নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ কাইজেন একাডেমীৰ ব্যতিক্রমী পদক্ষেপ

🔹 মাতৃ পূজনৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : মাতৃ দেৱ ভৱ:। এই বাণীয়েই প্ৰতীয়মান কৰে মাতৃৰ ভূমিকা।ভগৱান হেনো মূৰ্তমান হয় আপোনাৰ-মোৰ মাৰ মাজেৰে। যুগে যুগে নাৰী জাতিক গৌৰৱৰ শিখৰত অধিষ্ঠিত কৰি আহিছে মাতৃ সমাজে।  ঢকুৱাখনাত সেই মাতৃকেই পূজা কৰি গৌৰৱোজ্জ্বল ভাৰতীয় সংস্কৃতিক প্রোজ্জ্বল কৰিলে এখন বিদ্যালয়ৰ ছাত্র সমাজে। ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ ব্যতিক্ৰমী পদক্ষেপ। শিক্ষানুষ্ঠানখনে বুধবাৰে অনুষ্ঠিত কৰিলে মাতৃ পূজনৰ এক বিশেষ কাৰ্যসূচী। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ফুল-চাকি, নৈবদ্য লৈ চৰণ চুই আশীৰ্বাদ ল’লে মাতৃৰ পৰা। সাম্প্ৰতিক সময়ত অভিভাৱকৰ প্ৰতি একাংশ সন্তানৰ শ্ৰদ্ধা-ভক্তি কমি যোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে পিতৃ-মাতৃ বৃদ্ধ হোৱাৰ পাছতেই তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ আহে একাংশ সন্তানে।

ভৱিষ্যতে যাতে কোনো সন্তানে পিতৃ-মাতৃক অৱহেলা নকৰে বা সৰুৰে পৰা যাতে সন্তানে পিতৃ-মাতৃৰ সেৱাত ব্ৰতী হয়, তাৰ বাবেই ঢকুৱাখনাৰ এই শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে মাতৃ পূজনৰ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। মাতৃ পূজনৰ এই বিশেষ দিনটোত শিক্ষানুষ্ঠানখনত বিৰাজ কৰিলে এক আধ্যাত্মিক পৰিৱেশে। সমূহ শিক্ষাৰ্থীয়ে শৃংখলাবদ্ধতাৰে সমসাজ পৰিধান কৰি উপস্থিত থাকে শিক্ষানুষ্ঠানখনত। কাইজেন একাডেমী কৰ্তৃপক্ষৰ সহযোগিতাৰে  বিদ্যালয়ত উপস্থিত অভিভাৱকসকলক শিক্ষাৰ্থীসকলে হাতে হাতে ধূপ-বন্তি, পুষ্প মাল্য লৈ নিজ নিজ মাতৃক প্ৰথমে চৰণ স্পৰ্শ কৰি ভক্তিভৰা প্ৰণিপাত জনায় । অভিভাৱকসকলেও সন্তানৰ পূজনত আহ্লাদিত  আৰু আৱেগিক হৈ আশীৰ্বাদ দিয়ে। উল্লেখ্য যে অভিভাৱকৰ প্ৰতি সন্তানৰ ভক্তিভাব যাতে বৃদ্ধি পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বছৰৰ পৰা  মাতৃ পূজনৰ এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ঢকুৱাখনাৰ  কাইজেন একাডেমী কৰ্তৃপক্ষই।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like