নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ কলাভাৰী ইংলিছ স্কুলক কঠোৰ সকীয়নি সত্যৰঞ্জন বৰাৰ

জয় শ্ৰীৰাম ধ্বনি দিয়া ছাত্ৰক শাস্তি দিয়াৰ বাবেই এই সকীয়নি
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰাৰ খেলমাটিত আজি উপস্থিত হয় কুটুম্ব সুৰক্ষা পৰিষদ অসমৰ সভাপতি সত্যৰঞ্জন বৰা। বৰাই খেলমাটিৰ কলভাৰী ইংলিছ স্কুলত উপস্থিত হৈ বিদ্যালয়খনত যোৱা ৫ ফেব্ৰুৱাৰীত বিদ্যালয়খনত এজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই বিদ্যালয়ত জয় শ্ৰী ৰাম ধ্বনি দিয়াৰ বাবে এজন শিক্ষকে শাস্তি দিয়া কাৰ্যৰ প্ৰসংগ উল্লেখ কৰি বিদ্যালয় কৰ্তৃপক্ষক কঠোৰ ভাষাৰে সকীয়নী প্ৰদান কৰে। বৰাই বিদ্যালয় কৰ্তৃপক্ষক ধৰ্মনিৰপেক্ষতা বিষয়ত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক বিচাৰৰ প্ৰতিলিপি পাঠ কৰি খ্ৰীষ্টান কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত উক্ত বিদ্যালয়খনত কিয় হিন্দু ধৰ্মৰ ছাত্ৰক কেৱল জয় শ্ৰী ৰাম কোৱাৰ বাবে শাস্তি বিহিলে বুলি বিদ্যালয় প্ৰধানৰ লগতে ঘটনাটোতো সংঘটিত কৰা মণিপুৰৰ শিক্ষকজনক জবাবদিহি কৰে। তেওঁ লগতে কয় যে বিদ্যালয় এখন যি ধৰ্মৰ দ্বাৰাই পৰিচালিত নহওঁক কিয় তেওঁলোকে সকলো ধৰ্মকে সমান চকুৰে চোৱাতো নৈতিক কৰ্তব্য। কলভাৰী ইংলিচ স্কুলৰ লগতে একাংশ ব্যক্তিগত বিদ্যালয়ে কিছুমান কৰ্মকাণ্ডৰে হিন্দু ধৰ্মক অপমান কৰি সংবিধান ভংগ কৰাৰ লগতে নৈতিক পৰিৱেশো কলুষিত কৰি সমাজত বিভেদ বীজ সিঁচা কাৰ্য কুটুম্ব পৰিষদে কদাপি সহ্য নকৰে। বিদ্যালয় কৰ্তৃপক্ষক বৰাই কয় যে তেওঁলোকে ধৰ্মনিৰপেক্ষতাৰ নীতি মানি চলক, বিদ্যালয়ৰ দৰে পৱিত্ৰ মন্দিৰত ধৰ্মৰ নামত ছাত্ৰক হাৰাশাস্তি কৰা বন্ধ কৰক। অনাগত ভৱিষ্যতে বিদ্যালয়খনে এনে কাৰ্য পুনৰবাৰ সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ ব বুলিও সকীয়নী প্ৰদান কৰে। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত বিদ্যালয় চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই স্বভাৱসূলভভাৱে বিদ্যালয়ত জয় শ্ৰী ৰাম ধ্বনি দিছিল । এই কাৰ্যত ক্ষোভিত হৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু এজন শিক্ষকে ছাত্ৰজনক কিয় জয় শ্ৰী ৰাম ধ্বনি দিব বুলি শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত ছাত্ৰজনে পৰিয়ালক অৱগত কৰাত বিদ্যালয়খনত পৰিয়ালৰ লোক, দল-সংগঠনৰ বিষয়ববীয়া, শতাধিক ৰাইজ উপস্থিৰ হৈ বিদ্যালয় কৰ্তৃপক্ষক এনে কাৰ্য বন্ধ কৰিবলৈ সকীয়নী প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like