নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈলাশ নাথ শর্মা সোঁৱৰণী আন্তঃবিদ্যালয় শিশু দবা আৰম্ভ

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : স্নেহবন্ধন আৰু অসম দবা ক্লাবৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম বার্ষিক কৈলাশ নাথ শর্মা সোঁৱৰণী আমন্ত্রণমূলক আন্তঃবিদ্যালয় শিশু দবা প্রতিযোগিতা ৷ অসমৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ১১৪গৰাকী দবাৰুৱে অংশগ্রহণ কৰা প্রতিযোগিতাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্রী মৃণালিনী দেৱীয়ে ৷

উদ্বোধনী অনুষ্ঠানত সৰলা বিৰলা জ্ঞানজ্যোতিৰ অধ্যক্ষ দিগন্ত হাল্ডেৰ, গুৱাহাটী দবা সন্থাৰ সভাপতি ছিবেন দত্ত, স্নেহবন্ধনৰ মুৰব্বী বিজয়া শর্মাৰ লগতে খেলুৱৈ আৰু বিষয়ববীয়া উপস্থিত থাকে ৷ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণী, পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণী আৰু প্রথম শ্রেণীৰ পৰা চতুর্থ শ্রেণী শাখাত অনুষ্ঠিত প্রতিযোগিতাখনৰ প্রতিটো গ্ৰুপৰ শীর্ষ পাঁচগৰাকী খেলুৱৈক বিনামূলীয়া দবা প্রশিক্ষণৰ ৰূপত বৃত্তিৰ লগতে ট্রফী আৰু মানপত্র প্রদান কৰা হ’ব ৷ প্রতিযোগিতাখনত মুখ্য আর্বিটাৰ হিচাপে থাকিব আন্তঃৰাষ্ট্রীয় আর্বিটাৰ বিশ্বজিত ভৰদ্বাজ ৷ প্রতিযোগিতাখনৰ সঞ্চালক হ’ল নন্দন বুঢ়াগোহাঁই৷

You might also like