বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ কাহিলিপাৰা জনকপুৰস্থিত ‘প্ৰেৰণা সমাজৰ’ উদ্যোগত ডাঃ মিনু মহন্তৰ সভাপতিত্বত এখন সভা ২৬ ডিচেম্বৰত অনুষ্ঠিত হয়। উক্ত সভাখন ৰাণু দত্ত দাধৰাৰ বৰগীতেৰে শুভাৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য সম্পাদক অৱনী গোহাঁয়ে। সমৱেত সংগীত পৰিৱেশন কৰে প্ৰেৰণা সমাজৰ সদস্যাসকলে। সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱী, সাহিত্যিক কিশোৰী মোহন পাঠক আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুলেখক মদন চন্দ্ৰ মেধি উপস্থিত থাকে। সভাতে মৃণালিনী দেৱীয়ে ‘প্ৰেৰণা’ শীৰ্ষক আলোচনীখন উন্মোচন কৰে। আলোচনীখন উন্মোচন কৰি তেওঁ কয়, সাহিত্যত জাতীয় জীৱনৰ চিন্তা-চেতনা, ভাৱাদৰ্শ, শান্তি সম্প্ৰীতি সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে। জগন্নাথ মন্দিৰত থকা চত্ৰুত থকা চাৰিটা দিশৰ বিষেয়ও অৱগত কৰে তেওঁ। সভাত কণমানি শৰ্মা আৰু কবি কাবেৰী দাসে কবিতা আবৃতি আৰু পাঠ কৰে। শলাগৰ শৰাই আৰু জাতীয় সংগীতেৰে সভাখনৰ সামৰণি মাৰে।