্রৱাহিত হ’ব, তেতিয়া জগতত তেওঁ বাছি থাকিবলৈ বহু পথ বিচাৰি পাব৷ গতিকে বিষয়ভিত্তিক শিক্ষা এক অসম্পূর্ণ ধাৰণা, বিষয়ভিত্তিক শিক্ষা শিক্ষাৰ অংগ হয়, কিন্তু সমগ্র নহয়৷ বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট লেখক অৰুন্ধতী মহন্তই ভাৰতীয় সংস্কৃতিৰ প্রেক্ষাপটত জ্যোতিপ্রসাদৰ সৃষ্টিৰ দৃষ্টি বিশ্লেষণ কৰে৷ সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য, বিশিষ্ট লেখক বিনীতা বৰা দেৱ চৌধুৰীয়ে আলোচনা–চক্রৰ ভাষণত জ্যোতিপ্রসাদৰ গীত, নাট, কবিতা, প্রবন্ধকে সামৰি বিশাল সৃষ্টিৰাজিৰ মাজত লুকাই থকা আধুনিক দৃষ্টিভংগীৰ কথা ব্যাখ্যা কৰে৷ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা প্রথম আলোচনা সত্র সঞ্চালনা কৰে বিশিষ্ট লেখক মাইনী মহন্তই ৷ আলোচনা সত্রখনত গৱেষণা পত্র পাঠ কৰে অচ্যুৎ দীপ শহকীয়া, ৰমানন্দন বৰা আৰু ইমাকান্ত হাজৰিকাই ৷ বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয় আলোচনা সত্রত গৱেষণা পত্র পাঠ কৰে ৰঞ্জন কুমাৰ বেজবৰুৱা আৰু ৰুবী বৰাই ৷ সঞ্চালনা কৰে বিশিষ্ট কবি তথা সাহিত্যক ৰাজীৱ বৰাই ৷ বিয়লি ৩ বজাত নীলাক্ষি ফুকন বৰগোহাঁহৰ সঞ্চালনাত অনুষ্ঠিত হয় অস্মিতা অনুষ্ঠান৷ সঞ্চালকৰ মন্তব্যত তেওঁ জ্যোতিপ্রসাদৰ নাটকত থলুৱা নৃত্য–গীতৰ সংমিশ্রণৰ কথা উল্লেখ কৰে৷ এই অনুষ্ঠানত গল্প পাঠ কৰে জ্যোতি গগৈয়ে৷ লিপি ফুকন আৰু মেঘালী হাজৰিকা কাকতিয়ে কবিতা আৰু মালা হাজৰিকাই বড়ো ভাষাৰ অনুবাদ কবিতা পাঠ কৰে৷
কাকজান মহাবিদ্যালয়ৰ বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
পূব যোৰহাটৰ অগ্রণী উচ্চ শিক্ষাৰ অনুষ্ঠান কাকজান মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সুপ্রভাত–পোহৰৰ এটা বাটৰ উদ্যোগত ‘শাশ্বত তাৰুণ্যৰ গোপন ৰহস্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক বিশেষ বক্তৃতা অনুষ্ঠান তথা মত বিনিময় অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, অনুবাদক দিগন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ তেওঁ কয়- যিজন সৎ স্বভাৱযুক্ত, সুন্দৰ হূদয়, দৈহিকভাৱে বলশালী, যিজন বিশিষ্ট বিদ্যার্থী, যিজন ৰমণীয়, যি শ্রেষ্ঠ তেওঁ তৈত্তিয় উপনিষদৰ মতে কিঞ্চিত আশিস লাভ কৰিব পাৰে৷ সংকীর্ণতা জীৱনৰ আদর্শ হ’ব নোৱাৰে, ৰূপান্তৰেহে জগত ধুনীয়া কৰে৷ কোনো আন্দোলন, সংগঠন আৰু ৰাজনীতিয়ে জগত ধুনীয়া কৰিব নোৱাৰে বুলি জ্যোতিপ্রসাদ আগৰৱালাই কৈ থৈ গৈছে৷ তেওঁ কয়- প্রদূষণ হোৱাৰ বাবে প্রদূষণমুক্ত পৃথিৱী কেতিয়াও নাপায়। অধ্যক্ষ ড০ ৰশ্মি ৰেখা শহকীয়াই উদ্বোধন কৰা আৰু ড০ পংকজ গোস্বামীয়ে আঁত ধৰা এহ অনুষ্ঠানত মূল বক্তৃতা প্রদান কৰে বিশিষ্ট লেখক, অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই ৷ উপনিষদত থকা তৰুণ গুণসমূহৰ কথা উল্লেখ কৰি তাৰুণ্যৰ অর্থ, গোপন ৰহস্য আৰু বৃদ্ধ হোৱাৰ গোপন ৰহস্যৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়৷ আন্তঃজীৱন আৰু বাহ্যিক জীৱনৰ সংযোজন ব্যক্তিত্বৰ পৰিপূর্ণতাৰ বাবে অতি প্রয়োজন বুলি উল্লেখ কৰে৷ আকৌ ব্যক্তিত্বৰ পৰিপূর্ণতাৰ বাবে তেওঁ ছটা গুণ, তিনিটা শক্তি আৰু তিনিটা বিশ্বাসৰ কথা উল্লেখ কৰি ব্যাখ্যা আগবঢ়ায়৷