নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গৌৰৱ কনকলতা বৰুৱাৰ নামত পেট্র’লিং জাহাজ

ভাৰতীয় উপকূলৰক্ষী বাহিনীত সংযোজন

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  ভাৰতীয় উপকূলৰক্ষী বাহিনীত (আই চি জি) সংযোজন ঘটিল দেশৰ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া অসম গৌৰৱ বীৰাংগনা কনকলতা বৰুৱাৰ নাম৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ আই চি জিয়ে এখন দ্রুত পেট্র’লিং জাহাজ বীৰাংগনা কনকলতা বৰুৱাৰ নামেৰে নামাংকিত কৰিছে৷ এই কথা  এক টুইটযোগে সদৰী কৰে আই চি জিৰ বাবে জাহাজখন নির্মাণ কৰা সংস্থা গার্ডেন ৰিচ শ্বিপবিল্ডার্ছ এণ্ড ইঞ্জিনীয়ার্ছৰ (জি আৰ এছ ই) অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিপিন কুমাৰ ছাক্সেনাই৷ টুইটটোত ছাস্কেনাই সদৰী কৰা অনুসৰি কনকলতা বৰুৱাৰ নামেৰে নামাংকিত জাহাজখন সম্পূর্ণ থলুৱাভাবে ডিজাইন আৰু নির্মাণ কৰা হৈছে৷ ইতিমধ্যে জি আৰ এছ ইৰ তৰফৰ পৰা আই চি জিলৈ জাহাজখন হস্তান্তৰ কৰা বুলি উল্লেখ কৰি ছাক্সেনাই কয় যে ক’ভিড–১৯জনিত পৰিস্থিতি সত্ত্বেও থলুৱাভাৱে ডিজাইন আৰু নির্মাণ কৰা জাগাজখনে আই চি জিৰ সক্ষমতাক অধিক শক্তিশালী কৰিব৷ ই দেশৰ সামুদ্রিক পথৰ নিৰাপত্তাত আত্মনির্ভৰতা ৰূপে চিহ্ণিত হ’ব৷

You might also like