কল্পনা পাটোৱাৰীৰ অগপত যোগদান
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে আজি অসম গণ পৰিষদত যোগদান কৰিছে। জনপ্ৰিয় ভোজপুৰী কণ্ঠশিল্পী পাটোৱাৰীয়ে অগপৰ গুৱাহাটী আমবাৰীত থকা মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আঞ্চলিক দলটোত যোগদান কৰে।
অগপৰ সভাপতি আৰু মন্ত্ৰী অতুল বৰা আৰু দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে কণ্ঠশিল্পী গৰাকীক স্বাগতম জনায়।
অসম বৰপেটাত জন্ম গ্ৰহণ কৰা আৰু গুৱাহাটীত ডাঙৰ দীঘল হোৱা কল্পনা পাটোৱাৰীয়ে অসমীয়া, ভোজপুৰী, হিন্দী, বাংলা, ইংৰাজী আৰু আন ২৫টা ভাষাত প্ৰায় ৯০০০ টা গীতত কন্ঠ নিগৰাইছে।
উল্লেখ্য যে ইয়াৰ আগতে কল্পনা পাটোৱাৰীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল।