নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ “মানুহৰ জীৱনলৈ সুযোগ সদায় নাহে, কিন্তু সুযোগ আহিলে ইয়াৰ সদব্যৱহাৰ কৰি কেনেদৰে সুযোগক সুবিধালৈ পৰিবৰ্তন কৰি নিজৰ লগতে সমাজৰ উত্তৰণ কৰিব পাৰি তাৰ উৎকৃষ্ট উদাহৰণ আছিল কামেশ্বৰ দাস৷ সুযোগৰ সদব্যৱহাৰ বাবে এগৰাকী অতি দুখীয়া গৰখীয়াৰ পৰা ভাল ছাত্ৰ, ভাল অধ্যাপক, গণিতজ্ঞ বা প্ৰশাসনিক বিষয়া হব পাৰিছিল কামেশ্বৰ দাস৷”- এই মন্তব্য অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া স্বপ্ননীল বৰুৱাৰ৷ বৃহত্তৰ বজালীৰ মাণিকস্বৰূপ, অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ, চি ভি ৰমণৰ ৰমণ ক্ৰিয়াত বিশেষভাৱে সহায় কৰা দক্ষ গণিতজ্ঞ, পাঠশালাৰ বজালী মহাবিদ্যালয় আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ জন্মদিন উপলক্ষে আজি পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত প্ৰথম কামেশ্বৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল কনফাৰেঞ্চ হলত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বপ্ননীল বৰুৱাই বহুমূখী প্ৰতিভাধৰ কামেশ্বৰ দাসৰ গুণ গৰিমাৰ কথা বৰ্ণনা কৰি কয় যে এক অতি উচ্চস্তৰীয় চিন্তাৰ আকৰ আছিল প্ৰয়াত কামেশ্বৰ দাস৷ কিন্তু কামেশ্বৰ দাসৰ দৰে এক মহান ব্যক্তিত্বৰ বিষয়ে আজিও বিশেষভাৱে চৰ্চা নোহোৱাটো বৰ আক্ষেপৰ বিষয় বুলি মন্তব্য কৰি তেওঁ কয় যে কেৱল একো একোটা স্নাতক সৃষ্টি কৰিবলৈ কামেশ্বৰ দাসে বজালী মহাবিদ্যালয় বা মাধৱ চৌধুৰী মহাবিদ্যালয় সৃষ্টি কৰা নাছিল৷ তেওঁৰ উদ্দেশ্য আছিল বিস্তৃত অধ্যয়নৰ সুবিধা সৃষ্টি কৰা, যি অধ্যয়নে সমাজ, দেশ গঢ়াৰ মুখ্য অৰিহণা যোগায়৷ অধ্যাপক ড৹ পৰাগ বৰ্মণে আঁত ধৰা বক্তৃতানুষ্ঠানটোত তেওঁ কয় যে বজালী অঞ্চলত গৱেষণাৰ যথেষ্ট থল আছে৷ এনে এক প্ৰেক্ষাপটতে বজালীৰ ৰাইজ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ে উমৈহতীয়াভাৱে এই দিশত মনোনিৱেশ কৰিলে কামেশ্বৰ দাসৰ দৰে লোকসকলৰ সপোন পূৰণ হব৷ যিহেতু কামেশ্বৰ দাসৰ গৱেষণা পত্ৰৰ কথা চি ভি ৰমণৰ গৱেষণা গ্ৰন্থৰ সন্দৰ্ভ সূচীত উল্লেখ আছিল সেয়েহে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংক বিভাগক চেণ্টাৰ অৱ একচেলেঞ্চ কৰি গঢ়ি তুলিব লাগে বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এই বক্তৃতানুষ্ঠানৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া তথা কটন বিশ্ববিদ্যালয়ৰ বিশেষ কর্তব্যৰত বিষয়া সত্যেন তালুকদাৰে ৰচনা কৰা প্ৰয়াত শিক্ষাবিদগৰাকীৰ জীৱনীমূলক গ্রন্থ “কামেশ্বৰ দাস- গৰখীয়াৰ পৰা এ পি এছ চিৰ অধ্যক্ষলৈ” উন্মোচন কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে কয় যে বহুমূখী প্ৰতিভাধৰ কামেশ্বৰ দাসৰ ওপৰত এনেকুৱা এখন গ্ৰন্থ প্ৰণয়ন কৰি লেখক সত্যেন তালুকদাৰে এক মহৎ কাম কৰিলে৷ দাসৰ প্ৰতিভাক বিশ্ববাসীৰ ওচৰত দাঙি ধৰাৰ প্ৰয়াসেৰে এই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰা হব বুলি উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰে৷ গ্ৰন্থখন উন্মোচন কৰাৰ পিছতে গ্ৰন্থখনৰ লেখক সত্যেন তালুকদাৰে কামেশ্বৰ দাসৰ জীনৱৰ দীঘ বাণী সামৰি বক্তৃতা প্ৰদান কৰে৷ কামেশ্বৰ দাসৰ দৰে এক বৰেণ্য ব্যক্তিত্বৰ ওপৰত এখন গ্ৰন্থ যুগুত কৰিব পৰাটো তেওঁৰ পৰম সৌভাগ্য বুলি মন্তব্য কৰে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক তথা অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়, সংগীত-নাটক অকাডেমি বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰে কামেশ্বৰ দাস সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ আনগাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক অনুপ কুমাৰ তালুকদাৰে কামেশ্বৰ দাসৰ স্মৃতি বিজড়িত বজালী আৰু বৰপেটাৰ বিভিন্ন শিক্ষানুষ্ঠানত তেওঁৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আহ্বান জনোৱাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত কামেশ্বৰ দাস স্মাৰক গৱেষণা আৰু প্ৰকাশন কোষ স্থাপনৰ বাবে উদ্যোগ লবলৈ অনুৰোধ জনায়৷ ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় চৌহদস্থিত কামেশ্বৰ দাসৰ প্ৰতিমূৰ্ত্তিত স্মৃতি তৰ্পণ কৰে স্বৰ্গীয় কামেশ্বৰ দাস স্মৃতিৰক্ষা সমিতিৰ সভাপতি মাণিক চন্দ্ৰ তালুকদাৰে৷ কেবাগৰাকী বিশিষ্ট ব্যক্তি, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী সমন্বিতে ভালেসংখ্যক লোক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠানটোৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় কামেশ্বৰ দাস স্মাৰক বক্তৃতানুষ্ঠান সমিতিৰ আহ্বায়ক তথা অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা