সাহিত্যিক কৈলাশ নাথ শর্মা সাহিত্য বঁটা ড০ মহেশ্বৰ হাজৰিকালৈ
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক, কানৈ কলেজৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ, প্রথিতযশা সংস্কৃত পণ্ডিত, বিশিষ্ট অনুবাদক ড০ মহেশ্বৰ হাজৰিকালৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ কৈলাশ নাথ শর্মা সোঁৱৰণী সাহিত্য বঁটা৷ শনিবাৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ধীৰেন শর্মাই এই কথা ঘোষণা কৰে৷
উল্লেখ্য যে বিশিষ্ট সাহিত্যিক, গীতিকাৰ কৈলাশ নাথ শর্মাৰ জন্মদিনত কালি নুনমাটি স্নেহবন্ধনত আয়োজন কৰা হয় শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান৷ এই অনুষ্ঠানতেই সংস্কৃত পণ্ডিত, অনুবাদক ড০ মহেশ্বৰ হাজৰিকালৈ কৈলাশ নাথ শর্মা সোঁৱৰণী সাহিত্য বঁটা প্রদানৰ কথা ঘোষণা কৰা হয়৷ ২০১৮ চনত আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সংস্থা, অসমৰ দ্বাৰা প্রকাশিত পাণিনীয় সংস্কৃত গ্রন্থৰ পৰা অসমীয়ালৈ অনূদিত ‘পাণিনীয় অষ্টাধ্যায়ী’ গ্রন্থখনৰ বাবে সংস্কৃত পণ্ডিতগৰাকীলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে৷ সংস্কৃত পণ্ডিত ড০ মহেশ্বৰ হাজৰিকাই দ্য প্লেচ অৱ আছাম ইন সংস্কৃত লিটাৰেচাৰ এ ষ্টাডী শীর্ষক গৱেষণামূলক গ্রন্থ, ৰাসোত্রয়ী, শ্রীমন্ত শংকৰদেৱ চৰিত্রম, কীর্তনম, স্বামী বিবেকানন্দৰ সমগ্র ৰচনাৱলী (অসমীয়ালৈ অনুবাদ), সানিৰ শান্তি শতকম আদি কেইবাখনো গ্রন্থৰ লগতে সংস্কৃত কবিভাষ, বিশাদ দত্ত আৰু কালিদাসৰ কেইবাখনো নাটক অনুবাদ কৰি অনাতাঁৰ কেন্দ্রযোগে প্রচাৰ কৰিছে৷
প্রয়াত কৈলাশ নাথ শর্মাৰ সোঁৱৰণত প্রতি দুবছৰৰ মূৰে মূৰে এই সাহিত্য বঁটা প্রদান কৰি অহা হৈছে৷ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট গৱেষক, সাহিত্যিকক লৈ গঠন কৰা উপ–সমিতিয়ে ড০ মহেশ্বৰ হাজৰিকাৰ নাম এই বঁটাৰ বাবে মনোনীত কৰাৰ পাছত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ কার্যনির্বাহক সভাত অনুমোদন জনোৱা হয়৷ এই বঁটাত আছে এক লাখ টকা, এখন প্রশস্তি–পত্র, স্মাৰক আৰু গ্রন্থৰ টোপোলা৷ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিবপ্রধান কমল কলিতাই জানিবলৈ দিয়া মতে, সাহিত্যিক কৈলাশ নাথ শর্মাৰ জন্মদিন ১৪ নৱেম্বৰত এই বঁটা প্রদান কৰা হয় যদিও চলিত বর্ষৰ ক’ভিড পৰিস্থিতিৰ কাৰণে ২০২২ চনত দিবলগীয়া বঁটাৰ সৈতে চলিত বর্ষৰ বঁটাটোও আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷
ইয়াৰ পূর্বে ২০১২ চনত ড০ অপূর্ব চন্দ্র বৰঠাকুৰ, ২০১৪ চনত ড০ হৰিনাথ শর্মা, ২০১৮ চনত ড০ অশোক কুমাৰ গোস্বামীক এই বঁটা প্রদান কৰা হৈছিল৷ ইফালে আজি গীতিকাৰ কৈলাশ নাথ শর্মাৰ জন্মতিথি উপলক্ষে স্নেহবন্ধনত আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ–সভাপতি তথা কৈলাশ নাথ শর্মাৰ পত্নী মৃণালিনী দেৱী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ধীৰেন শর্মা, অধ্যাপক ভবানীপ্রসাদ অধিকাৰী, সচিবপ্রধান কমল কলিতা, বিশিষ্ট লেখক–বক্তা দিগন্ত বিশ্ব শর্মা, কৃষ্ণ আচার্য, মণিৰাম দাস আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি৷ স্মৃতিচাৰণ সভাত মৃণালিনী দেৱী, অধ্যাপক ভবানীপ্রসাদ অধিকাৰী, দিগন্ত বিশ্ব শর্মা, কৃষ্ণ আচার্য, প্রবীণ বড়ো, মণিৰাম দাস, ৰুণুমী লহকৰ আদিয়ে বত্তৃণতা প্রদান কৰে৷