নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ নাগ্ৰীজুলিত ভিজিলেঞ্চৰ জালত জ্যোতিৰ্ময় বৰুৱা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : তামুলপুৰৰ নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ নিম্নবৰ্গৰ সহায়ক জ্যোতিৰ্ময় বৰুৱাক আজি মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগৰ সঞ্চালকালয়ৰ এটি দলে উৎকোচ লৈ থকাৰ সময়ত হাতে লোটে আটক কৰে। অংগনৱাড়ী কৰ্মীৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থী এগৰাকীৰ পৰা চাকৰি দিয়াৰ নামত ধন দাবী কৰিছিল জ্যোতিৰ্ময় বৰুৱাই। আজি দাবী কৰা ধন আনিবলৈ ৰঙিয়ালৈ আহিছিল জ্যোতিৰ্ময় আৰু ধন লোৱাৰ সময়ত আজি ৰঙিয়াৰ এইচ ডি এফ চি বেংকৰ সমীপৰ এক ঠাইত জ্যোতিৰ্ময়ক মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতে লোটে আটক কৰে। উল্লেখ্য যে কেইমাহমান পূৰ্বে  নাগ্ৰীজুলি সংহত  শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনত চাৰিটা অংগণৱাদী কৰ্মী আৰু তিনিটা সহায়িকা পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ। জানিব পৰা মতে অংগনবাড়ী কৰ্মী পদত নিযুক্তি দিয়াৰ প্ৰলোভন দি এগৰাকী প্ৰাৰ্থীৰ পৰা ধন দাবী কৰিছিল জ্যোতিৰ্ময় বৰুৱাই। আৰু সেই দাবী কৰা ধন  নিবলৈ আহি ধনৰ লেনদেন কৰাৰ সময়ত আজি জালত পৰে জ্যোতিৰ্ময়। পিছত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জ্যোতিৰ্ময় বৰুৱাক নাগ্ৰীজুলি সংহত শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আনে আৰু কাৰ্যালয়টোত ধৃত  নিম্ন বৰ্গৰ সহায়ক গৰাকীৰ কোঠাত  তালাচী চলায়। অৱশ্যে  কাৰ্যালয়ত কোনো ধৰণৰ আপত্তিজনক নথি পত্ৰ জব্দ হোৱা নাই বুলি জানিব পৰা গৈছে। ইপিনে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য দিয়াৰ পৰা বিৰত থাকে।
প্ৰেৰক ৰজনী বৰ্মন
You might also like