নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত নির্মাণ হ’ব কামাখ্যা মন্দিৰ–নামঘৰ : ড০ শর্মা

🔹 পুৱতিনিশা ভূতনাথৰ কালী মন্দিৰত সপৰিয়ালে মুখ্যমন্ত্রী

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰ : মহাৰাষ্ট্রত নির্মাণ হ’ব মা কামাখ্যা মন্দিৰ আৰু নামঘৰ৷ কালি মুম্বাইৰ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একানাথ সিন্দে মা কামাখ্যাৰ ডাঙৰ ভক্ত৷ যোৱাবাৰ মুখ্যমন্ত্রী সিন্দে অসমলৈ আহোঁতে মই মহাৰাষ্ট্রত মা কামাখ্যাৰ মন্দিৰ আৰু নামঘৰ স্থাপনৰ বাবে ভূমি বিচাৰিছিলোঁ৷ তেতিয়া সিন্দেই মোক মুম্বাইলৈ আহিবলৈ আমন্ত্রণ জনায় আৰু তাতেই কথা পাতি ভূমি আবণ্টনৰ ব্যৱস্থা কৰিব বুলি কয়৷ কিন্তু মই বিভিন্ন কাৰণত ইমানদিনে মহাৰাষ্ট্রলৈ যাব পৰা নাই৷ অচিৰেই মই মহাৰাষ্ট্রলৈ গৈ সেই বিষয়ে সিন্দেৰ সৈতে আলোচনাত মিলিত হ’ম৷ কাশী বিশ্বনাথ কৰিড’ৰৰ দৰে অসমতো ৬০০ কোটি ব্যয়সাপেক্ষে কামাখ্যা কৰিড’ৰ কৰাৰ বিষয়েও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ সিন্দেই মহাৰাষ্ট্রত মা কামাখ্যা মন্দিৰ আৰু নামঘৰ স্থাপনৰ বাবে ভাল স্থানত ভূমি আবণ্টন দিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই আশা ব্যক্ত কৰে৷ সেইদৰে মহাৰাষ্ট্র চৰকাৰে অসমত মহাৰাষ্ট্র সদন স্থাপনৰ বাবে যি ভূমি আবণ্টন বিচাৰিছে সেয়াও অসম চৰকাৰে নিশ্চিতভাৱে দিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে মহাৰাষ্ট্রৰ ছত্রপতি শিৱাজীয়ে যিদৰে বীৰগাথাৰে দেশৰ সেৱা কৰিছিল, সেইদৰে অসমতো লাচিত বৰফুকনে ঔৰংগজেবক পৰাভূত কৰি মোগলক প্রতিহত কৰিছিল৷ লাচিত বৰফুকনক লৈ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এখন চিনেমা নির্মাণৰ পৰামর্শও দিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ সেইদৰে অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি ভাল বুলি উল্লেখ কৰি অনাগত দিনত ইয়াৰ আৰু উন্নয়ন হ’ব বুলি প্রকাশ কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চুবুৰীয়া ৰাষ্ট্র ভূটান, বাংলাদেশ, ম্যানমাৰৰ পৰা ছার্জাৰীকে ধৰি বিভিন্ন চিকিৎসাৰ বাবে অসমলৈ যাতে আহিব পাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা কৰি আছে বুলিও প্রকাশ কৰে৷ একেদৰে অসম চৰকাৰে বিষয়াসকলক ‘ফ্রী হেণ্ড’ কাম কৰাৰ সুযোগ দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে ‘একাউণ্টেবিলিটী’ আৰু ‘ৰেছপনচিবিলিটী’ত গুৰুত্ব দিছে৷ ইয়াৰ বাবে জিলা আয়ুক্তসকলক বদলি আদিৰ অধিকাৰ প্রদান কৰিছে৷ চৰকাৰে এইক্ষেত্রত কোনো হস্তক্ষেপ কৰা নাই৷ ইপিনে, কালি পুৱতিনিশা মুখ্যমন্ত্রী ড০ শর্মাই সপৰিয়ালে গুৱাহাটীৰ ভূতনাথৰ মা কালী মন্দিৰত উপস্থিত হৈ পূজা–অর্চনা আগবঢ়ায়৷

You might also like