নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত কামৰূপ জিলা পৰ্যায়ৰ খেল মহাৰণ-২.০ৰ শুভাৰম্ভ

📌 খেলা-ধুলাই খেলুৱৈৰ মানসিক-শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে সমন্বয়ৰো সৃষ্টি কৰে : জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ খেলৰ জৰিয়তে জগত জিনিব পাৰি এইষাৰ কথা সৰোগত কৰিয়েই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া খেল মহাৰণ ৷ ইয়ে গ্ৰামাঞ্চলৰ প্ৰতিভাক বিকশিত কৰাৰ এক সুৱৰ্ণ সুযোগ দিছে ৷ এই মন্তব্য কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ৷ আজি শুৱালকুছিত কামৰূপ জিলা ভিত্তিত আয়োজিত খেল মহাৰণ ২.০ প্ৰতিযোগিতাখন উদ্বোধন কৰি আয়ুক্তগৰাকীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ যোগাত্মক আৰু বাস্তৱমুখী চিন্তা চৰ্চাৰ বাবে ৰাজ্যখন সকলো দিশতে আগবাঢ়ি গৈছে৷ খেল মহাৰণে নতুন নতুন খেলুৱৈৰ সৃষ্টিৰ লগতে খেলৰ প্ৰতি সকলোকে আকৰ্ষিত কৰি তুলিছে ৷ যাৰ বাবে আজি গ্ৰমাঞ্চলত খেলৰ আদৰ বহুত বাঢ়িছে ৷ আয়ুক্তগৰাকীয়ে খেলা-ধুলাই খেলুৱৈসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ লগতে খেল পথাৰত এক সমন্বয়ৰো সৃষ্টি কৰ বুলি দোহাৰে ৷ তেওঁ কয় যে প্ৰথম বছৰৰ খেল মহাৰণ অতি সফলতাৰে সমাপ্ত হোৱাৰ পিছত এইবাৰ খেল মহাৰণ ২.০ যোৱা ১৪ নবেম্বৰৰ পৰা আৰম্ভ হৈছে৷ কামৰূপ জিলাৰ ১৩৯টা পঞ্চায়ত আৰু ২টা মিউনিচিপেলিটি প্ৰথম পৰ্যায়ত খেল হোৱাৰ পিছত জিলাখনৰ ছয়টা সমস্টিৰ খেলসমুহ ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ৬ জানুৱাৰীত সামৰণি পৰিব৷ আজিৰে পৰা কামৰূপ জিলাত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ শুৱালকুছিৰ বালিচৰত অনুষ্ঠিত হৈছে ৷ খেলসমুহ ৭ ফেব্ৰুৱাৰীলৈ চলিব। সূচি অনুসৰি আজি আৰু কাইলৈ এথলেটিকছ, কাবাডী, ভলীবল, দবা আৰু শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ফুটবল খেলৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। একেদৰে ৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাৰ পৰা শুৱালকুছি বালিচৰৰ মাধৱ ক্ষেত্ৰৰ পৰা শিঙিমাৰীলৈ আৰু শিঙিমাৰীৰ পৰা পুনৰ মাধৱ ক্ষেত্ৰলৈ চাইক্লিং প্ৰতিযগিতা অনুষ্ঠিত হ’ব বুলি তেওঁ উল্লেখ কৰে৷ খেল শুভাৰম্ভৰ আগতে কামৰূপৰ আয়ুক্তই প্ৰজ্বলন কৰা অলিম্পিক শিখা লৈ দৌৰে ৰাস্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ক্ৰমে মনমোহন দাস, জাকিৰ হুছেইন, গোবিন্দ বড়ো, ধনঞ্জয় ৰাভা, প্ৰশান্ত ভৰালী আৰু ৰুমি বায়নে ৷ উদ্বোধনী অনুস্হানত উপস্থিত থাকে কামৰূপৰ উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত,শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্ত, শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা, কামৰূপ জিলাৰ জিলা ক্ৰীড়া বিষয়া সত্যব্ৰত গগৈ প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তি৷ অনুস্হানত প্ৰতিটো সমস্টিৰ পতাকা উত্তোলন কৰা হয়৷ প্ৰতিযোগিতাত হাজো-শুৱালকুছি সমষ্টি, কমলপুৰ, ৰঙিয়া, বকো, পলাশবাৰী আৰু ছয়গাঁও-ছমৰীয়া সমষ্টিৰ ১২৫০ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানত স্থানীয় শিল্পীৰ দল এটাই এটি নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ উল্লেখ্য যে এইসমূহৰ উপৰি ৮ ফেব্ৰুৱাৰীত শুৱালকুছি চুইমিং পুলত সাঁতোৰৰ জিলা পৰ্যায়ৰ প্ৰতিযোগীসকলক বাচনি কৰা হ’ব আৰু ৯ আৰু ১০ ফেব্ৰুৱাৰীত শুৱালকুছি চুইমিং পুলতে কামৰূপ, বাকসা, নলবাৰী আৰু তামুলপুৰ জিলাৰ বাবে জ’নেল পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উল্লেখ্য যে ৯ ফেব্ৰুৱাৰীত বিয়লি ৩ বজাৰ পৰা সাঁতোৰৰ প্ৰতিযোগীসকলৰ পঞ্জীয়ন কৰি ১০ ফেব্ৰুৱাৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰেৰক দিলীপ মেধি

You might also like