নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এশ শতাংশ উত্তীৰ্ণৰে উজলিল ঢকুৱাখনাৰ কাইজেন একাডেমী

নিয়মীয়া বাৰ্তা, ৬ জুনঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে পুনৰ উজলিল ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমী।একাডেমীৰ কলা আৰু বিজ্ঞান শাখাত এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত সৰ্বমুঠ ১১গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ১১গৰাকীৰ ভিতৰত ৫গৰাকীয়ে ষ্টাৰ মাৰ্ক, ১০গৰাকীয়ে প্ৰথম বিভাগত আৰু ১গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। আনহাতে, বিজ্ঞান শাখাত এই বৰ্ষত ৩৩গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ষ্টাৰ ৫গৰাকী, প্ৰথম বিভাগত ১৭গৰাকী আৰু দ্বিতীয় বিভাগত ১৬গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইফালে, শিক্ষানুষ্ঠানখনৰ ছাত্ৰ খনিন্দ্ৰ গগৈয়ে নৃতত্ব (৯৯) বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষানুষ্ঠানখনৰ এই ফলাফলত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like