নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ-দৰঙৰ বান-খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

🎯শাকতোলা নৈৰ মথাউৰিৰ ছিগা অংশ তিনি দিনত বিভাগে মেৰামতি কৰিছে

🎯অহা বৰ্ষত ১৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত স্থানত মথাউৰি নিৰ্মাণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জুনঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ আৰু দৰং জিলাৰ কেইবাটাই অঞ্চল ভ্ৰমণ কৰি বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত স্থানৰ বুজ লয়। দৰং জিলাৰ শাকতোলা নৈৰ সোঁদিশত মথাউৰি ছিগি বৃহত্তৰ অঞ্চল এটাত বানৰ সৃষ্টি কৰি জনসাধাৰণক সমস্যাত পেলাইছিল। আজি মন্ত্ৰীগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰি জলসম্পদ বিভাগে যুদ্ধকালীন ক্ষীপ্ৰতাৰে মথাউৰিৰ ছিগা অংশ মেৰামতি কৰি থকাৰ প্ৰত্যক্ষ বুজ লয়। উল্লেখযোগ্য যে বিগত ১৯ জুনৰ পুৱতি নিশা শাকতোলাৰ মথাউৰি ছিগি বানৰ সৃষ্টি কৰিছিল। মন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে বিভাগীয় অভিযন্তাই এই ছিগা অংশ শীঘ্ৰে বন্ধ কৰি বান নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাৰ বাবে কাম কৰে। বিভাগীয় তৎপৰতাত মাথো তিনিটা দিনৰ ভিতৰতে মথাউৰিৰ ছিগা অংশ পুনৰ নিৰ্মাণ হৈ উঠিছে। মন্ত্ৰীগৰাকীয়ে আজি পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তক বানত ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় পৰমানন্দ ৰাজবংশী আৰু দিগন্ত কলিতাৰ সৈতে জিলাখনৰ কাহিতলীত ডিমলা নৈৰ বানৰ ফলত ক্ষতিগ্ৰস্ত জলসিঞ্চন বিভাগৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে। জলসিঞ্চন বিভাগৰ অধীনত নিৰ্মিত এই বান্ধটোৰ ছিগা অংশৰে পানী সোমাই কাষৰীয়া অঞ্চলত ব্যাপক ক্ষতিৰ সৃষ্টি কৰিছে। মন্ত্ৰী পীযুষ হাজৰীকাই এই অঞ্চল ভ্ৰমণ কৰি ছিগা বান্ধৰ পুনৰ নিৰ্মাণৰ কাম জলসম্পদ বিভাগে অহা কাইলৈৰ পৰা হাতত ল’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যদিও জলসিঞ্চন বিভাগৰ বান্ধ ছিগিছে তথাপিও এয়া ৰাজ্য চৰকাৰৰে একোটা বিভাগ আৰু বান নিয়ন্ত্ৰণৰ স্বাৰ্থত জলসম্পদ বিভাগে বাৰিষাৰ সময়ত আন বিভাগৰ ক্ষতিগ্ৰস্ত মথাউৰিও নিজা উদ্যোগত পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে। আজি পৰিদৰ্শনৰ সময়ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে অসমৰ বান নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আগতে বছৰি প্ৰায় ৪০টা মান স্থানত মথাউৰি ছিগাৰ বিপৰীতে এতিয়া এই সংখ্যা ১৫তকৈ তলত ৰাখিবলৈ জলসম্পদ বিভাগ এক প্ৰকাৰে সফল হৈছে। আনহাতে মথাউৰি ছিগাৰ লগে লগে বিভাগে আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত কম সময়ৰ ভিতৰতে মথাউৰি পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। ইতিপূৰ্বে বৰাক উপত্যকাৰ ৬টা স্থানত মথাউৰি ছিগাৰ প্ৰায় ১৫টা দিনৰ ভিতৰতে পুনৰ নিৰ্মাণ সম্ভৱ হোৱাৰ বিপৰীতে দৰঙৰ শাকতোলাত মাথোঁ তিনিটা দিনৰ ভিতৰতে মথাউৰি পুনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বান নিয়ন্ত্ৰণক যথেষ্ট গুৰুত্ব দিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে তেওঁৰ নেতৃত্বতে ৰাজ্য চৰকাৰে অহা বৰ্ষত প্ৰায় ১৫০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত অংশত নতুনকৈ মথাউৰি নিৰ্মাণ কৰিব। আজি পুৱাৰ ভাগত মন্ত্ৰী পীযুষ হাজৰীকাই কামৰূপ জিলাৰ কলাজল আৰু হালধাত উপস্থিত হৈ অঞ্চল দুটাত বানৰ বুজ লয়। কমলপুৰ সমষ্টিৰ কলাজলত কলাজল নৈৰ বাঢ়নী পানীয়ে কাষৰীয়া অঞ্চল প্লাৱিত কৰি তুলিছে। কাৰিকৰী কিছু অসুবিধাৰ বাবে এই স্থানত মথাউৰি নিৰ্মাণত সমস্যা হোৱা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে কয় অহা মঙলবাৰে বিশেষজ্ঞ আৰু বিভাগীয় অভিযন্তাৰ সৈতে তেওঁ এই বিষয়ে আলোচনাত মিলিত হৈ কলাজলৰ বান সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়াস কৰিব। আনহাতে দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল হালধাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বৰনদীৰ উন্মুক্ত অংশৰে সৃষ্টি কৰা বানৰ বুজ লয়। এই অংশত বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে শীঘ্ৰেই প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে।

You might also like