কৈলাশ নাথ শর্মা সোঁৱৰণী আমন্ত্রণমূলক আন্তঃবিদ্যালয় শিশু দবা টুর্নামেণ্টৰ সামৰণি
📌 উত্তৰ–পূর্বাঞ্চলৰ প্রথম গ্রেণ্ড মাষ্টাৰ মায়াংক চক্রৱর্তীক সম্বর্ধনা জ্ঞাপন
📌 সর্বশ্রেষ্ঠ স্কুলৰ খিতাপ অর্জন চতুর্থ মহর্ষি বিদ্যামন্দিৰ স্কুলৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ কৈলাশ নাথ শর্মা সোঁৱৰণী ষষ্ঠ আমন্ত্রণমূলক আন্তঃশিশু দবা টুর্নামেণ্ট যোৱা ৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ গুৱাহাটীৰ জয়ানগৰস্থিত স্নেহবন্ধনৰ চৌহদত অনুষ্ঠিত হয়৷ ছটা ৰাউণ্ডৰ এই ছুইছ লীগ ইভেণ্টত অসমৰ বিভিন্ন প্রান্তৰ বিদ্যালয়ৰ ১৮৫জন খেলুৱৈয়ে অংশগ্রহণ কৰে৷ এই টুর্নামেণ্টখন প্রয়াত কৈলাশ নাথ শর্মাৰ পত্নী মৃণালিনী দেৱী, অসম দবা ক্লাবৰ কার্যকৰী সভাপতি অমিতাভ বসুমতাৰী, দ্য গ্রীন স্কুল ইণ্টাৰনেচনেলৰ অধ্যক্ষ মৌচুমী গাংগুলী, স্নেহবন্ধনৰ প্রকল্প মুৰব্বী বিজয়া শর্মা আৰু আন্তঃৰাষ্ট্রীয় দবা আৰবিটাৰ বিশ্বজিৎ ভৰদ্বাজৰ উপস্থিতিত গুৱাহাটী দবা সংস্থাৰ কার্যকৰী সভাপতি ড০ শিৱেন দত্তই উদ্বোধন কৰে৷ বার্ষিক প্রতিযোগিতাখন অসম দবা ক্লাব আৰু স্নেহবন্ধন দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয়৷ নন্দন বুঢ়াগোহাঁয়ে টুর্নামেণ্টখন পৰিচালনা কৰে৷ আন্তঃৰাষ্ট্রীয় আৰবিটাৰ বিশ্বজিৎ ভৰদ্বাজে মুখ্য আৰবিটাৰ হিচাপে টুর্নামেণ্টখনত উপস্থিত থাকে৷ আনহাতে আন্তঃৰাষ্ট্রীয় আৰবিটাৰ মণিমালা সিংহ আৰু জ্যেষ্ঠ ৰাষ্ট্রীয় আৰবিটাৰ হোমেন ৰাভাক উপ–আৰবিটাৰ হিচাপে দায়িত্ব প্রদান কৰা হয়৷ টুর্নামেণ্টখনৰ পুৰস্কাৰ প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্রদীপ টিমুং৷ তদুপৰি ছাউথ পইণ্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দা, আৰোহণৰ পৰিচালন ন্যাসৰক্ষী প্রীতি শইকীয়া, প্রয়াত কৈলাশ নাথ শর্মাৰ সহধর্মিণী মৃণালিনী দেৱী, ইণ্ডিয়ান অইলৰ ডিজিএম দীপক কুমাৰ পাঠক আৰু ড০ মনোমিতা চক্রৱর্তী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পৰা প্রথম গ্রেণ্ড মাষ্টাৰৰ খিতাপ লাভ কৰা যুৱ দবাৰু মায়ংক চক্রৱর্তীক এই অনুষ্ঠানতে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ স্নেহবন্ধনৰ প্রকল্প মুৰব্বী বিজয়া শর্মাই শলাগৰ শৰাই আগবঢ়ায়৷ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শাখাত