নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ শগুণবাহীত কালী পূজা উদযাপন, লোকাৰণ্য পূজাথলী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ১২৪সংখ্যক শ্ৰীশ্ৰী কালী মাৰ বাৰ্ষিক পূজাভাগক লৈ নগৰবেৰাৰ মেধিপাৰাত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ যঠেষ্টসংখ্যক ভিৰ পৰিলক্ষিত হয়। মেধিপাৰা-শগুণবাহী গাঁৱৰ ৰাইজে প্ৰতিবছৰে উদযাপন কৰে এই পূজাৰ। পুৱাৰে পৰা পূজাথলীলৈও জনস্ৰোত বয়। লোকবিশ্বাস মতে উক্ত মন্দিৰত কিবা মানস কৰি মা’ৰ সেৱা ল’লে ভক্তৰ মনোবাঞ্ছা সিদ্ধি হয়, প্ৰৱাদ মতে পূৰ্বতে অঞ্চলটোত কলেৰা আদি ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত মন্দিৰত মাঁ’ৰ নামত ধুপ-চাকি জ্বলাই মহামাৰীৰ পৰা ৰাইজে পৰিত্ৰাণ পাইছিল, সেই পৰম্পৰা অনুসৰি প্ৰতিবছৰে মাঘমাহত এই পূজা উদযাপন কৰি আহিছে। বলি-বিধানৰ নিয়ম নাই যদিও পাৰচৰাই, পঠাছাগলী আদি উচৰ্গা কৰা হয় মাৰ নামত। সকলোৱে ভিৰ কৰে দেৱীৰ আশীষ ল’বলৈ। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আৰু যাত্ৰাদলক নাট মঞ্চস্থ কৰাৰ বাবে আমন্ত্ৰণ কৰা হৈছে। সাংস্কৃতিক মঞ্চ মুকলি কৰে নগৰবেৰা ৰাজহচক্ৰ বিষয়া উৎপল ডেকাই, ৰাভা-হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীও কাৰ্যসূচীত উপস্থিত থাকে। আজিৰ এই বিশেষ পুৰণি পূজাভাগক লৈ মন্দিৰৰ চৌপাশে সহস্ৰাধিক লোকৰ সমাগম ঘটে, বিৰাজ কৰে বিশেষ আধ্যাত্মিক পৰিবেশ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like