নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ শিক্ষক-যুৱ সমাজকৰ্মী পলাশ তামূলীক ‘কলা ৰত্ন’ বঁটা প্ৰদান

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ তিতাবৰ তাঁতী গাঁ‌ৱৰ যুৱ সমাজকৰ্মী, শিক্ষক পলাশ তামূলীক জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে এইবৰ্ষৰ ‘কলা ৰত্ন’ ৰাষ্ট্ৰীয় বঁ‌টা প্ৰদান কৰিছে। গুৱাহাটীৰ বেলতলাত কালি ২৭ অক্টোবৰত অনুষ্ঠিত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ নৱম সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত পলাশ তামূলীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনত সামাজিক, সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে। এইবাৰ তিতাবৰৰ যুৱ সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, তিতাবৰৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ শিক্ষক পলাশ তামূলীলৈ এই বঁ‌টা আগবঢ়োৱা হৈছে। এই বঁ‌টাৰ সৈতে গামোচা, সুদৃশ্য স্মাৰক, প্ৰশস্তি পত্ৰ, মেডেল, একাধিক উপহাৰ আদি প্ৰদান কৰা হয়। তিতাবৰ তাঁ‌তী গাঁ‌ৱৰ নিবাসী পলাশ তামূলীয়ে শিক্ষকতাৰ লগতে দীৰ্ঘদিন ধৰি সামাজিক আৰু সাংস্কৃতিক কাম কাজত জড়িত হৈ আহিছে। বিশেষকৈ পুৰনা তিতাবৰৰ তাঁ‌তী গাঁ‌ও শিক্ষা উন্নয়ন সমিতি, ৰাজহুৱা শিৱ মন্দিৰৰ বিভিন্ন শিক্ষামূলক অনুষ্ঠান, নামঘৰ আদিৰ বিভিন্ন সামাজিক কাম কাজৰ লগতে নাট্যক্ষেত্ৰখনৰ সৈতেও বিশেষ ভাৱে জড়িত হৈ অৱদান আগবঢ়াই আহিছে পলাশ তামূলীয়ে। শিশু অৱস্থাৰ পৰাই ভাওনা-নাট, সামাজিক কামকাজ আদিৰ সৈতে তেওঁ জড়িত হৈ আহিছে। তাৰোপৰি অঞ্চলটোৰ বহু যুৱকক বিশেষ সহায় কৰি আহিছে তামূলীয়ে। তিতাবৰ অঞ্চলৰ আৰ্থিকভাৱে পিছ পৰা বহু ছাত্ৰ-ছাত্ৰীক পঢ়াৰ ক্ষেত্ৰতো সহায় কৰি আহিছে তামূলীয়ে। তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এসময়ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা পলাশ তামূলীয়ে অসমৰ বহু ঠাইত অনুষ্ঠিত হোৱা একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, নীলিময় ফুকনৰ দ্বাৰা পৰিচালিত নাটকৰ লগতে ‘টেটোন তামূলী’ নাটকত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। সাংস্কৃতিক মহাসভা অসমৰ তিতাবৰ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা তামূলীয়ে পুৰনা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰৰ শিক্ষা সম্পাদক, তাঁতী গাঁও শিক্ষা উন্নয়ন সমিতিৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছে। কেৱল সেইয়াই নহয়, অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কামকাজৰ সৈতেও তেওঁ জড়িত হৈ আছে। পলাশ তামূলীয়ে ‘কলা ৰত্ন’ ৰাষ্ট্ৰীয় বঁ‌টা লাভ কৰাৰ বাতৰিয়ে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই অনাৰ লগতে অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আনহাতে, এই বঁ‌টাই পলাশ তামূলীক সাংস্কৃতিক পথাৰখনত অধিক ব্ৰতী হ’বলৈ উৎসাহিত কৰিব বুুলি ৰাইজে আশা কৰে। কালিৰ এই বঁ‌টা প্ৰদান অনুষ্ঠানত সামাজিক আৰু সাংস্কৃতিক জগতৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like