নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত যন্ত্ৰণাত ছটফটাইছে মখনা হাতীয়ে


নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত মখনা হাতীয়ে যন্ত্ৰণাত চটফটাইছে । অন্য এটা মতা হাতীৰ সৈতে হোৱা পাৰস্পৰিক যুঁজত সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এই মতা হাতীটো । বিগত প্ৰায় ছয়দিন ধৰি পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া মেথনি চাহ বাগিচাৰ ৫ নম্বৰ লাইনত বাগিছাৰ এটা খালত আৰ্তনাদ কৰি আছে হাতীটোৱে । বন বিভাগে এই ক্ষেত্ৰত যিদৰে হাতীটোৰ চিকিৎসা কৰিব লাগিছিল সেই চিকিৎসা প্ৰদান নকৰাত ক্ৰমাৎ জটিল হৈ পৰিছে হাতীটোৰ স্বাস্থ্য‌ । সোমবাৰে বিশিষ্ট হাতী বিশেষজ্ঞ তথা পদ্মশ্ৰী ডাঃ কে কে শৰ্মা আঘাটপ্ৰাপ্ত হাতীটোৰ কাষত উপস্থিত হৈ আহত হাতীটোৰ পৰিস্থিতিৰ বুজ ৷ হাতী বিশেষজ্ঞগৰাকীক সংগ দিয়ে কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ আৰু বন বিভাগৰ লোকে ৷ ইতিমধ্যে হাতীটোৰ চিকিৎসা আৰম্ভ কৰিছে চিকিৎসকে।

#ৰঞ্জিত ৰজক

You might also like