নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ শওপুৰত বেঁকী নৈৰ খহনীয়াৰ কালৰূপ ধাৰণ

নিয়মীয়া বাৰ্তা, ৫ জুলাই : কলগাছিয়াৰ শওপুৰত বেঁকী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কবলত পৰি বন্ধ হল বিকল্প ৰাজ্যিক ঘাইপথ। চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। বিগত তিনি বছৰ ধৰি শওপুৰত বেঁকী নদীৰ খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি বিকল্প ৰাজ্যিক ঘাই পথৰ এটা অংশ উছন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে মূল ঠাইত কোনো কাম কৰা নাছিল। কালি হঠাৎ বিকল্প ৰাজ্যিক ঘাই পথৰ এটা অংশ বেঁকী নদীত খহি পৰাত হুৱাদুৱা লাগে৷ লগে লগে বিভাগীয় কৰ্তৃপক্ষই পথ বন্ধ কৰি দিয়ে৷ ফলত বৰপেটা-বঙাইগাঁৱৰ যাতায়াত ব্যৱস্থা একেবাৰে বন্ধ হোৱাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। ইপিনে স্থানীয় বিধায়ক ৰফিকুল ইছলামে ঘটনাস্থলীত উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অৱশ্যে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা দেখা গৈছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like