নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণুপ্রসাদ ৰাভাক স্মৰণ বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰি লেখিকা সংস্থাৰ

🔹 মুখপত্র ‘বিষ্ণুজ্যোতি’ উন্মোচন

বিশেষ বার্তা, ৩০ জুন : ‘মানুহৰ জীৱনত পৰিৱর্তন এক চিৰাচৰিত সত্য৷ প্রাচীন কালৰ পৰাই বিৱর্তনৰ মাজেৰে যাত্রা কৰি বর্তমানৰ পর্যায় পাইছেহি৷ বর্তমানৰ যুৱপ্রজন্মৰ বহুতেই প্রচলিত ধ্যান–ধাৰণাৰ বিপৰীতে গতি কৰিবলৈ লৈছে৷ যুৱপ্রজন্মৰ বহুতেই বিষ্ণু ৰাভা প্রমুখ্যে আন মহান ব্যক্তিসকলৰ কর্মৰাজি, অসমৰ ঐতিহ্য, ইতিহাসৰ বিষয়ে একেবাৰে অজ্ঞ৷ ইয়াৰ বিপৰীতে নৱপ্রজন্মৰ আন এচাম ব্যস্ত হৈ আছে অসমৰ সভ্যতা–সংস্কৃতি, শিল্প–সাহিত্যৰ সাধনা আৰু প্রচাৰত৷’– এই মন্তব্য অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰি লেখিকা সংস্থাৰ মুখ্য সভাপতি মৃণালিনী দেৱীৰ৷ আজি গুৱাহাটীৰ ওদালবাক্রাৰ বিষ্ণু ৰাভা উদ্যানত অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্রসংগত মৃণালিনী দেৱীয়ে লগতে কয় যে মহাপুৰুষ শংকৰদেৱৰ পাছত অসমীয়া জাতিটোক সমৃদ্ধিশালী ৰূপত সজাই–পৰাই বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ নিৰৱচ্ছিন্নভাৱে সাধনা কৰিছিল কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাই৷ অসমৰ জাতি–জনগোষ্ঠীৰ ৰীতি–নীতি, আচাৰ–ব্যৱহাৰ, জীৱন-ধাৰণৰ সৈতে নিজকে সংপৃক্ত কৰি সকলোৰে মাজত বৃহৎ ঐক্য আৰু সমতা স্থাপন কৰাত বিষ্ণুপ্রসাদ ৰাভাৰ অৱদান অতুলনীয়৷ ভাষণ প্রসংগত তেওঁ লগতে বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যৰ কথা সুঁৱৰি বিষ্ণুপ্রসাদ ৰাভাৰ আদর্শৰাজিক সাৰোগত কৰি অসমীয়া সমাজক আগুৱাই যাবলৈ আহ্বান জনায়৷ মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ এই স্মৃতিচাৰণ অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই কয় যে বিষ্ণুপ্রসাদ ৰাভাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ’ব৷ ওদালবাক্রাৰ বিষ্ণু ৰাভা উদ্যানত আয়োজন কৰা এই অনুষ্ঠানে এক ইতিবাচক বার্তা বহন কৰিছে৷ এই অনুষ্ঠানটোৰ জৰিয়তে বহুমুখী প্রতিভাৰ অধিকাৰী বিষ্ণুপ্রসাদ ৰাভাৰ স্মৃতিচাৰণ কৰিবলৈ অসমৰ আন আন অনুষ্ঠান–প্রতিষ্ঠানক প্রেৰণা যোগাব৷ এই অনুষ্ঠানতে মৃণালিনী দেৱী আৰু গীতিকা দেৱীৰ সম্পাদনাত বৃহত্তৰ কাহিলিপাৰা-গণেশগুৰি লেখিকা সংস্থাই প্রকাশ কৰি উলিওৱা মুখপত্র ‘বিষ্ণুজ্যোতি’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, বিষ্ণু ৰাভাৰ পুত্র তথা বিধায়ক পৃথ্বিৰাজ ৰাভা, পুঠিমাৰী কলেজৰ অধ্যাপিকা ড০ প্রণতি মুদিয়াৰ তালুকদাৰে৷ অনুষ্ঠানত বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰি লেখিকা সংস্থাই বিধায়ক পৃথ্বিৰাজ ৰাভাক সম্বর্ধনা জনায়৷ সভাত পৃথ্বিৰাজ ৰাভাই পিতৃ বিষ্ণুপ্রসাদ ৰাভাৰ ঘটনাবহুল জীৱন আৰু কর্মৰাজিৰ ওপৰত আলোকপাত কৰি ভাষণ প্রদান কৰে৷ ৰুণুমী লহকৰে আঁত ধৰা এই অনুষ্ঠানত অনন্ত ৰাভা, দিলীপ শর্মা, নৰেন ডেকা, জিণ্টু ৰাভা, বিষ্ণু ডেকা, নৰহৰি বর্মনকে ধৰি বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰি লেখিকা সংস্থাৰ সদস্য, ওদালবাক্রা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷

You might also like