কামৰূপৰ পছৰীয়াত লক্ষ্মী পূজাত অংশগ্ৰহণ ৰিণিকি ভূঞা শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ কামৰূপৰ পছৰীয়াত উখল-মাখল পৰিৱেশ। এখন আবতৰীয়া লক্ষ্মী পূজা। ১১১ বছৰ গৰকা এই লক্ষ্মী পূজাখন ফাগুন মাহৰ শুক্ল নৱমী তিথিত ৭৫০টি পৰিয়ালে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে। ১১১ বছৰ আগৰ কথা, পছৰীয়াৰ কৃষকক ধন ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীয়ে সপোনতে দেখুৱাইছিল, তেওঁ পছৰীয়াতে থাকিব বিচাৰে। ইয়াৰ চিনস্বৰূপে তেওঁ এমুঠি ধানৰ ৰূপত পছৰীয়াৰ দীঘলী বিলত আছে। এই সপোনৰ কথা ৰাজহুৱা হোৱাত গাঁৱৰ ৰাইজে নাম-প্ৰসঙ্গ কৰি সপোনৰ ধানগছি আনি পছৰীয়াৰ মধ্যস্থানত স্থাপন কৰে। ধানগছি স্থাপন কৰা ঠাইখিনিতেই এটা লক্ষ্মী মন্দিৰ নিৰ্মাণ কৰি তেতিয়াৰ পৰাই পছৰীয়া গাঁওবাসীয়ে এই পূজাভাগ অনুষ্ঠিত কৰি আহিছে। এইবেলি এই পূজাভাগ মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পছৰীয়াত অনুষ্ঠিত হৈছে। মঙলবাৰে সন্ধিয়া প্ৰথম দিনা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে লক্ষ্মীদেৱীৰ প্ৰতিমা লৈ উলিয়ালে বিশাল শোভাযাত্ৰা। পছৰীয়া সাৰ্বজনীন শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই পূজাক লৈ পছৰীয়াত এতিয়া এক উৎসৱমুখৰ পৰিৱেশ। শোভাযাত্ৰাত অংশ ললে ৰিণিকি ভূঞা শৰ্মাই। এই পূজাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰি লক্ষ্মী দেৱীৰ চৰণত সেৱা লয় ৰিণিকি ভূঞা শৰ্মাই। ইফালে পছৰীয়াৰ ন’পৰাতো আজিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আঞ্চলিক লক্ষ্মী পূজা। এই পূজাভাগতো অংশ লয় ৰিণিকি ভূঞা শৰ্মাই। এই পূজাই যাতে সমাজৰ পৰা অপায়-অমংগল দূৰ কৰে তাৰ বাবেও আশিস বিচাৰিলে ৰিণিকি ভূঞা শৰ্মাই।