নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী : ভক্ত-দর্শনার্থীৰ পদধূলাৰে উখল-মাখল শক্তিপীঠ কামাখ্যা

বিশেষ বাৰ্তা, ২০ জুনঃ ভক্ত–দর্শনার্থীৰ পদধূলাৰে আশিসপুষ্ট হৈ পৰিছে নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ কিয়নো অহা ২২ জুনৰ পৰা ২৫ জুনলৈ পৱিত্র কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷ ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্রবৃত্তি৷ লগে লগেই আৰম্ভ হ’ব দেৱীৰ ৰজোনিবৃত্তি কাল৷ এই সময়ছোৱাত দেৱীৰ আশীর্বাদ লাভ কৰিবলৈ দেশৰ ভক্তপ্রাণ ৰাইজৰ আগমন ঘটিছে কামাখ্যালৈ৷ ভক্ত–দর্শনার্থীৰ ভিৰত জনতাৰ মহাসমুদ্র হোৱাৰ দিশে আগবাঢ়িছে নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ প্রতিকূল বতৰ, চৌদিশৰ অস্থিৰ বাতাৱৰণ, মূল্যবৃদ্ধিৰ প্রকোপে অসমৰ লগতে সমগ্র দেশৰ জনসাধাৰণক জুৰুলা কৰি তুলিছে৷ কিন্তু দেৱীৰ আশীর্বাদৰ হেঁপাহে সকলো দুখক যেন নিমিষতে আঁতৰাই নিছে৷ কিংবদন্তি অনুসৰি দেৱীৰ এই ৰজোনিবৃত্তি কালত সমগ্র পৃথিৱী অশুচি হয়৷ অৱশ্যে পৃথিৱী অশুচি হ’লেও তান্ত্রিক সাধনাৰ বাবে এই সময়ছোৱা অতি উপযুক্ত বুলি গণ্য কৰা হয়৷ সেয়ে প্রতিবাৰৰ লেখীয়াকৈ এইবাৰো দেশৰ বিভিন্ন প্রান্তৰ সাধু–সন্ন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ৷ সাধাৰণতে বছৰৰ আন সময়ত শান্ত–সৌম্য হৈ থাকে শক্তিপীঠ কামাখ্যা৷ কিন্তু অম্বুবাচীৰ সময়ছোৱাত ভক্তি, মন্ত্র, সাধনাৰে পৱিত্রময় হৈ পৰে শক্তিপীঠ কামাখ্যা৷ যোৱা কিছুদিন ধৰি গুৱাহাটীৰ ডাৱৰীয়া বতৰৰ বাবে কামাখ্যাৰ সৌন্দর্য যেন পূর্বতকৈ অধিক বৃদ্ধি পাইছে৷ নীলাচলৰ চূড়াত এফালে কুঁৱলীৰ শুভ্র আচ্ছাদন আৰু আনফালে অম্বুবাচীৰ পূর্বে সাধু–সন্ন্যাসীসকলৰ্ পূজা–যজ্ঞ৷ এই দুয়োটা পৰিৱেশে এতিয়া আধ্যাত্মিকতাৰ প্রাণকেন্দ্রৰূপে যেন গঢ়ি তুলিলে শক্তিপীঠ কামাখ্যাক৷ উল্লেখ্য যে যোৱাবছৰ প্রায় ২২ লাখ দর্শনার্থীৰ সমাগম ঘটা কামাখ্যা ধামত এইবাৰ দর্শনার্থীৰ সংখ্যাই পূর্বৰ অভিলেখ ভংগ কৰিব বুলি আশা প্রকাশ কৰিছে কামাখ্যা দেৱালয়ৰ বৰ দলৈ কবীন্দ্র প্রসাদ শর্মাই৷ আজি অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ উদ্যোগত কামাখ্যা ধামত আয়োজিত এখন সংবাদ মেলত বৰ দলৈ শর্মাই দেৱালয়খনৰ তৰফৰ পৰা মেলা উপলক্ষে লোৱা ব্যৱস্থাৱলীসমূহৰ কথা উল্লেখ কৰে৷ অহা ২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছতেই দর্শনার্থীৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ মূল দুৱাৰ৷ অৱশ্যে ২৬ আৰু ২৭ জুন এই দুয়োদিনতে বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব৷ বৰ দলৈ শর্মাই সদৰী কৰা মতে, যাত্রীৰ বর্ধিত ভিৰৰ প্রতি লক্ষ্য ৰাখি নীলাচল পাহাৰৰ আশে–পাশে তীর্থযাত্রীৰ থকা–খোৱাৰ ব্যৱস্থা ৰখা নহয়৷ অৱশ্যে মেলাৰ কেইদিনত দর্শনার্থীৰ সুবিধার্থে প্রস্রাৱগাৰ, খোৱাপানীৰ ব্যৱস্থাসমূহ প্রশাসনৰ সহযোগত ৰখা হ’ব৷ একেদৰেই মেলাৰ কেইদিনত চৌপাশ চাফ–চিকুণকৈ ৰখাৰ বাবে দেৱালয়ৰ তৰফৰ পৰা নিজা ২০০জন চাফাই কর্মীৰ উপৰি ১০০জন অস্থায়ী চাফাই কর্মী নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে পূর্বে অম্বুবাচী মেলাৰ সময়ত কামাখ্যা ধাম চৌহদৰ কাষত নৰবলিৰ দৰে লোমহর্ষক হত্যাকাণ্ডও সংঘটিত হৈছিল৷ উক্ত নৃশংস কাণ্ডৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ প্রতি তীক্ষ্ণ দৃষ্টি এইবাৰ দেৱালয় কর্তৃপক্ষই ৰাখিছে৷ কামাখ্যা দামৰ সৰু দলৈ হিমাদ্রী শর্মাই আজি সংবাদ মেলত সদৰী কৰা মতে এইবাৰ এনেধৰণৰ নাৰকীয় ঘটনা যাতে পুনৰ নঘটে তাৰ প্রতি কঠোৰ দৃষ্টি ৰখা হ’ব৷ যাত্রীৰ সুৰক্ষাৰ বাবে আৰক্ষী–প্রশাসনৰ নিজা নিৰাপত্তাৰক্ষীৰ বাদেও দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কর্মী, ১০০জন অস্থায়ী সুৰক্ষা কর্মী নিয়োগ কৰাৰ লগতে ৫০০জন স্কাউট, ৪০০জন স্বেচ্ছাসেৱকেও মেলাৰ কেইদিনত নিৰাপত্তা দিব৷ ইয়াৰ বাদেও দেৱালয়ৰ চৌপাশে ৪০০ চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে বুলিও তেওঁ লগতে কয়৷ আনহাতে, মেলাৰ কেইদিনত নিশা ৯ বজাৰ পাছত কোনো দর্শনার্থীক কামাখ্যা ধাম অভিমুখে যাবলৈ দিয়া নহয়৷ অৱশ্যে দেৱালয়ৰ পৰা নামনি কামাখ্যালৈ ৰাইজে আহিব পাৰিব বুলি অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ সম্পাদক ভোলানাথ শর্মাই জানিবলৈ দিছে৷ ইপিনে, মেলাৰ সময়ছোৱাত দর্শনার্থী–নিৰাপত্তা যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে দিনে–নিশাই যুদ্ধকালীন তৎপৰতাত নামি পৰিছে জিলা প্রশাসনৰ কর্মীসকল৷ বৰষুণৰ মাজতো পৌৰ নিগমৰ পৰা জিলা প্রশাসন, আৰক্ষী, চিকিৎসা বিভাগৰ কর্মীয়ে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰা দেখা গ’ল৷ দেশৰ ভিতৰতে পর্যটনৰ অন্যতম কেন্দ্রবিন্দু হৈ পৰা কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাক সাফল্যমণ্ডিত কৰিবলৈ যেন সকলোৱে চেষ্টাৰ ত্রুটি কৰা নাই৷ এনেধৰণৰ দৃশ্যই আজি প্রত্যক্ষ হ’ল নীলাচল পাহাৰৰ কামাখ্যা ধামত৷

You might also like