ক্রমে মাৰিয়া পাব্লিক স্কুলৰ প্রিয়ানুজ দাসে প্রথম স্থান, বাল ভাৰতী পাব্লিক স্কুলৰ দীপাংকৰ গগৈয়ে দ্বিতীয় স্থান, ছাউথ পইণ্ট স্কুলৰ প্রীতম গুপ্তাই তৃতীয় স্থান, বাল ভাৰতী পাব্লিক স্কুলৰ আশিক ছোৰেনে চতুর্থ স্থান আৰু সৰলা–বিৰলা জ্ঞানজ্যোতি স্কুলৰ মায়ংক গোস্বামীয়ে পঞ্চম স্থান লাভ কৰে৷ আনহাতে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছোৱালীৰ শাখাত ছেইণ্ট যোছেফ কনভেণ্ট এইচএছ স্কুলৰ এঞ্জেল ডুগাৰে প্রথম স্থান, দ্য গ্রীন স্কুল ইণ্টাৰনেচনেলৰ সন্দীপা দাসে দ্বিতীয় স্থান আৰু মনফ’ট স্কুলৰ ডিমিট্রি তালুকদাৰে তৃতীয় স্থান লাভ কৰে৷ পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ শাখাত এমভিএম ফ’ৰৰ চায়াংক তহবিলদাৰে প্রথম স্থান, গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱৰাজ শর্মাই দ্বিতীয় স্থান, নাৰায়া ই টেকন’ স্কুলৰ দৈপ্যান সাহাই তৃতীয় স্থান, জৱাহৰজ্যোতি এইচএছ স্কুলৰ পার্থ সাৰথি গংগাপ্রিয়মে চতুর্থ স্থান আৰু ডনবস্ক’ স্কুলৰ বেদান্ত বীৰ হেদাই পঞ্চম স্থান দখল কৰে৷ পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ ছোৱালীৰ শাখাত এমভিএম ফ’ৰ হৰিপ্রিয়া বৰাই প্রথম স্থান, মডার্ন ইংলিছ স্কুলৰ ইশানৱী শইকীয়াই দ্বিতীয় স্থান, দিল্লী পাব্লিক স্কুলৰ অন্বেষা আৰ প্রসাদে তৃতীয় স্থান, কেভি ডিগাৰুৰ প্রতিধ্বনি সন্দিকৈয়ে চতুর্থ স্থান আৰু দিল্লী পাব্লিক স্কুলৰ ৰ’লী ভুৱানিয়াই পঞ্চম স্থান লাভ কৰে৷ চতুর্থ শ্রেণী পর্যন্ত শাখাত মাৰিয়া পাব্লিক স্কুলৰ ৰিয়ান নবিছে প্রথম স্থান, এমভিএম ফ’ৰৰ জিছান কাশ্যপ বৰাই দ্বিতীয় স্থান, ছাউথ পইণ্ট স্কুলৰ পার্থপ্রতিম ৰয়ে তৃতীয় স্থান, এমভিএম ফ’ৰৰ শ্রীহান কুমাৰ হ’ৰে চতুর্থ স্থান আৰু মডার্ন ইংলিছ স্কুলৰ সূর্যাংশু শইকীয়াই পঞ্চম স্থান দখল কৰে৷ চতুর্থ শ্রেণী পর্যন্ত ছোৱালীৰ শাখাত ছেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছার্ভিশ্রী বর্মনে প্রথম স্থান, ডনবস্ক’ স্কুলৰ ধন্যতা গোস্বামীয়ে দ্বিতীয় স্থান, ডনবস্ক’ স্কুলৰ আকাংক্ষা কলিতাই তৃতীয় স্থান, হলী হোমৰ ধনিষ্কা দাসে চতুর্থ স্থান আৰু লিটল ফ্লাৱাৰ স্কুলৰ কৃষ্ণাংগী শর্মাই পঞ্চম স্থান লাভ কৰে৷ চতুর্থ মহর্ষি বিদ্যামন্দিৰ স্কুলে সর্বশ্রেষ্ঠ স্কুলৰ খিতাপ লাভ কৰে৷